ভাৰতীয় নাৰীবাদী লেখক
১১ প্ৰবন্ধ
-
কে সৰস্বতী আম্মা
কে. সৰস্বতী আম্মা (K. Saraswathi Amma; ১৪ এপ্ৰিল ১৯১৯ – ২৬ ডিচেম্বৰ ১৯৭৫) এগৰাকী মালায়লম নাৰীবাদী লেখিকা। তেওঁৰ চুটিগল্পসমূহ আমেৰিকাৰ কেইবাটাও প্ৰকাশনে অনুবাদ কৰিছে।
-
জয়তী ঘোষ
জয়তী ঘোষ (Jayati Ghosh; জন্ম ১৬ ছেপ্টেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় উন্নয়ন অৰ্থনীতিবিদ। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় প্ৰায় ৩৫ বছৰ ধৰি তেওঁ অৰ্থনীতিৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল আৰু ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ এমহাৰ্ষ্ট বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ…
-
কোণ্ডাপল্লি কোটেশ্বৰম্মা
কোণ্ডাপল্লি কোটেশ্বৰম্মা (Kondapalli Koteswarmma; ৫ আগষ্ট, ১৯১৮ – ১৯ ছেপ্টেম্বৰ, ২০১৮) এগৰাকী ভাৰতীয় কমিউনিষ্ট নেত্ৰী, নাৰীবাদী, বিপ্লৱী আৰু লেখিকা আছিল। ১৯১৮ চনত পামাৰুত তেওঁৰ জন্ম হৈছিল।
-
ছালু নিগম
ছালু নিগম (Shalu Nigam) এগৰাকী ভাৰতীয় উকীল, নাৰীবাদী আইন বিশেষজ্ঞ আৰু লেখিকা। ছালু নিগম বনাম আঞ্চলিক পাছপ'ৰ্ট বিষয়া গোচৰৰ গোচৰীয়া পক্ষ আছিল। এই গোচৰ মৰ্মেই ২০১৬ চনৰ ১৭ মে’ত দেউতাকৰ নামৰ অবিহনেও পাছপোৰ্ট জাৰী কৰিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
-
জে. দেৱিকা
জয়কুমাৰী দেৱিকা (J. Devika; ജെ. ദേവിക) কেৰালাৰ এগৰাকী মালয়ালী ইতিহাসবিদ, নাৰীবাদী, সমাজ সমালোচক আৰু শিক্ষাবিদ। বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট ষ্টাডিজত অধ্যাপিকা হিচাপে গৱেষণা আৰু অধ্যাপনা কৰে। কেৰালাৰ পুৰণি সমাজৰ লিংগ সম্পৰ্কৰ বিষয়ে তেওঁ কেইবাখনো গ্ৰন্থ আৰু প্ৰবন্ধ লিখিছে।
-
বিজয়া দাব্বে
বিজয়া দাব্বে (১ জুন ১৯৫১ – ২৩ ফেব্ৰুৱাৰী ২০১৮) আছিল ভাৰতীয় লেখিকা, নাৰীবাদী, পণ্ডিত আৰু কন্নড় ভাষাৰ সাহিত্য সমালোচক। তেওঁক প্ৰায়ে আধুনিক কন্নড় ভাষাৰ প্ৰথম নাৰীবাদী লেখিকা হিচাপে গণ্য কৰা হয়। তেওঁ কৰ্ণাটক নাৰীবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।
-
যশোধৰা বাগচী
যশোধৰা বাগচী ( Jasodhara Bagchi; ১৯৩৭-৯ জানুৱাৰী ২০১৫) আছিল এগৰাকী আগশাৰীৰ ভাৰতীয় নাৰীবাদী অধ্যাপিকা, লেখিকা, সমালোচক আৰু কৰ্মী। তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অফ ৱুমেনছ্ ষ্টাডিজৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক আছিল।
-
শ্ৰীলতা বাটলিৱালা
শ্ৰীলতা বাটলিৱালা (Srilatha Batliwala) এগৰাকী সমাজ কৰ্মী, নাৰী অধিকাৰৰ সমৰ্থক, বিদ্বান, নাৰী সবলীকৰণৰ বহু গ্ৰন্থৰ লেখিকা। তেওঁ কৰ্ণাটকৰ বাংগালুৰুৰ বাসিন্দা। ১৯৭০ দশকৰ শেষাৰ্দ্ধৰ পৰা তেওঁ তৃণমূল পৰ্যায়ৰ সক্ৰিয়তা, পোষকতা, পাঠদান, গৱেষণা, প্ৰশিক্ষণত জড়িত হৈ আছে।
-
শৰ্মিলা ৰেগে
শৰ্মিলা ৰেগে (Sharmila Rege; ৭ অক্টোবৰ ১৯৬৪ – ১৩ জুলাই ২০১৩) এগৰাকী ভাৰতীয় সমাজবিজ্ঞানী, নাৰীবাদী পণ্ডিত আৰু ৰাইটিঙ কাষ্ট, ৰাইটিঙ জেণ্ডাৰৰ লেখিকা। তেওঁ পুনে বিশ্ববিদ্যালয়ৰ ক্ৰান্তিজ্যোতি সাবিত্ৰীবাই ফুলে মহিলা অধ্যয়ন কেন্দ্ৰ (লিংগ অধ্যয়ন বিভাগ)ৰ নেতৃত্ব দিছিল যিটো পদত তেওঁ ১৯৯১ চনৰ পৰা আছিল।
-
সীতাৰা এছ
সীতাৰা এছ (জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী কেৰালাৰ মালয়ালম ভাষাৰ ভাৰতীয় লেখিকা আৰু অনুবাদক। তেওঁৰ গ্ৰন্থসমূহত প্ৰায়ে মহিলাৰ সমস্যা, লিংগ-সংঘাত আৰু লেছবিয়ান অধিকাৰৰ বিষয়সমূহ উত্থাপন কৰা দেখা যায়। তেওঁ অনুবাদক হিচাপেও পৰিচিত।
-
ৰীতা বেনাৰ্জি
ৰীতা বেনাৰ্জি ( Rita Banerji; জন্ম: ১৯৬৭) এগৰাকী ভাৰতীয় লেখক, আলোকচিত্ৰ শিল্পী আৰু জেণ্ডাৰ এক্টিভিষ্ট। তেওঁৰ ‘চেক্স এণ্ড পাৱাৰ: ডিফাইনিং হিষ্ট্ৰি, চেপিং চ’ছাইটি’ শীৰ্ষক কিতাপখন ২০০৮ চনত প্ৰকাশ পাইছিল।