অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১১ অক্টোবৰ

ঘটনাৱলী

  • ১৬৩৪নৰ্থ ফ্ৰিজলেণ্ড, ডেনমাৰ্ক আৰু জাৰ্মানীত হোৱা বুৰ্চাৰ্ডি বানপানীৰ ফলত প্ৰায় ১৫,০০০ লোকৰ মৃত্যু হয়।
  • ১৭৩৭গ্ৰেট বেংগল ঘূৰ্ণীবতাহে ভাৰতত ৩,০০,০০০ লোকৰ মৃত্যু ঘটাইছিল আৰু কলিকতাৰ আধা অংশ ধ্বংস কৰিছিল বুলি জনা যায়।
  • ১৯৫৮নাছাই পায়'নিয়াৰ ১ উৎক্ষেপণ কৰে, এইয়া নাছাক প্ৰথম মহাকাশ অভিযান যদিও ই এক স্থিৰ কক্ষপথ প্ৰাপ্ত কৰাত ব্যৰ্থ হয়।
  • ১৯৬৮নাছাই এপ'লো ৭ উৎক্ষেপণ কৰে, এইয়া হৈছে প্ৰথম সফল মানৱ চালিত এপ'লো অভিযান।
  • ১৯৮৮বাংগালোৰত আনুষ্ঠানিক ভাৱে জনতা দল গঠন কৰা হয়। দলৰ নেতা নিৰ্বাচিত হয় বিশ্বনাথ প্ৰতাপ সিং।
  • ২০০০নাছাই এছটিএছ-৯২ উৎক্ষেপণ কৰে, এইয়া হৈছে নাছাৰ শততম স্পেচ শ্বাটল অভিযান।
  • ২০০১ভাৰতীয় মূলৰ সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপললৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়।
  • ২০০৬কিৰণ দেশাইয়ে তেওঁৰ "দি ইনহেৰিটেন্স অব্ লছ" উপন্যাসৰ বাবে বুকাৰ বঁটা লাভ কৰে।
  • ২০০৭ব্ৰিটিছ লেখিকা ডৰিছ লেছিঙলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়। এই বঁটা লাভ কৰা লেছিঙেই আটাইতকৈ বয়সিয়াল ব্যক্তি।

জন্ম

  • ১৮৮১লিৱিছ ফ্ৰাই ৰিচাৰ্ডছন (Lewis Fry Richardson), ইংৰাজ গণিতজ্ঞ, পদাৰ্থ বিজ্ঞানী, বতৰবিজ্ঞানী আৰু মনোবিজ্ঞানী। গণিতৰ ফ্ৰেক্টেল(fractal), ৰিচাৰ্ডছন এক্সট্ৰাপ'লেছন (Richardson extrapolation) আৰু বৈজ্ঞানিক মডেলিঙৰ (Scientific modelling) উদ্ভাৱক। ইয়াৰ উপৰিও যুদ্ধৰ গাণিতিক বিশ্লেষণ, বতৰৰ আগজাননী, আৰু উপকূল ৰেখা আৰু সীমাৰ দৈৰ্ঘ্যৰ ওপৰত কৰা গৱেষণাৰ বাবে জনা যায়।
  • ১৮৮৪এনা এলেনোৰ ৰুজভেল্ট, আমেৰিকান ৰাজনৈতিক ব্যক্তিত্ব, কূটনীতিবিদ আৰু সমাজকৰ্মী। (মৃত্যু: ৭ নৱেম্বৰ, ১৯৬২)
  • ১৯০২জয়প্ৰকাশ নাৰায়ণ, ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা।
  • ১৯২৩হৰিশ-চন্দ্ৰ, ভাৰতীয়-আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী।
  • ১৯৩০কে পি উম্মাৰ, মালয়ালম ভাষা চিনেমাৰ অভিনেতা।
  • ১৯৪২অমিতাভ বচ্চন, ভাৰতীয় চলচ্চিত্ৰৰ মেগা ষ্টাৰ।
  • ১৯৪৬বিজয় পাণ্ডুৰং ভাটকাৰ, ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী, তথ্য প্ৰযুক্তি নেতা আৰু শিক্ষাবিদ।
  • ১৯৬৮চন্দ্ৰচুৰ সিং, ভাৰতীয় অভিনেতা।
  • ১৯৯২কাৰ্ডি বি, আমেৰিকান ৰেপ গায়িকা।
  • ১৯৯৩হাৰ্দিক পাণ্ড্যা, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।

মৃত্যু

  • ১৮০৯মেৰিৱেডাৰ লুইছ, আমেৰিকান অভিযাত্ৰী, সৈনিক আৰু প্ৰশাসক, তেওঁ লুইছ আৰু ক্লাৰ্ক অভিযানৰ নেতৃত্ব দিয়াত সহায় কৰিছিল।
  • ১৮৮৯জেমছ প্ৰেছকট জুল, ইংৰাজ পদাৰ্থবিদ।
  • ১৯১৯কাৰ্ল এডলফ গেলেৰপ (Karl Adolph Gjellerup), ডেনমাৰ্কৰ কবি তথা ঔপন্যাসিক।
  • ১৯৪০ভিটো ভলটেৰা, ইটালিয়ান গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী, গাণিতিক জীৱবিজ্ঞান আৰু অবিচ্ছেদ্য সমীকৰণত তেওঁৰ অৱদানৰ বাবে জনাজাত, কাৰ্যকৰী বিশ্লেষণৰ অন্যতম প্ৰতিষ্ঠাপক।
  • ১৯৮৪খাণ্ডেৰাও ৰংনেকাৰ, ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ।
  • ১৯৯৬লাৰ্ছ ভেলেৰিয়ান আহলফৰ্ছ, ফিনিছ গণিতজ্ঞ, ৰিমান পৃষ্ঠ আৰু জটিল বিশ্লেষণৰ বাবে তেখেত জনাজাত।
  • ১৯৯৯জেমছ ফ্ৰেংকলিন হাইড, আমেৰিকান বিজ্ঞানী, তেখেতে চিলিকা সৃষ্টি কৰিছিল
  • ২০০২দীনা পাঠক, ভাৰতীয় অভিনেত্ৰী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ