ইতিহাসৰ আজিৰ দিনত
২৬ জুন
ঘটনাৱলী
- ১৯৩৫পেৰিছত হেলিকপ্তাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল।
- ১৯৪৯অসমীয়া দৈনিক বাতৰি কাকত 'নতুন অসমীয়া' প্ৰকাশ হৈছিল।
- ১৯৬২ভাৰতৰ বিখ্যাত সংগীত কোম্পানী এইচ এম ভিৰ হৈ দীপালী বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক' গীতটিৰ বাণীবন্ধন হয়।
- ২০১১ডাইনী সন্দেহত মোনাবাৰী চাহ বাগিচাত কিশোৰী সহ ৪ জনক হত্যা কৰা হয় আৰু লখিমপুৰ জিলাতো ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা কৰা হয়।
- ২০১১অসমত পৰিবেশ বিশ্ববিদ্যালয় লাগে বুলি ৰাজ্যৰ সকলো প্ৰান্তত ধৰ্না কাৰ্যসূচী পালন কৰে ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে।
জন্ম
- ১৮৩৮বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, ভাৰতীয় সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ। বন্দে মাতৰম্ৰ লেখক।
- ১৮৭৩গৌহৰ জান, ভাৰতীয় কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।
- ১৮৮২সাৰদা মেহতা, ভাৰতীয় সমাজ-সংস্কাৰক।
- ১৯১৮ৰাম ৰাঘোবা ৰাণে, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
- ১৯২৬মহেন্দ্ৰ ভাটনাগৰ, ভাৰতীয় কবি।
- ১৯৪৬অৰুণা ৰায়, ভাৰতীয় ৰাজনীতিক আৰু সমাজকৰ্মী।
- ১৯৯২মনপ্ৰীত সিং, ভাৰতীয় ফিল্ড হকী খেলুৱৈ।
- ১৯৯৩এৰিএনা গ্ৰেণ্ড, আমেৰিকাৰ গায়িকা, লেখিকা আৰু অভিনেত্ৰী।
মৃত্যু
- ১৮৩০চতুৰ্থ জৰ্জ, ইংলেণ্ডৰ ৰজা।
- ২০০১সত্য প্ৰসাদ বৰুৱা, অসমীয়া নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক আৰু গৱেষক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ