অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেখা জৈন

ৰেখা জৈন ( Rekha Jain; ১৯২৪–২০১০) এগৰাকী ভাৰতীয় শিশু নাট্যকাৰ, পৰিচালক, আৰু লোকসংগীত বিশেষজ্ঞ। শিশুৰ বাবে নাটকৰ উপৰিও ভাৰতীয় লোকসংগীত আৰু লোকনৃত্যৰ ওপৰতো প্ৰবন্ধ আৰু সমালোচনা লিখিছে।

হালনাগাদ: ৩০ জুলাই ২০২৬ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৰেখা জৈন ( Rekha Jain; ১৯২৪–২০১০) এগৰাকী ভাৰতীয় শিশু নাট্যকাৰ, পৰিচালক, আৰু লোকসংগীত বিশেষজ্ঞ। শিশুৰ বাবে নাটকৰ উপৰিও ভাৰতীয় লোকসংগীত আৰু লোকনৃত্যৰ ওপৰতো প্ৰবন্ধ আৰু সমালোচনা লিখিছে। হিন্দী একাডেমী, সাহিত্য কলা পৰিষদ, উত্তৰ প্ৰদেশ সংগীত নাটক অকাডেমী, দিল্লী নাট্য সংঘ, দিল্লী ৰটাৰী ক্লাব, সাহিত্য সম্মান, দিল্লী হিন্দী একাডেমী আদিৰ পৰা বঁটা লাভ কৰিছে। ২০০৬ চনত সংগীত নাটক একাডেমীয়ে সামগ্ৰিক অৱদানৰ বাবে তেওঁক সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত কৰে।

জীৱনী

১৯২৪ চনৰ ২৮ ছেপ্টেম্বৰত ৰেখা গোৱেল নামেৰে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এটা ৰক্ষণশীল বনিয়া যৌথ পৰিয়ালত ৰেখা জৈনৰ জন্ম হৈছিল।১

১৯৩৬ চনৰ ৩ মে'ত ১২ বছৰ বয়সত ৰেখা গোৱেলে এটা ধনী ব্যৱসায়িক পৰিয়ালৰ সন্তান, কিন্তু প্ৰগতিশীল ধ্যানধাৰণাৰ আৰু মাৰ্ক্সবাদৰ প্ৰতি আকৰ্ষিত নেমীচন্দ্ৰ জৈনক বিয়া কৰায়।২ পৰম্পৰাগত পদ্ধতিৰে প্ৰথমে বৈষ্ণৱ প্ৰথা আৰু পিছত জৈন ৰীতি-নীতি অনুসৰি বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। . প্ৰগতিশীল স্বামীয়ে ৰেখাক শিক্ষা গ্ৰহণ কৰিবলৈ আৰু ঘৰৰ বাহিৰৰ জীৱনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। যেতিয়া তেওঁৰ স্বামী কলিকতালৈ গুচি যায় আৰু ভাৰতীয় গণনাট্য সংঘৰ কাম-কাজৰ লগত জড়িত হয়, তেতিয়া ৰেখা জৈনৰো নাটকৰ প্ৰতি আগ্ৰহ জাগে আৰু গায়ক মণ্ডলীত গীত গাবলৈ আৰম্ভ কৰে।২ ৰেখাই তেওঁৰ স্মৃতিচাৰণত তেওঁৰ স্বামীক এজন অতি জ্ঞানী আৰু প্ৰগতিশীল পুৰুষ বুলি বৰ্ণনা কৰিছে; কিন্তু মাজেমাজে কেতিয়াবা নিজৰ ইচ্ছা পত্নীৰ ওপৰত জাপি দিছিল।২ কলকাতাত থকাৰ সময়ত তেওঁ হিন্দী সাহিত্য আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ডিপ্লমা কৰিছিল। তেওঁ এছিয়ান থিয়েটাৰ ইনষ্টিটিউটতো প্ৰশিক্ষণ লৈছিল।৩

সন্মান

তথ্যসূত্ৰ

  1. ↑ Rekha Jain. rajkamalprakashan.com
  2. ↑ Kumar, Kuldeep. (2019-02-22). Living memories. The Hindu
  3. ↑ Rekha Jain. সংগীত নাটক একাডেমী

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ থিয়েটাৰ ব্যক্তিত্বসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেখা জৈন” প্ৰবন্ধৰ সংশোধন ৬২১৬২৮ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।