বৃটিছ মহিলা
১৩ প্ৰবন্ধ
-
অনিছা বাট
অনিছা বাট (ইংৰাজী: Anisa Butt; জন্ম: ১৮ জানুৱাৰী ১৯৯৩) এগৰাকী ব্ৰিটিছ টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে ভাৰতীয় টেলিভিছন আৰু চিনামাত কাম কৰে। তেওঁ ডিজনী চেনেল ইণ্ডিয়াত সম্প্ৰচাৰিত টেলিভিছন শ্ব’ ঈশান: সপ্নো কো আৱাজ দেত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
এলিছ জিম্মাৰ্ণ
এলিছ লুইছা থিওড'ৰা জিমাৰ্ণ ( Alice Louisa Theodora Zimmern) জন্ম: ২২ ছেপ্টেম্বৰ ১৮৫৫ চন – মৃত্যু: ২২ মাৰ্চ ১৯৩৯ চন; এগৰাকী ইংৰাজী লেখিকা, অনুবাদক আৰু ভোটাধিকাৰৰ হকে কাম কৰা মহিলা। মহিলাৰ শিক্ষা আৰু অধিকাৰৰ বিতৰ্কত তেওঁৰ গ্ৰন্থসমূহে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
-
এলিছ ভিকেৰী
এলিছ ভিকেৰী (এ. ভিকেৰী ড্ৰাইছডেল আৰু এ. ড্ৰাইছডেল ভিকেৰী নামেৰেও পৰিচিত) জন্ম: ১৮৪৪ চন আৰু মৃত্যু: ১২ জানুৱাৰী ১৯২৯ চন; এগৰাকী ইংৰাজ চিকিৎসক, মহিলাৰ অধিকাৰৰ দাবী প্ৰচাৰক আৰু ৰসায়নবিদ আৰু ফাৰ্মাচিষ্ট হিচাপে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ব্ৰিটিছ মহিলা।
-
কুলি কোহলী
ডাঃ কুলি কোহলী (ইংৰাজী: Dr. Kuli Kohli; জন্ম: ১৯৭০) এগৰাকী পঞ্জাবী বংশোদ্ভৱ ভাৰতীয়-ব্ৰিটিছ বিশেষভাৱে সক্ষম লেখিকা, কবি, সামাজিক সক্ৰিয় কৰ্মী আৰু উলভাৰহেম্পটন পৌৰ নিগমৰ কৰ্মচাৰী। তেওঁ নিজৰ সাহিত্যিক কৰ্মৰাজিৰ বাবে পৰিচিত আৰু কেইবাটাও লাইভ অনুষ্ঠান পৰিৱেশন কৰিছে।
-
ছফিয়া হায়াত
ছফিয়া হায়াত এগৰাকী ইংৰাজ গায়িকা, অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব ভাৰতীয় টেলিভিছন আৰু চিনামাত অভিনয়ৰ বাবে পৰিচিত। ২০১৩ চনত বিগ বছ ৭, বিগ ব্ৰাদাৰৰ ভাৰতীয় সংস্কৰণত অংশগ্ৰহণ কৰিছিল।
-
ছেৰেনা মেকেচি
ছেৰেনা ই মেকেচি (জন্ম ১৯৬২), পোছাকী নাম এলেক্স মাৰ্উড, লণ্ডনত বাস কৰা এগৰাকী ব্ৰিটিছ ঔপন্যাসিক আৰু সাংবাদিক।
-
জাৰা এছ খান
জাৰা এছ খান (ইংৰাজী: Zahrah S. Khan) এগৰাকী ভাৰতত কৰ্মৰত ব্ৰিটিছ অভিনেত্ৰী আৰু নেপথ্য গায়িকা। তেওঁ অভিনেত্ৰী আৰু গায়িকা হিচাপে বলিউডলৈ অৱদান আগবঢ়াইছে।
-
পলি লুইজ আৰ্নল্ড
পলি লুইজ আৰ্নল্ড ( Poly Louise Arnold; জন্ম: ২৪ জুলাই ১৯৭২) এগৰাকী ব্ৰিটিছ ৰসায়নবিদ যি লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ ৰাসায়নিক বিজ্ঞান বিভাগৰ পৰিচালক আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা।
-
ব্ৰিজিট আস্কোনাছ
ব্ৰিজিট এলিছ আস্কোনাছ FRS FMedSci (১ এপ্ৰিল ১৯২৩ – ৯ জানুৱাৰী ২০১৩) এগৰাকী বৃটিছ ইমিউন'লজিষ্ট আছিল আৰু ১৯৯৫ চনৰপৰা ইম্পেৰিয়েল কলেজ লণ্ডনৰ অতিথি অধ্যাপক।
-
লেডী হেৰিয়েট একলেণ্ড
লেডী খ্ৰীষ্টিয়ান হেনৰিটা কেৰ'লিন একলেণ্ড (জন্ম নাম: ফক্স-ষ্ট্ৰেংগৱেজ; ৩ জানুৱাৰী ১৭৫০ – ২১ জুলাই ১৮১৫) এগৰাকী ব্ৰিটিছ সম্ভ্ৰান্ত মহিলা আৰু দিনলিপি লিখোঁতা আছিল। স্বামীৰ লগত ব্ৰিটিছ উত্তৰ আমেৰিকালৈ গৈছিল আৰু ব্যক্তিগত সাহসৰ বাবে তেওঁ বিখ্যাত হৈ পৰিছিল।
-
হেজেল ক্ৰাউনী
হেজেল ক্ৰাউনী (ইংৰাজী: Hazel Crowney; যাক হেজেল ক্ৰোনী বুলিও লিখা হয়) এগৰাকী ইংৰাজ অভিনেত্ৰী আৰু মডেল। তেওঁ কেইবাটাও বিজ্ঞাপন অভিযান আৰু কিছুমান বলীউডৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
-
হেলেন ডানম’ৰ
হেলেন ডানম’ৰ (ইংৰাজী: Helen Dunmore; ১২ ডিচেম্বৰ ১৯৫২ – ৫ জুন ২০১৭) এগৰাকী ব্ৰিটিছ কবি, ঔপন্যাসিক, চুটিগল্প লেখিকা আৰু শিশু সাহিত্যিক আছিল। তেওঁৰ আটাইতকৈ পৰিচিত কৰ্মসমূহৰ ভিতৰত আছে উপন্যাস জেৰ্ণ’ৰ ইন ডাৰ্কনেছ, এ স্পেল অৱ উইণ্টাৰ আৰু দা ছিজ, আৰু তেওঁৰ শেষ কাব্যগ্ৰন্থ ইনচাইড দা ৱেভ।
-
ৰিয়া পিল্লাই
ৰিয়া লাইলা পিল্লাই (ইংৰাজী: Rhea Laila Pillai) এগৰাকী ব্ৰিটিছ মডেল, যি টেলিভিছন আৰু বিজ্ঞাপনৰ কামৰ বাবে পৰিচিত। ২০০৩ চনত সমাজসেৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰবীনা টেণ্ডন, অনুষ্কা শংকৰ আৰু ৰিতু বেৰীৰ সৈতে তেওঁক "বছৰটোৰ মহিলা" হিচাপে সন্মানিত কৰা হৈছিল।