অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২ অক্টোবৰ

ঘটনাৱলী

  • ১১৮৭চুলতান ছালাদিনে ক্ৰূছেডাৰৰ পৰা জেৰুজালেম দখল কৰে।
  • ১৫৩৫জেক কাৰ্টিয়াৰে মাউণ্ট ৰয়েল (মণ্ট্ৰিয়েল, ইংঃ Montreal) আৱিষ্কাৰ কৰে।
  • ১৮৩৬সাগৰত ৫ বছৰ থকাৰ পিছত চাৰ্লছ ডাৰউইনে এইচএমএছ বিগলত উঠি ইংলেণ্ডলৈ উভতি আহে।
  • ১৯৮৬শিখসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যাৰ চেষ্টা কৰিছিল।
  • ১৯৮৮প্ৰাক্তন বিশ্ব হেভিৱেট বক্সিং চেম্পিয়ন লেন'ক্স লিৱিছে কানাডাক প্ৰতিনিধিত্ব কৰি চিউল অলিম্পিকত চুপাৰ-হেভিৱেটত স্বৰ্ণ পদক জয় কৰে।

জন্ম

  • ১৪৫২ৰিচাৰ্ড তৃতীয়, ইংলেণ্ডৰ ৰজা (১৪৮৩-৮৫), ইংলেণ্ডৰ নৰ্থম্পটনছায়াৰৰ ফোথাৰিংহাই কেচেলত জন্মগ্ৰহণ কৰিছিল। (জঃ ১৪৮৫)
  • ১৮৪৭প'ল ভন হিণ্ডেনবাৰ্গ, প্ৰথম বিশ্বযুদ্ধৰ জাৰ্মান সেনাপতি আৰু জাৰ্মানীৰ ৰাষ্ট্ৰপতি (১৯২৫-৩৪), প্ৰুছিয়াৰ প'চেনৰ ডাচীত জন্মগ্ৰহণ কৰিছিল। (জঃ ১৯৩৪)
  • ১৮৫২ছাৰ ৱিলিয়াম ৰামছে, স্কটিছ ৰসায়নবিদ যিয়ে নিয়ন, ক্ৰিপ্টন আৰু জেনন আৱিষ্কাৰ কৰিছিল আৰু আৰ্গন, ৰেডন, কেলচিয়াম আৰু বেৰিয়ামৰ সহ-আৱিষ্কাৰক আছিল। ১৯০৪ চনত তেওঁক ৰসায়ন বিজ্ঞানৰ নবেল বঁটা প্ৰদান কৰা হয়।
  • ১৮৬৯মোহনদাস কৰমচান্দ গান্ধী, জাতিৰ পিতা, অহিংসাৰ পূজাৰী আৰু ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা।
  • ১৯০৪লালবাহাদুৰ শাস্ত্ৰী, ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী।
  • ১৯০৯আনন্দিৰাম দাস, অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ।
  • ১৯৫১অনিল বৰা, ছাত্ৰ যুৱনেতা আৰু অসমৰ মাধ্যম আন্দোলনৰ ছহিদ।
  • ১৯৬৩মাৰিয়া এঞ্জেলিটা ৰেচ্ছা, ফিলিপাইনছৰ সাংবাদিক আৰু লেখক।
  • ১৯৬৬কৃষ্ণ কুমাৰ মেনন, কে কে মেননৰ দ্বাৰা অধিক পৰিচিত, এজন ভাৰতীয় অভিনেতা যি মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কাম কৰে, আৰু লগতে গুজৰাটী, তামিল, মাৰাঠী আৰু তেলেগু চলচ্চিত্ৰতো কাম কৰে।
  • ১৯৯৭লাভলীনা বৰগোহাঁই বা লাভলীনা বৰগোহাঞি, এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি।
  • ২০১১লিচিপ্ৰিয়া কাংগুজাম, ভাৰতৰ শিশু পৰিৱেশ কৰ্মী।

মৃত্যু

  • ১৮৫৩ফ্ৰেন্সফৰ আৰাগ' (ফৰাছী: François Arago), ফৰাচী পদাৰ্থবিজ্ঞানী আৰু জ্যোতিৰ্বিজ্ঞানী, সূৰ্যৰ ক্ৰমমণ্ডল (chromosphere) আৱিষ্কাৰ কৰিছিল (নিম্ন বায়ুমণ্ডল, মুখ্যতঃ হাইড্ৰজেন গেছৰ দ্বাৰা গঠিত) আৰু গ্ৰহবোৰৰ ব্যাসৰ সঠিক অনুমান কৰিছিল।(জন্ম: ২৬ ফেব্ৰুৱাৰী ১৭৮৬)
  • ১৯০৬ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। (জন্ম: ২৯ এপ্ৰিল, ১৮৪৮)
  • ১৯৫৩জ'ন মাৰ্টিন, আমেৰিকান চিত্ৰশিল্পী।
  • ১৯৬৬ৰিচাৰ্ড এডৱিন শ্ব'প, আমেৰিকান ভাইৰ'ল'জিষ্ট, যি ৰকফেলাৰ ইনষ্টিটিউটত তেওঁৰ পৰামৰ্শদাতা পল এ লুইছৰ সৈতে একেলগে ১৯৩১ চনত গাহৰিৰ ক্ষেত্ৰত ইনফ্লুৱেঞ্জা ভাইৰাছ - A চিনাক্ত কৰে। (জন্ম: ডিচেম্বৰ ২৫, ১৯০১)
  • ১৯৭৫কুমাৰ স্বামী কামৰাজ নাদাৰ, তেখেত তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু সাংসদ আছিল।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ