অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৬ ডিচেম্বৰ

ঘটনাৱলী

  • ১৮৯৭লণ্ডন চহৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত টেক্সিকেব সেৱা প্ৰদান কৰা বিশ্বৰ প্ৰথমখন চহৰ হিচাপে পৰিগণিত হয়।
  • ১৯১৭ফিনলেণ্ড-এ ৰাছিয়ান সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯৯২বাবৰি মছজিদ ধ্বংস কৰা হয়। বিশ্ব হিন্দু পৰিষদ আৰু সহযোগী সংগঠনসমূহৰ এক বৃহৎ কৰ্মীৰ দ্বাৰা বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। উত্তৰ প্ৰদেশৰ অযোধ্যা চহৰৰ ষোড়শ শতিকাৰ বাবৰি মছজিদ এক দীঘলীয়া সামাজিক-ৰাজনৈতিক বিবাদৰ বিষয় হৈ আছিল। হিন্দু জাতীয়তাবাদী সংগঠনসমূহৰ দ্বাৰা আয়োজিত এক ৰাজনৈতিক সমদল হিংসাত্মক ঘটনালৈ ৰূপ লোৱাৰ পিছত সকলোৱে ইয়াক লক্ষ্য কৰি লৈছিল। এই হিংসাত্মক ঘটনাৰ ফলত প্ৰায় ১৫০০লোকৰ মৃত্যু হৈছিল।
  • ২০২২শ্ৰীলংকাত অৱস্থিত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত সঞ্চালক ৰূপে যোগদান অধ্যাপক অংকুৰণ দত্তৰ৷ যশস্বী লেখক অৰূপ কুমাৰ দত্তৰ পিছত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ অধীনত বিদেশৰ কোনো ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী হোৱা অধ্যাপক দত্ত দ্বিতীয়জন অসমীয়া৷ উল্লেখযোগ্য যে ২০০৪ চনৰ পৰা ২০০৮ চনলৈ ইণ্ডোনেছিয়াৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অৰূপ কুমাৰ দত্তই৷

জন্ম

  • ১৮৫৩হৰপ্ৰসাদ শাস্ত্ৰী, যাক হৰপ্ৰসাদ ভট্টাচাৰ্য বুলিও জনা যায়। এগৰাকী ভাৰতীয় শিক্ষাবিদ, সংস্কৃত পণ্ডিত আৰু বাংলা সাহিত্যৰ ইতিহাসবিদ আছিল। তেওঁ বাংলা সাহিত্যৰ প্ৰাচীনতম চৰ্যাপদ আৱিষ্কাৰ কৰাৰ বাবে সৰ্বাধিক জনাজাত। মৃত্যু ১৭ নৱেম্বৰ, ১৯৩১।
  • ১৮৯৬কৃষ্ণানন্দ ব্ৰহ্মচাৰী, অসমৰ সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰু, আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু।
  • ১৯৩৬সাৱিত্ৰী গনেশান, ভাৰতীয় অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক।
  • ১৯৪২পিটাৰ হেণ্ডকে, অষ্ট্ৰিয়ান ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ আৰু অনুবাদক।
  • ১৯৪৭প্ৰবীণ কুমাৰ সোবটি, ভাৰতীয় এথলেটিকছ খেলুৱৈ, অভিনেতা আৰু “সীমান্ত সুৰক্ষা বল”ৰ সৈনিক।
  • ১৯৮৫ৰুদ্ৰ প্ৰতাপ সিং এজন ভাৰতীয় প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ, যি টেষ্ট, এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টুৱেণ্টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ ক্ৰিকেট দলৰ হৈ বাওঁহাতৰ ফাষ্ট-মিডিয়াম বলাৰ হিচাপে খেলিছিল। ২০১৮ চনৰ ছেপ্টেম্বৰত তেওঁ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে।
  • ১৯৮৮ৰবীন্দ্ৰসিংহ অনিৰুদ্ধসিংহ জাদেজা, যাক সাধাৰণতে ৰবীন্দ্ৰ জাদেজা বুলি জনা যায়, এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ এজন অলৰাউণ্ডাৰ, যি বাওঁহাতেৰে বেটিং কৰে আৰু বাওঁহাতৰ অৰ্থোডক্স স্পিন বল কৰে। তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চেন্নাই চুপাৰ কিংছৰ অধিনায়ক আছিল। তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৌৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে। তেওঁক চলিত দশকৰ এজন শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে গণ্য কৰা হয়।

মৃত্যু

  • ১৯৫৬ভীমৰাও ৰামজী আম্বেদকাৰ, ভাৰতীয় সংবিধান প্ৰণেতা। তাৰোপৰি তেওঁ এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেতা আছিল যি সংবিধান সভাৰ বিতৰ্কৰ পৰা ভাৰতৰ সংবিধান প্ৰস্তুত কৰা সমিতিৰ নেতৃত্ব দিছিল। জৱাহৰলাল নেহৰুৰ প্ৰথম মন্ত্ৰীসভাত আইন আৰু ন্যায় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু হিন্দু ধৰ্ম ত্যাগ কৰাৰ পিছত দলিত বৌদ্ধ আন্দোলনক অনুপ্ৰাণিত কৰিছিল। জন্ম ১৪ এপ্ৰিল, ১৮৯১।
  • ১৯৮২ৰোচন আৰা বেগম, পাকিস্তানী শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী।
  • ১৯৯৭জগমোহন কৌৰ, পঞ্জাবী কণ্ঠশিল্পী।
  • ২০০৬বীণা ৰায়, ভাৰতীয় চলচ্চিত্ৰ জগতৰ ক’লা-বগা যুগৰ অভিনেত্ৰী। তেওঁক আনাৰকলী (১৯৫৩), ঘুঙ্ঘট (১৯৬০), তাজমহল (১৯৬০) আদি ক্লাচিক ছবিত কৰা অভিনয়ৰ বাবে বহুল ভাবে জনা যায়। ঘুঙ্ঘট ছবিয়ে তেওঁলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা কঢ়িয়াই আনিছিল।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ