কেৰিবিয়ান সাগৰ পশ্চিম গোলাৰ্ধত অৱস্থিত আটলান্টিক মহাসাগৰৰ এখন সাগৰ৷ এই সাগৰৰ পশ্চিমে মেক্সিকোৰ Yucatán Peninsula, পশ্চিম-দক্ষিণ দিশত কেন্দ্ৰীয় আমেৰিকা, উত্তৰে কিউবা, পূবে Lesser Antilles আৰু দক্ষিণে দক্ষিণ আমেৰিকাৰ সাগৰীয় উত্তৰ পাৰ (north coast)৷
কেৰিবিয়ান সাগৰ, ৱেষ্ট ইণ্ডিজৰ অসংখ্য দ্বীপ আৰু কাষৰীয়া সাগৰীয় অঞ্চলসমূহক একেলগে ’কেৰিবিয়ান ( 'the Caribbean') বুলি জনা যায়৷ কেৰিবিয়ান সাগৰ বৃহৎ সাগৰসমূহৰ ভিতৰত অন্যতম আৰু ইয়াৰ কালি প্ৰায় ২,৭৫৪,০০০ বৰ্গ কিলোমিটাৰ ৷১ এই সাগৰৰ আটাইতকৈ গভীৰ অংশৰ নাম Cayman Trough যাৰ গভীৰতা ৭,৬৮৬ মিটাৰ৷ ই কেইমেন দ্বীপ (Cayman Islands) আৰু জামাইকা (Jamaica) ত অৱস্থিত৷ কেৰিবিয়ান সাগৰত বহুতো খাদ আৰু উপসাগৰ আছে- Gulf of Gonâve, Gulf of Venezuela, Gulf of Darién, Golfo de los Mosquitos, Gulf of Paria আৰু Gulf of Honduras.

কেৰিবিয়ান সাগৰত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ প্ৰবাল প্ৰাচীৰ (barrier reef) আছে বুলি জনা যায়৷ এই প্ৰবাল প্ৰাচীৰৰ নাম Mesoamerican Barrier Reef৷ এই প্ৰাচীৰ মেক্সিকো, বেলিজ, গুৱাটেমালা আৰু হণ্ডুৰাছৰ প্ৰায় ৬০০ মাইল জুৰি বিস্তৃত হৈ আছে৷
লগতে চাওক
- Snyderman, Marty (1996) Guide to Marine Life: Caribbean-Bahamas-Florida; page 13-14, 19. Aqua Quest Publications, Inc. ISBN 1-881652-06-8
- Glover K., Linda (2004) Defying Ocean's End: An Agenda For Action; page 9. Island Press. ISBN 1-55963-755-2
- Peters, Philip Dickenson (2003) Caribbean WOW 2.0; page 100. Islandguru Media. ISBN 1-929970-04-8
- Reefs at Risk in the Caribbean: Economic Valuation Methodology, World Resources Institute 2007.
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ The Caribbean Sea All The Sea. URL last accessed May 7, 2006
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰিবিয়ান সাগৰ” প্ৰবন্ধৰ সংশোধন ৫৪৬১৪৪ (২৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।