অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১ অক্টোবৰ

ঘটনাৱলী

  • ১৯০৮হেনৰী ফৰ্ডে মডেল টি কাৰ প্ৰৱৰ্তন কৰে, মূল্য ৮২৫ ডলাৰ আছিল।
  • ১৯৫৮নাকাৰ (NACA) নাম সলনি কৰি নাছা (NASA) কৰা হৈছিল। ইয়াৰ আগতে National Advisory Committee for Aeronautics বা চমুকৈ NACA নামেৰে জনা গৈছিল।
  • ১৯৬৪টকিঅ অলিম্পিকৰ লগত সংগতি ৰাখি জাপানত ঘণ্টাত ৩২০ কিলোমিটাৰ বেগত বুলেট ৰেলৰ প্ৰচলন আৰম্ভ কৰা হৈছিল।
  • ১৯৮২চনীয়ে জাপানত প্ৰথম চিডি প্লেয়াৰ লাঞ্চ কৰিছিল। সেই সময়ত ইয়াৰ মূল্য আছিল ৫০ হাজাৰ টকা।
  • ২০০০চিডনীত অনুষ্ঠিত অলিম্পিকৰ সামৰণি হৈছিল।

জন্ম

  • ১২০৭হেনৰী তৃতীয়, যাক উইনচেষ্টাৰৰ হেনৰী বুলিও জনা যায়, ১২১৬ চনৰ পৰা ১২৭২ চনত তেওঁৰ মৃত্যুৰ লৈকে ইংলেণ্ডৰ ৰজা, আয়াৰলেণ্ডৰ লৰ্ড আৰু ডিউক অৱ একুইটাইন আছিল।
  • ১৬৮৫চাৰ্লছ ষষ্ঠ, ৰোমান সম্ৰাট (১৭১১-৪০), ভিয়েনাৰ হফবাৰ্গ প্ৰাসাদত জন্ম হৈছিল। (মৃত্যু ১৭৪০)
  • ১৮৪৭এনী বেছাণ্ট (Annie Besant), ইংৰাজ সমাজকৰ্মী, লেখিকা আৰু বক্তা আছিল।
  • ১৮৮১ৱিলিয়াম ই ব'য়িং (William E. Boeing), আমেৰিকাৰ উৰাজাহাজ, কৃত্ৰিম উপগ্ৰহ আৰু ৰকেট নিৰ্মাণ কৰা ব'য়িং কোম্পানীৰ প্ৰতিষ্ঠাতা।
  • ১৮৯৩য়িপ মেন, চীনা সমৰকলাবিদ আৰু সমৰকলা ৱিং চুনৰ গ্ৰেণ্ডমাষ্টাৰ আছিল। তেওঁৰ কেইবাজনো শিক্ষাৰ্থী আছিল যি পিছলৈ তেওঁলোকৰ নিজৰ ক্ষেত্ৰত সমৰকলাৰ স্নাতকোত্তৰ হৈছিল, তেওঁলোকৰ ভিতৰত আটাইতকৈ বিখ্যাত আছিল ব্ৰুছ লী। (জঃ ২ ডিচেম্বৰ, ১৯৭২)
  • ১৯০৪এ কে গোপালন, কমিউনিষ্ট নেতা আৰু লোকসভাৰ প্ৰথম বিৰোধী দলপতি।
  • ১৯০৬এছ.ডি. বৰ্মন, ভাৰতীয় গীতিকাৰ। (মৃত্যু ১৯৭৫)
  • ১৯১৯মজৰূহ চুলতানপুৰী, ভাৰতীয় প্ৰখ্যাত কবি আৰু গীতিকাৰ। ১৯৯৩ চনত তেওঁক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল।
  • ১৯৪৫ৰাম নাথ কোৱিন্দ, ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাতত জন্ম হৈছিল।
  • ১৯৮৪ৰিম্পী দাস, অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰ জন্ম হৈছিল।

মৃত্যু

  • ১৬২৭ৰহিম বা খানজাদা মিৰ্জা খান আব্দুল ৰহিম, মোগল সম্ৰাট আকবৰৰ ৰাজসভাৰ নৱৰত্ন, কবি আৰু পৰামৰ্শদাতা, যাক খান-ই-খানান বুলিও জনা যায়। তেওঁ আকবৰৰ ৰাজসভাৰ নজন গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ (দেৱান) এজন আছিল। (জঃ ১৭ ডিচেম্বৰ, ১৫৫৬)
  • ১৯৭২লুই লিকি (Louis Leakey), ব্ৰিটিছ জীৱাশ্মবিদ বা পেলিঅ'নৃতত্ত্ববিদ (Paleoanthropologists) আৰু পুৰাতত্ত্ববিদ, ওল্ডুৱাই গৰ্জত ৬৮ বছৰ বয়সত মৃত্যু হৈছিল।
  • ১৯৮৫এলৱিন ব্ৰুকছ হোৱাইট (Elwyn Brooks White), আমেৰিকান লেখক। তেওঁ শিশুসকলৰ বাবে কেইবাখনো অত্যন্ত জনপ্ৰিয় কিতাপ ৰচনা কৰিছিল, যাৰ ভিতৰত আছিল ষ্টুৱাৰ্ট লিটল (১৯৪৫), চাৰ্লটছ ৱেব (১৯৫২), আৰু দা ট্ৰাম্পেট অৱ দা চোৱান (১৯৭০)।
  • ১৯৯৫আদিত্য বিক্ৰম বিৰলা, এজন ভাৰতীয় উদ্যোগপতি আছিল। (জঃ ১৪ নৱেম্বৰ, ১৯৪৩)
  • ২০১৩টম ক্লেঞ্চি বা থমাছ লিঅ ক্লেঞ্চি জুনিয়ৰ এজন আমেৰিকান ঔপন্যাসিক আছিল। তেওঁ শীতল যুদ্ধৰ সময়ত আৰু পিছত হোৱা নিৰ্ধাৰিত কাৰিকৰীভাৱে বিতং গুপ্তচৰবৃত্তি আৰু সামৰিক-বিজ্ঞানৰ কাহিনীৰ বাবে জনাজাত। (জন্মঃ ১২ এপ্ৰিল, ১৯৪৭)

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ