ইৰাকৰ ব্যক্তি
৮ প্ৰবন্ধ
-
নাদিয়া মুৰাদ
নাদিয়া মুৰাদ বাছি তাহা (نادیە موراد, نادية مراد; জন্ম: ১৯৯৩) ইৰাক দেশৰ এগৰাকী য়াযিদি কুৰ্দিছ মানৱ অধিকাৰকৰ্মী। তেওঁ ইছলামিক ষ্টেট অফ ইৰাক এণ্ড দা লেভেণ্টৰ দ্বাৰা অপহৰণ কৰি তিনি মাহৰ বাবে বন্দী অৱস্থাত আছিল।
-
গুলনাজ কাৰাটাছ
গুলনাজ কাৰাটাছ (১৯৭১–২৫ অক্টোবৰ ১৯৯২), nom de guerre, Bêrîtan, কুৰ্দিস্তান ৱৰ্কাৰছ পাৰ্টি (PKK)ৰ এগৰাকী মহিলা সংগ্ৰামী আছিল। মৃত্যুৰ পাছত তেওঁ কুৰ্দি সাংস্কৃতিক ব্যক্তিত্বত পৰিণত হয় আৰু গেৰিলা আন্দোলনৰ ভিতৰত মহিলাৰ প্ৰতীক হৈ পৰে।
-
জাহা হাদিদ
ডেম জাহা মুহাম্মদ হাদিদ (জন্ম: ৩১ অক্টোবৰ ১৯৫০ – মৃত্যু: ৩১ মাৰ্চ ২০১৬) এগৰাকী ইৰাক আৰু ব্ৰিটিছ স্থপতি, শিল্পী আৰু ডিজাইনাৰ আছিল। তেওঁ বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ আৰম্ভণি স্থাপত্যকীৰ্তিত মুখ্য ব্যক্তি হিচাপে স্বীকৃত।
-
জিনা জাকি
জিনা জাকি ( Zeena Zaki; জন্ম: ১/১/১৯৭৪) এগৰাকী ইৰাকী হট ক্যুট্যুৰ ফেশ্বন ডিজাইনাৰ। ২০০৩ চনত তেওঁ সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইত প্ৰথম ফেশ্বন এটেলিয়াৰ আৰম্ভ কৰে, এডৱাৰ্ডিয়ান আৰু ভিক্টোৰিয়ান উভয় ফেশ্বন যুগৰ প্ৰতিমূৰ্তি, যি ইউ এ ইৰ ফেশ্বনিষ্টসকলৰ মাজত জনপ্ৰিয় বুলি প্ৰমাণিত হয়।
-
দাৰিউছ ফৌৰৌহৰ
দাৰিউছ ফৌৰৌহাৰ (Dariush Forouhar) (জন্ম, ১৮ আগষ্ট ১৯২৮ – মৃত্যু,২২ নৱেম্বৰ ১৯৯৮) এজন ইৰাণী ৰাজনীতিবিদ, প্যান-ইৰানিষ্ট পাৰ্টিৰ প্ৰাৰম্ভিক সদস্য আৰু ইৰাণৰ নেচন পাৰ্টিৰ নেতা আছিল। ১৯৯৮ চনত তেওঁ আৰু তেওঁৰ পত্নী পৰ্বনেহ ফৌহৰক ঘৰতে ছুৰীৰে আঘাত কৰি হত্যা কৰিছিল।
-
মাদিহা উমৰ
মাদিহা উমৰ ( Madiha Umar; ১৯০৮ – ২০০৫ আলেপ্পো) এগৰাকী ইৰাকী শিল্পী আছিল যিয়ে বিমূৰ্ত শিল্পৰ সৈতে কেলিগ্ৰাফীক সংযুক্ত কৰাৰ বাবে পৰিচিত আছিল। সাধাৰণতে তেওঁক এই কাম কৰা প্ৰথম আৰব শিল্পী হিচাপে ধৰা হয়। সেয়েহে তেওঁক হুৰুফিয়া আন্দোলনৰ পূৰ্বসূৰী হিচাপে জনা যায়।
-
সুলাফ জলিল
সুলাফ জলিল (আৰবী: سولاف جليل; জন্ম: ১৭ জানুৱাৰী, ১৯৮৪) এগৰাকী ইৰাকৰ অভিনেত্ৰী, কৌতুক শিল্পী, আৰু টিভি উপস্থাপক। তেওঁ ১৯৮৪ চনত বাগদাদত জন্মগ্ৰহণ কৰিছিল। তেওঁ ভাষা বিষয়ত বি.এ. ডিগ্ৰী লাভ কৰিছিল।
-
ৰেনে ডাংগুৰ
ৰেনে ৰেবেঁকা ডাংগুৰ (ইংৰাজী: Renée Rebecca Dangoor; ডিচেম্বৰ ১৯২৫ - ৯ জুলাই ২০০৮) ১৯৪৭ চনত মুকুট পিন্ধা ইৰাকৰ ইতিহাসৰ প্ৰথমগৰাকী সুন্দৰী সম্ৰাজ্ঞী আছিল। তেওঁ বাগদাদী ইহুদীসকলৰ এক বিশিষ্ট পৰিয়ালৰ আছিল। তেওঁৰ পিতৃ মোচে ডাংগুৰ (১৮৮৮–১৯৬২) বাগদাদৰ এজন প্ৰখ্যাত চিকিৎসক আছিল।