ৰিচাৰ্ড ড'কিনছ্ (Richard Dawkins; জন্মতে ক্লিণ্টন ৰিচাৰ্ড ড'কিনছ্)১ (জন্ম-২৬ মাৰ্চ ১৯৪১) হৈছে এগৰাকী ইংৰাজ প্ৰাণীবিজ্ঞানী, এথ'ল'জিষ্ট (প্ৰাণীৰ আচৰণ সম্পৰ্কে অধ্যয়ন কৰা প্ৰাণীবিজ্ঞানী), বিৱৰ্তনবাদৰ জীৱবিজ্ঞানী, আৰু লেখক। তেওঁ অক্সফ'ৰ্ড, নিউ কলেজৰ এমিৰেটাছ সভ্য। তদুপৰি ১৯৯৫ চনৰ পৰা ২০০৮ চনলৈ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ "Professor for Public Understanding of Science"ৰ আসন শুৱনি কৰিছিল।
১৯৭৬ চনত প্ৰকাশিত ছেলফিছ জিন শীৰ্ষক আলোড়নকাৰী গ্ৰন্থখনৰ জৰিয়তে তেওঁ বিশ্বজোৰা পৰিচিতি লাভ কৰে। এইখন কিতাপৰ জৰিয়তেই তেওঁ বিৱৰ্তনবাদৰ জিন-কেন্দ্ৰিক ধাৰণাটোৰ জনপ্ৰিয় কৰিছিল। এইখন কিতাপতে তেওঁ পোনপ্ৰথমবাৰে মীম (meme) পৰিভাষাটোৰ ব্যৱহাৰ কৰিছিল। ১৯৮২ চনত প্ৰকাশিত হোৱা দ্য এক্সটেণ্ডেড ফেনোটাইপ শীৰ্ষক গ্ৰন্থৰ "বিৱৰ্তনীয় জীৱবিজ্ঞান"ত তেওঁ এটা নতুন চিন্তাৰ আমদানি কৰিছিল যে- জীনৰ ফেন'টাইপৰ প্ৰভাৱে কেৱল এটা জীৱিত প্ৰাণীৰ দেহলৈকে সীমিত হৈ নাথাকে, বৰঞ্চ সমগ্ৰ পৰিৱেশটোতেই বিস্তৃতি লাভ কৰে। ২০০৬ চনত তেখেতে "ৰিচাৰ্ড ড'কিনছ্ যুক্তি আৰু বিজ্ঞান সংস্থা" গঢ়ি তোলে।
ড'কিনছ্ এজন স্পষ্টবাদী নাস্তিক। তেওঁ "দ্য গড ডিলুইছন" নামৰ গ্ৰন্থত স্পষ্টতাৰে মত প্ৰকাশ কৰে যে-অতিপ্ৰাকৃতিক কোনো সৃষ্টিকৰ্তাৰেই অস্তিত্ব প্ৰায় শূন্য আৰু ধৰ্মীয় বিশ্বাস মাত্ৰ এক বিভ্ৰান্তিহে। ড'কিনছে্ শৈক্ষিক আৰু লেখক জীৱনত অনেক বঁটা-বাহন লাভ কৰিছে। তেওঁ টেলিভিছন, ৰেডিঅ', ইণ্টাৰনেটৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু নিজৰ গ্ৰন্থসমূহৰ বিষয়ে, নাস্তিকতাবাদৰ বিষয়ে আলোচনা কৰে, লগতে সমাজ-জীৱনৰ এজন বুদ্ধিজীৱী হিচাপে তেওঁৰ চিন্তাসমূহো ব্যক্ত কৰে।২
প্ৰাৰম্ভিক জীৱন
ক্লিণ্টন ৰিচাৰ্ড ড'কিনছ্ৰ জন্ম হৈছিল নাইৰ'বি, তেতিয়াৰ ব্ৰিটিছ কেনিয়াত; ২৬ মাৰ্চ ১৯৪১ চনত।৩ পাছলৈ ড'কিনছে "ডিড পল"ৰ (Deed Poll) জৰিয়তে নামৰ আগৰপৰা ক্লিণ্টনটো ত্যাগ কৰিলে।১ তেওঁৰ মাতৃৰ নাম আছিল জিন মেৰি য়াভৱান (১৯১৬–২০১৯)৪৫ আৰু পিতৃৰ নাম আছিল ক্লিণ্টন জন ড'কিনছ্ (১৯১৫-২০১০)৩৬৭
তেওঁৰ পিতৃ-মাতৃয়ে প্ৰাকৃতিক বিজ্ঞানত বিশ্বাসী আছিল। তেওঁলোকে ড'কিনছ্ৰ কিছুমান প্ৰশ্নৰ বিজ্ঞানসন্মত উত্তৰ দিছিল।৮ ড'কিনছে নিজৰ শৈশৱকালছোৱাক "এক সাধাৰণ প্ৰতিপালন" বুলি অভিহিত কৰে।৯ তেওঁ কৈশোৰৰ কিছু সময়লৈকে খ্ৰীষ্টান ধৰ্মত বিশ্বাস কৰিছিল। তাৰপিছত তেখেত মত দাঙি ধৰিলে যে- জীৱন এটাৰ জটিলতাক বুজিবৰ বাবে বিৱৰ্তনবাদৰ তত্ত্বয়েই যথেষ্ট। এইটো চিন্তাধাৰাৰ বশৱৰ্তী হৈয়েই তেওঁ ভগৱানক বিশ্বাস কৰিবলৈ এৰি দিলে।১০
শিক্ষা

১৯৫৪ চনৰ পৰা ১৯৫৯ চনলৈ ড'কনিছে নৰ্থহেম্পটনশ্বায়াৰত থকা এখন ইংৰাজী পাব্লিক স্কুল, অ'ণ্ডল বিদ্যালয়ত শিক্ষা আৰম্ভ কৰে।১০ অ'ণ্ডলত ড'কিনছে ব্ৰাটাণ্ড ৰাছালৰ মই কিয় খ্ৰীষ্টীয়ান নহয় নামৰ কিতাপখন প্ৰথমবাৰৰ বাবে পঢ়ে। ১১ তাৰপিছত অক্সফ'ৰ্ডৰ বালিঅ'ল কলেজত প্ৰাণীবিজ্ঞান অধ্যয়ন কৰে। ১৯৬২ চনত তেওঁ স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাত তেখেতে ন'বেল বঁটা বিজয়ী এথ'ল'জিষ্ট নিকোলাছ টিনবাৰজেনৰ অধীনত পঢ়া-শুনা কৰে। তেওঁ দ্বিতীয় শ্ৰেণীৰ অনাৰ্ছসহ স্নাতক উত্তীৰ্ণ হয়।১২ এগৰাকী গৱেষক ছাত্ৰ হিচাপে তেখেতে টিনবাৰজেনৰ তত্ত্বাৱধানত অধ্যয়ন কৰি থাকে আৰু এইদৰেই ১৯৬৬ চনত স্নাতকোত্তৰ ডিগ্ৰী আৰু ডক্তৰেট ডিগ্ৰী লাভ কৰে।১৩ তাৰপিছত তেখেতে আৰু এটা বছৰ গৱেষক ছাত্ৰ হিচাপে নিজৰ কাম কৰি থাকে।১৪১৫
কৰ্মজীৱন
১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈ ডকিনছে বাৰ্কেলিৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত এগৰাকী প্ৰাণীবিজ্ঞানৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে।১৬১৯৭০ চনত তেওঁ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়লৈ উভতি আহে আৰু এগৰাকী অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯০ চনত তেওঁ প্ৰাণীবিজ্ঞানৰ এগৰাকী ৰিডাৰ হিচাপে নিযুক্তি লাভ কৰে। ১৯৯৫ চনত তেওঁক অক্সফ'ৰ্ডে "বিজ্ঞানৰ ৰাজহুৱা ব্যাখ্যাৰ ছিম'নয়ি অধ্যাপক" (Simonyi Professor for the Public Understanding of Science) পদত অধিষ্ঠিত কৰে। অক্সফ'ৰ্ডত এই পদটো ছাৰ্লছ ছিম'নয়িয়ে প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ বাঞ্চা কৰিছিল যে-"ব্যক্তিজন বিজ্ঞানৰ ৰাজহুৱা ব্যাখ্যাৰ ক্ষেত্ৰখনলৈ কিছু গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা হ'ব লাগিব",১৭ আৰু এই পদটোত অধিষ্ঠিত হোৱা প্ৰথমজন ব্যক্তি হ'ব লাগিব ৰিচাৰ্ড ড'কিনছ্।১৮ তেওঁ সেইটো পদত ১৯৯৫ চনৰ পৰা ২০০৮ চনলৈকে থাকে।১৯
১৯৭০ চনৰ পৰাই তেওঁ অক্সফ'ৰ্ডৰ নিউ কলেজৰ এজন সভ্য হৈ আছে। বৰ্তমান তেওঁ এমিৰেটাৰ অক্সফ'ৰ্ড সভ্য।২০২১
২০১১ চনত তেওঁ লণ্ডনৰ ব্যক্তিগত খণ্ডৰ "নিউ কলেজ অৱ হিউমেনেটিছ" নামৰ বিশ্ববিদ্যালয়ত যোগদান কৰে, যিখন ২০১২ চনৰ ছেপ্টেম্বৰত আৰম্ভ হয়।২২
স্বীকৃতি আৰু সন্মান

বঁটা
- ১৯৮৭ চনত ৰয়েল ছ'চাইটিৰ সাহিত্য সমাজৰ পৰা বঁটা লাভ কৰে।
- ১৯৮৭ চনত "দ্য ব্লাইণ্ড ৱাটছমেকাৰ" গ্ৰন্থৰ বাবে লছ এঞ্জেলছ টাইমছৰ তৰফৰ পৰা সাহিত্য বঁটা লাভ কৰে। একেটা বছৰতে বিবিচিযোগে সম্প্ৰচাৰিত হোৱা "দ্য ব্লাইণ্ড ৱাটছমেকাৰ" খণ্ডটোত কৰা কৰ্মৰ বাবে শ্ৰেষ্ঠ টেলিভিছন বিজ্ঞান তথ্যচিত্ৰৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যা বঁটা লাভ কৰে।১৪
- ১৯৮৯ চনত লণ্ডনৰ প্ৰাণীবিজ্ঞান সমাজৰ পৰা ৰূপৰ পদক লাভ।
- ১৯৯০ চনত ফিনলেই উদ্ভাৱনী বঁটা।
- ১৯৯০ চনত মাইকেল ফাৰাদে বঁটা।
- ১৯৯২ চনত "CSICOP"-এ তেওঁলোকৰ সৰ্বোচ্চ সন্মান ইন প্ৰেইছ অৱ ৰিজন (In Praise of Reason) প্ৰদান কৰে। (CSICOP:Committee for the Scientific Investigation of Claims of the Paranormal)২৩
- ১৯৯৪ চনত নাকায়ামা বঁটা। (Nakayama Prize)
- ১৯৯৬ চনত আমেৰিকান হিউমেনিষ্ট এছ'ছিয়েছনৰ তৰফৰপৰা "হিউমেনিষ্ট অৱ দ্যা ইয়েৰ" বঁটা।
- ১৯৯৭ চনত আন্তৰাষ্ট্ৰীয় ক'চম'চ বঁটা (International Cosmos Prize)
- ২০০১ চনত কিষ্টলাৰ বঁটা। (Kistler Prize'')
- ২০০১ চনত ইটালিয়ান ৰিপাব্লিকৰ তৰফৰ পৰা ৰাষ্ট্ৰপতিৰ পদক। (Medal of the Presidency of the Italian Republic)
- ২০০২ চনত গ্লাছগ'ৰ ৰয়েল ফিল'ছ'ফিকেল সমাজৰ পৰা বাইছেণ্টিনিয়েল কেলভিন পদক।১৪
- ২০০৬ চনত বৈজ্ঞানিক লেখা-মেলাৰ বাবে লিৱিছ থমাছ বঁটা।
- ২০০৭ চনত "গেলেক্সি ব্ৰিটিছ বুক এৱাৰ্ডছ"ৰ তৰফৰপৰা বছৰটোৰ লেখক বঁটা।২৪
- ২০০৭ চনত ডেছনাৰ বঁটা।২৫ The Committee for Skeptical Inquiry
- ২০০৯ চনত বিজ্ঞানৰ নিয়েৰেনবাৰ্গ বঁটা। (Nierenberg Prize for Science in the Public Interest)২৬
স্বীকৃতি
- ১৯৮৯ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা ডক্তৰেট সন্মান।২৭
- ১৯৯৭ চনত ৰয়েল ছ'ছাইটি সাহিত্য সমাজৰ সভ্য নিৰ্বাচিত।
- ২০০১ চনত ৰয়েল ছ'ছাইটিৰ সভ্য (FRS) নিৰ্বাচিত।১৪
- ২০০৭ চনত "টাইম" আলোচনীয়ে তেওঁক বিশ্বৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাভুক্ত কৰে।২৮
- "দ্য ডেইলী টেলিগ্ৰাফ"-এ যুগুত কৰা ১০০জন জীৱন্ত জিনিয়াছৰ ২০০৭ চনত তালিকাখনত তেওঁ ২০তম স্থান দখল কৰে।২৯

ৰিচাৰ্ড ড'কিনছ্ বঁটা
২০০৩ চনৰ পৰা "এথিয়েষ্ট এলায়েন্স ইণ্টাৰনেছ'নেল"-এ (Atheist Alliance International) তেওঁলোকৰ বাৰ্ষিক সন্মিলনীত এজন অসামান্য নাস্তিকক সন্মান জনোৱাৰ উদ্দেশ্যেৰে বঁটা প্ৰদান কৰি আহিছে। তেওঁ এনে এজন ব্যক্তি হ'ব লাগিব যিয়ে বিগত বছৰটোত নাস্তিকতাবাদৰ বিষয়ে সজাগতা আনিবৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কৰ্ম কৰিছে। তেওঁলোকে আগবঢ়োৱা এই বঁটাটোক "ৰিচাৰ্ড ড'কিনছ্" বঁটা বুলি জনা যায়। এই নামকৰণৰ জৰিয়তে তেওঁলোকে ৰিচাৰ্ড ড'কিনছৰ অৱদান আৰু অৰিহণাক সন্মানপ্ৰদৰ্শন কৰিছে।৩০
গ্ৰন্থ আৰু তথ্যচিত্ৰ
গ্ৰন্থাৱলী
- (1976). The Selfish Gene. Oxford University Press. ISBN 978-0-19-286092-7
- (1982). The Extended Phenotype. Oxford University Press. ISBN 978-0-19-288051-2
- (1986). The Blind Watchmaker. W. W. Norton & Company. ISBN 978-0-393-31570-7
- (1995). River Out of Eden. Basic Books. ISBN 978-0-465-06990-3 Book text
- (1996). Climbing Mount Improbable. W. W. Norton & Company. ISBN 978-0-393-31682-7
- (1998). Unweaving the Rainbow. Houghton Mifflin. ISBN 978-0-618-05673-6
- (2003). A Devil's Chaplain. Weidenfeld & Nicolson (United Kingdom and Commonwealth), Houghton Mifflin (United States). ISBN 978-0753817506
- (2004). The Ancestor's Tale. Houghton Mifflin. ISBN 978-0-618-00583-3
- (2006). The God Delusion. Bantam Press (United Kingdom), Houghton Mifflin (United States). ISBN 978-0-618-68000-9
- (2009). The Greatest Show on Earth: The Evidence for Evolution. Transworld (United Kingdom and Commonwealth), Free Press (United States). ISBN 978-0-593-06173-2
- (2011). The Magic of Reality: How We Know What's Really True. Bantam Press (United Kingdom), Free Press (United States). ISBN 978-1-4391-9281-8
- (2013). An Appetite for Wonder: The Making of a Scientist. Bantam Press (United Kingdom and United States). ISBN 978-0-06-228715-1
- (2015). Brief Candle in the Dark: My Life in Science. Bantam Press (United Kingdom and United States). ISBN 978-0062288431
- (2017). Science in the Soul: Selected Writings of a Passionate Rationalist. Random House. ISBN 978-1-4735-4166-5
- (2019). Outgrowing God: A Beginner's Guide. Random House. ISBN 978-1984853912
তথ্যচিত্ৰ
- Nice Guys Finish First (১৯৮৬)
- The Blind Watchmaker (১৯৮৭)৩১
- Growing Up in the Universe (১৯৯১)
- Break the Science Barrier (১৯৯৬)
- The Atheism Tapes (২০০৪)
- The Big Question (টেলিভিছনত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত) (২০০৫) – Part 3 of the TV series, titled "Why Are We Here?"
- The Root of All Evil? (২০০৬)
- The Enemies of Reason (২০০৭)
- The Genius of Charles Darwin (২০০৮)
- The Purpose of Purpose (২০০৯) – Lecture tour among American universities
- Faith School Menace? (২০১০)
- Beautiful Minds (টেলিভিছন অনুষ্ঠান) (এপ্ৰিল ২০১২) – BBC4 documentary
- Sex, Death and the Meaning of Life (২০১২)৩২
- The Unbelievers (২০১৩)
বাহ্যিক সংযোগ
- ৰিচাৰ্ড ড'কিনছ ফাউণ্ডেছন ফ'ৰ ৰিজন এণ্ড ছায়েন্সৰ ৱেবপৃষ্ঠা
- "ইণ্ডিপেণ্ডেণ্ট"ত ৰিচাৰ্ড ড'কিনছৰ শেহতীয়া বাতৰি
- "দ্য নিউ ইউৰ্ক টাইমছ"ত ৰিচাৰ্ড ড'কিনছ্
- "বিগ থিংক"ত ৰিচাৰ্ড ড'কিনছ্
তথ্যসূত্ৰ
- ↑ Tortoise. (2 December 2019). OMG – A ThinkIn with Richard Dawkins. YouTube
- ↑ Fahy, Declan. (2015). The New Celebrity Scientists: Out of the Lab and into the Limelight. Rowman & Littlefield Publishers
- ↑ Dawkins, Richard 1941– – Contemporary Authors, New Revision Series. Encyclopedia.com. Cengage Learning
- ↑ Dawkins, Richard. My mother is 100 today. She & my late father gave me an idyllic childhood. Her writings on that time are quoted in An Appetite for Wonder. Twitter
- ↑ Dawkins, Richard. My beloved mother died today, a month short of her 103rd birthday. As a young wartime bride she was brave and adventurous. Her epic journey up Africa, illegally accompanying my father, is recounted in passages from her diary, reproduced in An Appetite for Wonder. Rest in Peace.. Twitter
- ↑ Burke's Landed Gentry 17th edition, ed. L. G. Pine, 1952, 'Dawkins of Over Norton' pedigree
- ↑ D
- ↑ (12 October 2001). Richard Dawkins: The foibles of faith. BBC News
- ↑ Pollard, Nick. (April 1995). High Profile. Third Way. পৃ. 15
- ↑ Hattenstone, Simon. (10 February 2003). Darwin's child. The Guardian
- ↑ Dawkins 2015, পৃ. 175
- ↑ Preston, John. (2006-12-17). Preaching to the converted. Daily Telegraph
- ↑ Dawkins, Richard. (1966). Selective pecking in the domestic chick. bodleian.ox.ac.uk. University of Oxford
- ↑ Dawkins, Richard. (1 January 2006). Curriculum vitae
- ↑ Dawkins, Richard. (1 January 2006). Richard Dawkins: CV For direct link to media, see this link
- ↑ (5 April 2004). "Belief" interview. BBC
- ↑ Simonyi, Charles. (15 May 1995). Manifesto for the Simonyi Professorship. The University of Oxford
- ↑ (23 April 2008). Aims of the Simonyi Professorship
- ↑ Previous holders of The Simonyi Professorship. The University of Oxford
- ↑ (2 May 2008). Emeritus, Honorary and Wykeham Fellows. New College, Oxford
- ↑ The Current Simonyi Professor: Richard Dawkins. The University of Oxford
- ↑ (5 June 2011). New university to rival Oxbridge will charge £18, 000 a year. Sunday Telegraph
- ↑ (1993). CSICOP's 1992 Awards. Skeptical Inquirer. পৃ. 236
- ↑ (2007). Galaxy British Book Awards — Winners & Shortlists 2007. Publishing News
- ↑ Stiftung, Giordano Bruno. (28 May 2007). Deschner-Preis an Richard Dawkins. Humanistischer Pressedienst Note: Web page in German
- ↑ Scripps Institution of Oceanography. (7 April 2009). Scripps Institution of Oceanography Honors Evolutionary Biologist, Richard Dawkins, in Public Ceremony and Lecture. Scripps Institution of Oceanography
- ↑ (26 August 2005). Durham salutes science, Shakespeare and social inclusion. Durham University News
- ↑ Behe, Michael. (3 May 2007). 28804, 1595326_1595329_1616137, 00.html Time Top 100. TIME
- ↑ (28 October 2007). Top 100 living geniuses. The Daily Telegraph
- ↑ Slack, Gordy. (30 April 2005). The atheist. Salon
- ↑ Staff. BBC Educational and Documentary: Blind Watchmaker. BBC
- ↑ Staff. Sex, Death and the Meaning of Life. Channel 4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিচাৰ্ড ড'কিনছ্” প্ৰবন্ধৰ সংশোধন ৬৩১০৪৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।