ইতিহাসৰ আজিৰ দিনত
১২ অক্টোবৰ
ঘটনাৱলী
- ১৯৫৭ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান ভিলাই ইস্পিট কাৰখানাত প্ৰথম ইস্পিট উৎপাদন আৰম্ভ হয়।
- ১৯৮৬মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদেৰাত ভূমিকম্পৰ ফলত ১৮০০ লোকৰ মৃত্যু হয়।
- ১৯৯০বিশ্বৰ কনিষ্ঠতম পৰ্বতাৰোহী ফ্ৰান্সৰ বেট্ৰাণ্ড ৰোছে এভাৰেষ্ট শৃংগ আৰোহণ কৰে।
- ১৯৯৭দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত হিন্দী চলচ্চিত্ৰ অভিনেতা চলমান খানক গ্লেপ্তাৰ কৰা হয়।
- ১৯৯৮সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
- ১৯৯৯পাকিস্তানত সামৰিক শাসন আৰম্ভ হয়। পাৰভেজ মুছৰফৰ ক্ষমতা দখল। নৱাব শ্বৰীফ গৃহবন্দী হয়।
- ১৯৯৯ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি বুলি ঘোষণা কৰে।
জন্ম
- ১৮৬৪কামিনী ৰায়, ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী কৰ্মী।
- ১৯১১বিজয় মাৰ্চেণ্ট, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।(মৃঃ ১৯৮৭)
- ১৯২৭পূৰ্ণিমা সিন্হা, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
- ১৯৩১ডাঃ ভূমিধৰ বৰ্মন, অসমৰ এজন ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ১৯৩৫শিৱৰাজ পাটিল, ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ, ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী।
- ১৯৪৮প্ৰতিমা গৌৰী বেদী, ভাৰতীয় মডেল তথা ওদিছি নৃত্যশিল্পী।
- ১৯৮৬লি ৱেনলিয়াং, চীনা চকুৰোগ বিশেষজ্ঞ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ