কেনিয়াৰ নাৰী অধিকাৰ কৰ্মী
২৩ প্ৰবন্ধ
-
অনেজিৰু
অনেজিৰু (Onejiru) এগৰাকী জাজ গায়ক। কেনিয়াত জন্মগ্ৰহণ কৰা অনেজিৰুৱে কিশোৰী অৱস্থাত জাৰ্মানীলৈ গুচি যায়। তেওঁৰ প্ৰকৃত নাম পিয়েলিনা ৱানজিৰু শ্বিণ্ডলাৰ৷তেওঁৰ মঞ্চনাম অনেজিৰু আৰু অনেজিৰো শ্বিণ্ডলাৰ।
-
অৰি ৰোগো মাণ্ডুলী
অৰি ৰোগো মাণ্ডুলী (Orie Rogo Manduli; ১৯৪৮ – ৮ ছেপ্টেম্বৰ ২০২১) এগৰাকী কেনিয়াৰ কূটনীতিবিদ, মহিলা কৰ্মী আৰু সাংবাদিক আছিল। ১৯৬৪ চনত মিছ কেনিয়া সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হোৱাৰ লগতে ১৯৭৪ চনত চিলভিয়া ওমিনোৰ সৈতে আফ্ৰিকান বংশৰ আৰু কেনিয়াৰ পৰা অহা প্ৰথমগৰাকী মহিলাই ইষ্ট আফ্ৰিকান ছাফাৰী ৰেলীত…
-
ইডা অডিংগা
ইডা বেটী অডিংগা (Ida Betty Odinga) কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাইলা অডিংগাৰ পত্নী, আৰু নেচনেল ছুপাৰ এলায়েন্স (নাছা)ৰ নেত্ৰী। ২০১০ চনত দ্য ষ্টেণ্ডাৰ্ডে কেনিয়াৰ এটা বৃহৎ কোম্পানীক নেতৃত্ব দিয়া প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম অডিংগাক ২০১০ চনত কেনিয়াৰ অন্যতম শক্তিশালী মহিলা হিচাপে ঘোষণা কৰে।
-
এগনেছ পাৰেয়
এগনেছ পাৰেয় (Agnes PareyioAgnes Pareyo; জন্ম: ২৪ জুন ১৯৫৬) এগৰাকী মাছাই কেনিয়াৰ মহিলা অধিকাৰ কৰ্মী, ৰাজনীতিবিদ আৰু মহিলাৰ যৌনাংগ কটাৰ বিৰুদ্ধে অভিযান চলোৱা টাছাৰু ণ্টোমনোক ৰেচকিউ চেণ্টাৰ ফৰ গাৰ্লছৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক।
-
কাকেনিয়া টাইয়া
কাকেনিয়া টাইয়া (Kakenya Ntaiyaa; জন্ম:-১৯৭৮) কেনিয়াৰ এগৰাকী শিক্ষাবিদ, নাৰীবাদী আৰু সামাজিক কৰ্মী। তেওঁ মাছাই গাঁৱৰ এনোছায়েনৰ ছোৱালীৰ বাবে প্ৰাথমিক বৰ্ডিং স্কুল কাকেনিয়া চেণ্টাৰ ফৰ এক্সেলেন্সৰ প্ৰতিষ্ঠাপক আৰু সভানেত্ৰী। ২০০৯ চনৰ মে' মাহত ৩০ জনীয়া প্ৰথম শ্ৰেণীয়ে নামভৰ্তি কৰে।
-
কেথেৰিন ওমানো
কেথেৰিন নাখাবি ওমানো (Catherine Nakhabi Omanyo; জন্ম: ৭ জুলাই ১৯৭৮) এগৰাকী কেনিয়াৰ ৰাজনীতিবিদ, শিক্ষা কৰ্মী আৰু বুচিয়া কাউণ্টিক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় বিধানসভা (কেনিয়া)ত কাউণ্টি মহিলা প্ৰতিনিধি।
-
চিণ্ডী আমাইজা
চিণ্ডী আমাইজা (Cindy Amaiza) কেনিয়াৰ এগৰাকী এইচ আই ভি/এইডছ কৰ্মী। তেওঁ নাইৰোবিত বাস কৰা এম পি এইচৰ ছাত্ৰী। তেওঁ এইচ আই ভি ৰেচপন্সক অনুপ্ৰাণিত, ৰূপান্তৰ আৰু সংযোগ কৰিবলৈ অংশীদাৰিত্ব (PITCH) অংশীদাৰ সংস্থা তেখেতে ৱাই+ কেনিয়াৰ প্ৰতিষ্ঠাপকো, যি তেওঁৰ দৰে এইচ আই ভি ৰোগত আক্ৰান্ত যুৱক-যুৱতীসকলক ছটা…
-
জুডি থংগোৰী
জুডি থংগোৰী (Judy Thongori; ১৯৬৫ – ১৪ জানুৱাৰী ২০২৫) এগৰাকী কেনিয়াৰ অধিবক্তা আৰু অধিকাৰ কৰ্মী আছিল। তেওঁ মহিলা অধিকাৰ কৰ্মী হিচাপে মহিলাৰ ৩০% প্ৰতিনিধিত্ব প্ৰদান নকৰাৰ বাবে কেনিয়া চৰকাৰৰ বিৰুদ্ধে সফলতাৰে গোচৰ তৰিছিল।
-
জেকলিন মুটেৰে
জেকলিন মুটেৰে (Jacqueline Mutere) কেনিয়াৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী; যি কেনিয়াৰ ধৰ্ষণৰ বলি হোৱা লোকসকলক সহায় আৰু পৰামৰ্শ প্ৰদান কৰা গ্ৰেচ এজেণ্ডাৰ সহ-প্ৰতিষ্ঠা কৰে।
-
জেন আনয়াংগো
জেন আনয়াংগোঅডংগো (Jane Anyango) শান্তিৰ বাবে আৰু মহিলা আৰু ছোৱালীৰ অধিকাৰৰ বাবে কৰ্মৰত কেনিয়াৰ এগৰাকী সমাজকৰ্মী। তেখেত এগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু শান্তিপ্ৰেমী৷ তেওঁ কেনিয়াৰ অন্যতম বৃহৎ বস্তিত বাস কৰে।
-
জোকী ৱাইনাইনা
জোকী ৱাইনাইনা (Njoki Wainaina) কেনিয়াৰ এগৰাকী লিংগ আৰু উন্নয়নৰ পৰামৰ্শদাতা। তেওঁ ১৯৮৮ চনত গঠন হোৱা আফ্ৰিকান ৱমেনছ ডেভেলপমেণ্ট এণ্ড কমিউনিকেচন নেটৱৰ্ক (FEMNET)ৰ প্ৰথম কাৰ্যবাহী সঞ্চালিকা আছিল।
-
জোচেফিন কুলিয়া
জোচেফিন কুলিয়া (Josephine Kulea) কেনিয়াৰ এগৰাকী মহিলা অধিকাৰ অভিযানকাৰী। তেওঁক শিশু অৱস্থাত যৌনাংগ বিকৃতিকৰণ আৰু বলপূৰ্বক বিবাহৰ পৰা উদ্ধাৰ কৰা হৈছিল৷ তেতিয়া তেওঁ ছানবুৰু গাৰ্লছ ফাউণ্ডেশ্যন গঠন কৰিছিল৷ যি ১০০০ৰো অধিক ছোৱালীক একেধৰণৰ প্ৰথাৰ পৰা ৰক্ষা কৰিছে।
-
ডোমটিলা চেছাং
ডোমটিলা চেছাং (Domtila Chesang) হৈছে কেনিয়াৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী যিয়ে মহিলাৰ যৌনাংগ বিকৃতকৰণ (এফজিএম)ৰ বিৰুদ্ধে অভিযানৰ বাবে পৰিচিত। ছোৱালী আৰু মহিলাৰ ওপৰত বিভিন্ন ধৰণৰ হিংসাৰ সমাধানৰ বাবে প্ৰতিষ্ঠা কৰা I_Rep ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক।
-
নাইচ নাইলাণ্টেই লেং'এটে
নাইচ নাইলাণ্টেই লেং'এটে (Nice Nailantei Leng'ete, জন্ম-১৯৯১) কেনিয়াৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী৷ তেওঁ আফ্ৰিকাত ছোৱালীৰ বাবে বিকল্প ৰিট অৱ পেচেজ (ARP)ৰ পোষকতা কৰে আৰু মহিলাৰ যৌনাংগ বিকৃতকৰণ (FGM) বন্ধ কৰাৰ বাবে প্ৰচাৰ চলাই আহিছে।
-
নাইচুলা লেছুডা
নাইচুলা জোচেফিন লেছুডা (Naisula Josephine Lesuuda,জন্ম: ৩০ এপ্ৰিল ১৯৮৪), এগৰাকী কেনিয়াৰ ৰাজনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী। তেওঁ কেনিয়াৰ সংসদৰ সদস্য।
-
পেট্ৰিচিয়া আমিৰা
পেট্ৰিচিয়া আমিৰা (Patricia Amira) কেনিয়াৰ মহিলা আৰু কিশোৰী অধিকাৰৰ সমৰ্থক, সম্প্ৰচাৰক, ৰাজহুৱা বক্তা আৰু সন্মিলনৰ মডাৰেটৰ। ২০০৯ চনৰ পৰা ২০১৩ চনলৈকে সমগ্ৰ আফ্ৰিকাৰ লগতে ইউৰোপ আৰু আমেৰিকাত প্ৰচাৰিত হোৱা তেওঁৰ টেলিভিছন শ্ব’ ‘দ্য পেট্ৰিচিয়া শ্ব’ৰ বাবে তেওঁ বিশেষ স্বীকৃতি লাভ কৰে।
-
ফাতুমা আলী সমন
ফাটুমা আলী সমন (Fatuma Ali Saman, জন্ম-১৯৬৮) এগৰাকী কেনিয়াৰ শিক্ষাবিদ আৰু মহিলা অধিকাৰ অভিযানকাৰী আৰু কেনিয়াৰ স্বতন্ত্ৰ পুলিচিং অভাৰচাইট অথৰিটি (KIPOA)ৰ ব'ৰ্ডৰ সদস্য।
-
ফিডেলিছ ৱাইনাইনা
ফিডেলিছ ৱাইনাইনা (Fidelis Wainaina, ১৯৬২ – ৫ মাৰ্চ ২০০৮) মাচেনো ইণ্টাৰখ্ৰীষ্টান চাইল্ড চেল্ফ হেল্প গ্ৰুপ (MICH)ৰ প্ৰতিষ্ঠাপক, যিটো সংস্থাই কৃষিৰ জৰিয়তে আত্মবহনক্ষমতাৰ বাবে চেষ্টা কৰে৷ তেওঁলোকে পশ্চিম কেনিয়াৰ গ্ৰাম্য অঞ্চলৰ জনসাধাৰণৰ বাবে কাম কৰি আছে।
-
ভিভিয়ান অনানো
ভিভিয়ান অনানো (Vivian Onano)(জন্ম-১৯৯১) কেনিয়াৰ এগৰাকী আফ্ৰিকান সমাজকৰ্মী আৰু সামাজিক উদ্যোগী যি আফ্ৰিকাত ছোৱালীৰ শিক্ষা আৰু বাল্যবিবাহৰ অন্ত পেলোৱাৰ পোষকতা কৰে।
-
ৰুথ হাবৱে
ৰুথ হাবৱে, (জন্ম তাৰিখ অজ্ঞাত, মৃত্যু: ১৯৯৬ চন) এগৰাকী কেনিয়াৰ সমাজ কৰ্মী আৰু ৰাজনীতিবিদ আছিল।
-
ৰেবেকা ল'ল'ছ'লি
ৰেবেকা ল'ল'ছ'লি(Rebecca Lolosoli; জন্ম: ১৯৬২) কেনিয়াৰ চাম্বুৰু কাউণ্টিৰ উমোজা গাঁৱৰ প্ৰতিষ্ঠাপক আৰু মেট্ৰিয়াৰ্ক। যৌন নিৰ্যাতনৰ পৰা পলায়ন কৰা মহিলাসকলৰ বাবে এই গাঁওখন আশ্ৰয়স্থল আৰু পুৰুষসকলক গাঁওখনত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
-
ৱাংগাৰি মাথাই
ৱাংগাৰী মাথাই (Wangarĩ Maathai; ১ এপ্ৰিল ১৯৪০ – ২৫ ছেপ্টেম্বৰ ২০১১) কেনিয়াৰ এগৰাকী সামাজিক, পৰিৱেশ আৰু ৰাজনৈতিক কৰ্মী যি গ্ৰীণ বেল্ট আন্দোলন প্ৰতিষ্ঠা কৰিছিল৷ এয়া এক পৰিৱেশনিৰ্ভৰ বেচৰকাৰী সংস্থা যি বৃক্ষৰোপণ, পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
-
ৱানজিৰু কিহোৰো
ৱানজিৰু কিহোৰো (Wanjiru Kihoro; ৯ ছেপ্টেম্বৰ ১৯৫৩ – ১২ অক্টোবৰ ২০০৬) কেনিয়াৰ এগৰাকী অৰ্থনীতিবিদ, লেখিকা আৰু নাৰীবাদী কৰ্মী আছিল৷ ডেনিয়েল আৰাপ মইৰ শাসনকালত কেনিয়াবাসীক কাৰাগাৰত বন্দী কৰাৰ প্ৰতিবাদত তেওঁ প্যান-আফ্ৰিকান মহিলা সংগঠন আকিনা মামা ৱা আফ্ৰিকা (AMwA) আৰু কেনিয়াত ৰাজনৈতিক বন্দীসকলক…