
ৱিকিমিডিয়া কমন্স বা ৱিকিকমন্স (Wikimedia Commons বা চমুকৈ Commons) নামেৰেও পৰিচিত। কমন্স এটা চিত্ৰ, শব্দ বা সংগীত আৰু অন্যান্য মাল্টিমিডিয়া ফাইলৰ এটা উন্মুক্ত ভঁৰাল১। এইটো ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ৱিকিপিডিয়াৰ দৰেই আৰু এটা প্ৰকল্প, কিন্তু ই ৱিকিপিডিয়াৰ লগতে আনবোৰ সহযোগী প্ৰকল্প যেনে ৱিকি বুকছ, ৱিকি চৰ্ছ, ৱিকি নিউজ আদিৰ ৱিকিপ্ৰকল্পৰ অন্তৰ্গত সকলো ভাষাৰ সম্পদ ভঁৰাল হিচাপে কাম কৰে২।
এই ভঁৰালত ২ কোটি ৭০ লাখতকৈও অধিক মিডিয়া ফাইল আছে।৩ ২০১৩ চনৰ জুলাইৰ তথ্য অনুসৰি কমন্সত সেই সময়লৈকে হোৱা সম্পাদনাৰ সংখ্যা ১০০,০০০,০০০।৪
ইতিহাস
এই প্ৰকল্পটো ২০০৪ চনৰ মাৰ্চ মাহত এৰিক মল্লাৰ (Erik Möller) ’য়ে উত্থাপন কৰিছিল৫ আৰু ২০০৪ চনৰ ৭ ছেপ্তেম্বৰত মুক্তিলাভ কৰিছিল৬৭। এই প্ৰকল্পটো খোলাৰ আগলৈকে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত সকলো প্ৰকল্প আৰু ভাষাত এখন চিত্ৰকে বাৰম্বাৰ আপল’ড কৰাৰ প্ৰয়োজন হৈছিল। এই প্ৰকল্প খোলাৰ পাছত এনেদৰে চাৰ্ভাৰত পৰা অতিৰিক্ত চাপসমূহ আঁতৰি যায়।
নীতিসমূহ
অধিকাংশ ৱিকিমিডিয়া প্ৰকল্পই বৰ্তমানেও স্থানীয় আপল’ড প্ৰক্ৰিয়া চলাই আছে যিবোৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যানৰ অন্যান্য প্ৰকল্প বা ভাষাত ব্যৱহাৰ কৰিব নোৱাৰি। কমন্সৰ কপিৰাইট নীতি অনুসৰি, ভাল ব্যৱহাৰৰ বাবে আপল’ড কৰা সমলসমূহকো ৱিকিমিডিয়া কমন্সত অ-মুক্ত অনুজ্ঞাপত্ৰৰ (non-free licenses)ৰ অধীনত আপল’ড কৰা নিয়ম নাই, তেনেধৰণৰ আপল’ড কৰাৰ বাবে স্থানীয় ৱিকিয়েই একমাত্ৰ আধাৰ। কমন্সত আপল’ড কৰা ফাইলসমূহ মুক্ত (free content) হোৱাটো বাঞ্ছনীয়। কমন্সত ব্যৱহৃত সাধাৰণ অনুজ্ঞাপত্ৰসমূহ হৈছে জিএফডিএল অথবা ক্ৰিয়েটিভ কমন্সৰ অনুজ্ঞাপত্ৰ৮, অন্যান্য অনুজ্ঞাপত্ৰ সমূহ হৈছে মুক্ত সমল আৰু মুক্ত ছফ্টৱেৰ (free content and free software licenses) সমন্বিতে "পাব্লিক ডমেইন"।
কমন্সৰ সততে ব্যৱহৃত (default) ভাষা হৈছে ইংৰাজী, কিন্তু পঞ্জীভুক্ত সদস্যসকলে তেওঁলোকৰ পছন্দ অনুসৰি কিছুমান পৃষ্ঠা অনুবাদ কৰিব পাৰে, যেনে: নীতি নিৰ্দেশনা পৃষ্ঠা আৰু চ’ৰা। ইয়াৰ উপৰিও মিডিয়া ফাইলসমূহত নিজৰ ভাষাত ফাইলৰ বিৱৰণ দিবও পাৰে।
মানদণ্ড
ছাইটটোত উন্নত মানৰ কাম বাচি উলিয়াবৰ বাবে তিনিটা পদ্ধতি অৱলম্বন কৰা হয়। ইয়াৰে এটা "নিৰ্বাচিত ছবি", য’ত ছবিসমূহ সেই ছাইটৰ পঞ্জীভুক্ত সদস্যসকলে ভোটদান পৰ্বযোগে চিত্ৰ বাছনি কৰিব পাৰে। এই পদ্ধতিতো নৱেম্বৰ, ২০০৪ চনৰ পৰা আৰম্ভ কৰা হয়। আন প্ৰক্ৰিয়া দুটা হ’ল "উন্নত চিত্ৰসমূহ" আৰু আনটো "অমূল্য চিত্ৰসমূহ"।
এই ছাইটে বছৰটোৰ নিৰ্বাচিত চিত্ৰ প্ৰতিযোগিতা ২০০৬ চনৰ পৰা বৰ্তমানলৈকে নিয়মিত ভাৱে অনুষ্ঠিত কৰি আহিছে য’ত সদস্যৰ ভোটদানৰ যোগেদিয়েই চিত্ৰ নিৰ্বাচিত কৰা হয়। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ মিডিয়াসমূহ:
- ২০০৬,
- ২০০৭,
- ২০০৮,
- ২০০৯,
- ২০১০ আৰু
- ২০১১.
খতিয়ানসমূহ

- নৱেম্বৰ ৩০, ২০০৬, ১ মিলিয়ন মিডিয়া ফাইল
- অক্টোবৰ ৯, ২০০৭, ২ মিলিয়ন মিডিয়া ফাইল
- জুলাই ১৬, ২০০৮, ৩ মিলিয়ন মিডিয়া ফাইল
- মাৰ্চ ৪, ২০০৯, ৪ মিলিয়ন মিডিয়া ফাইল.
- ছেপ্তেম্বৰ ২, ২০০৯, ৫ মিলিয়ন মিডিয়া ফাইল
- জানুৱাৰী ২৭, ২০১০, ১ মিলিয়ন পঞ্জীভুক্ত সদস্য আৰু ৮ মিলিয়ন পৃষ্ঠা
- জানুৱাৰী ৩১, ২০১০, ৬ মিলিয়ন মিডিয়া ফাইল
- জুলাই ১৭, ২০১০, ৭ মিলিয়ন মিডিয়া ফাইল
- জানুৱাৰী ১, ২০১১, ৮ মিলিয়ন মিডিয়া ফাইল
- ফেব্ৰুৱাৰী ২৩, ২০১১, ৯ মিলিয়ন মিডিয়া ফাইল
- এপ্ৰিল ১৫, ২০১১, ১০ মিলিয়ন মিডিয়া ফাইল
- ছেপ্তেম্বৰ ২১, ২০১১, ১১ মিলিয়ন মিডিয়া ফাইল
- জানুৱাৰী ১৩, ২০১২, ১২ মিলিয়ন মিডিয়া ফাইল
- জুন ৪, ২০১২, ১৩ মিলিয়ন মিডিয়া ফাইল
- ছেপ্তেম্বৰ ২৩, ২০১২, ১৪ মিলিয়ন মিডিয়া ফাইল
বাহ্যিক সংযোগ
- অসমীয়া ভাষাত কমন্সৰ বেটুপাত
- Commonist Java based tool for uploading images to Wikimedia Commons
- Wikimedia Commons prototype site (currently testing Upload wizard extension)
- Multimedia Usability Project – aims to improve multimedia uploading on Wikimedia Commons
তথ্যসূত্ৰ
- ↑ Endres, Joe, "Wiki websites wealth of information". International News on Fats, Oils and Related Materials: INFORM. Champaign, Illinois: May 2006. Vol. 17, Iss. 5; pg. 312, 1 pgs. Source type: Periodical ISSN: 08978026 ProQuest document ID: 1044826021 Text Word Count 746 Document URL: Proquest URL ProQuest (subscription) retrieved August 6, 2007
- ↑ Embedding Commons’ media in Wikimedia projects. Wikimedia Commons
- ↑ Statistics page on Wikimedia Commons
- ↑ ÄŒesky. 100,000,000th edit. Commons.wikimedia.org
- ↑ Möller, Erik. (March 19, 2004). (Wikipedia-l) Proposal: commons.wikimedia.org
- ↑ (September 7, 2004). Main Page. Wikimedia Commons
- ↑ (May 25, 2005). Wikimedia Commons: Über 100.000 freie Bilder, Töne und Filme. Golem.de
- ↑ See Creative Commons licenses, of which "NonCommercial" and "NoDerivs" can not be used on Wikimedia Commons
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিমিডিয়া কমন্স” প্ৰবন্ধৰ সংশোধন ৪২৯১৬১ (১৯ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।