অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুৰাধা কাপুৰ

অনুৰাধা কাপুৰ (Anuradha Kapur ) এগৰাকী ভাৰতীয় নাট পৰিচালক আৰু নাটকৰ অধ্যাপক। তিনি দশকৰো অধিক সময় তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত (NSD) অধ্যাপনা কৰিছিল আৰু ছয় বছৰ (২০০৭–২০১৩) এই প্ৰতিষ্ঠানখনৰ সঞ্চালক আছিল।

হালনাগাদ: ৭ মাৰ্চ ২০২৫ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অনুৰাধা কাপুৰ (Anuradha Kapur ) এগৰাকী ভাৰতীয় নাট পৰিচালক আৰু নাটকৰ অধ্যাপক। তিনি দশকৰো অধিক সময় তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত (NSD) অধ্যাপনা কৰিছিল আৰু ছয় বছৰ (২০০৭–২০১৩) এই প্ৰতিষ্ঠানখনৰ সঞ্চালক আছিল। নাট্য পৰিচালক হিচাপে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত তেওঁক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়।১ ২০১৬ চনত নাট্যক্ষেত্ৰত দেখুওৱা উৎকৃষ্টতাৰ বাবে জে বসন্তন লাইফটাইম এছিভমেণ্ট বঁটা লাভ কৰে।২ পৰিচালক হিচাপে তেওঁৰ কাম মুক্ত আৰু পাৰস্পৰিক ক্ৰিয়াশীল প্ৰকৃতিৰ বাবে বিখ্যাত।

কৰ্ম

কাপুৰে দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতী মহাবিদ্যালয়ত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰিছিল। কিন্তু তেওঁ সদায় নিশ্চিত আছিল যে নাটক পেছা হিচাপে ল'ব বিচাৰে।[4] পঢ়াশলীয়া দিনত তেওঁ ওম শিৱপুৰীৰ নেতৃত্বধীন নাট্যগোষ্ঠী দিশান্তৰৰ সদস্য আছিল আৰু মোহন ৰাকেশৰ আধে-আধুৰেকে ধৰি কেইবাখনো নাটকত অভিনয় কৰিছিল। কলেজৰ পৰা ছুটী লৈ তেওঁ ব্ৰিটেইনৰ লিডছ বিশ্ববিদ্যালয়ত নাটক আৰু নাট্যকলাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু অৱশেষত পি এইচ ডি সম্পূৰ্ণ কৰে।

১৯৮১ চনত কাপুৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে। পিছলৈ তেওঁ অধ্যাপক হয়, আৰু অৱসৰ লোৱালৈকে NSDৰ সৈতে থাকে। এই সময়ছোৱাত তেওঁ বহু ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাইছিল, যিসকলে থিয়েটাৰ আৰু চলচ্চিত্ৰত নাম উজলাইছিল। ইয়াৰে কেইজনমান হ'ল- সীমা বিশ্বাস, ইৰফান খান, ৰাজপাল যাদৱ, নৱাজুদ্দিন ছিদ্দিকী আৰু আদিল হুছেইন।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ SNA: List of Awardees. sangeetnatak.gov.in
  2. ↑ (18 January 2016). Anuradha Kapur awarded first JV Lifetime Achievement award. The Hindu
  3. ↑ Saravanan, T. (8 January 2015). Cutting across the divide. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ থিয়েটাৰ ব্যক্তিত্বসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা কাপুৰ” প্ৰবন্ধৰ সংশোধন ৪৮৮৫৫০ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।