ইতিহাসৰ আজিৰ দিনত
৫ ডিচেম্বৰ
ঘটনাৱলী
- ১৯৫০চীনা সৈন্যই উত্তৰ কোৰিয়াৰ ৰাজধানী প্যংয়াংৰ পৰা ৰাষ্ট্ৰসংঘৰ বাহিনীক খেদি পঠিয়াই।
- ১৯৬৯অসমবাসীয়ে কৰা আন্দোলনৰ ফলস্বৰূপে অসমৰ তৃতীয়টো শোধনাগাৰ ভাৰত চৰকাৰে বঙাইগাঁও তেল শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্প স্থাপন কৰিবলৈ লোৱাৰ কথা ঘোষণা কৰিছিল।
- ১৯৯৫শ্ৰীলংকাৰ সৈন্যয়ে ৪৯ দিন চলা অভিযানৰ অন্তত টামিল টাইগাৰ বাহিনীৰ পৰা জাফনা দখল কৰে।
- ২০১৮আজিৰ দিনটোতে ২৪টা ভাৰতীয় ভাষাৰ বাবে ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হয়। অসমীয়া ভাষাত কাইলৈৰ দিনটো আমাৰ হ'ব কবিতা পুথিৰ বাবে কবি সনন্ত তাঁতিলৈ আৰু বড়ো ভাষাৰ ছুটি গল্পৰ সংকলন দৌংছে লামা গ্ৰন্থৰ বাবে ঋতুৰাজ বসুমতাৰীলৈ এই বঁটা আগবঢ়োৱা হয়।
- ২০২১নাগালেণ্ডৰ ম'ন জিলাত ভাৰতীয় সেনাৰ দ্বাৰা ১৩ জন নিৰীহ নগালোকক গুলীয়াই হত্যা। এনে এছ চি চনৰ সন্দেহত চলোৱা এই গুলীচালনাত তীব্ৰ প্ৰতিক্ৰিয়া, গাওঁবাসীৰ প্ৰত্যাক্ৰমণত দুজনকৈ সেনা জোৱান নিহত, জ্বলাই দিয়া হ'ল ম'ন জিলাস্থিত অসম ৰাইফলছৰ শিবিৰ। সমগ্ৰ নাগালেণ্ডৰ পৰিস্থিতি অধিক অৱনতি যাৰ ফলত গোটেই ৰাজ্যখনতে ইন্টাৰনেট আৰু এছ এছ এছ সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়।
জন্ম
- ১৯০১ৱাল্ট ডিজনী, আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক (মৃ: ১৯৬৬)
- ১৯০১ৱাৰ্নাৰ হাইজেনবাৰ্গ, ন'বেল বটা প্ৰাপ্ত এজন জাৰ্মান ত্বাত্তিক পদাৰ্থবিজ্ঞানী আৰু বিজ্ঞানৰ কোৱাণ্টাম বলবিজ্ঞান(quantum mechanics) ভাগটোৰ এজন গুৰুত্বপূৰ্ণ অৱদনকাৰী তথা সৃষ্টকৰ্তা (মৃ: ১৯৭৬)
- ১৯১৩আজলীতৰা নেওগ, অসমীয়া শিশু সাহিত্যিক আৰু কবি। অসমীয়া প্ৰখ্যাত সাহিত্যিক বেণুধৰ ৰাজখোৱাৰ জীয়ৰী আৰু ডিম্বেশ্বৰ নেওগৰ পত্নী আজলীতৰা নেওগে ৰচনা কৰা শিশু গ্ৰন্থসমূহ হ'ল— ‘আলিবাবা আৰু দুকুৰি ডকাইত’, ‘সিন্দবাদ আৰু সাতোটি জলযাত্ৰা’, ‘আলাউদ্দিন আৰু এটি আচৰিত চাকি’, ‘আনন্দৰাম ঢেকিয়াল ফুকন’, ‘গুণাভিৰাম বৰুৱা’। মৃত্যু ১ নৱেম্বৰ, ১৯৪৯।
- ১৯২৪নেক চান্দ চে'নি, ভাৰতীয় শিল্পী যাক চণ্ডীগড়ৰ ১৮ একৰ মাটি আৱৰি ৰখা বিখ্যাত ৰক গাৰ্ডেনৰ নিৰ্মাতা হিচাপে জনা যায়।
- ১৯৩৮ৰঘুবীৰ চৌধাৰী, গুজৰাটৰ ঔপন্যাসিক, কবি আৰু সমালোচক।
- ১৯৭৪ৰবীশ কুমাৰ, ভাৰতীয় টিভি এংকৰ, সাংবাদিক, লেখক আৰু মিডিয়া ব্যক্তিত্ব।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ