অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজবালা দাস

ৰাজবালা দাস অসমৰ এগৰাকী শিক্ষাবিদ। ১৮৯৩ চনৰ ৮ মাৰ্চ তাৰিখে ডিব্ৰুগড়ত ৰাজবালা দাসৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰমাকান্ত বৰুৱা আৰু মাতৃ কমলা বৰুৱা। ১৯১৫ চনত কলিকতাৰ বেথুন কলেজৰ পৰা তেখেতে এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰে।

হালনাগাদ: ৩০ জুন ২০২২ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ৰাজবালা দাস অসমৰ এগৰাকী শিক্ষাবিদ। ১৮৯৩ চনৰ ৮ মাৰ্চ তাৰিখে ডিব্ৰুগড়ত ৰাজবালা দাসৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰমাকান্ত বৰুৱা আৰু মাতৃ কমলা বৰুৱা। ১৯১৫ চনত কলিকতাৰ বেথুন কলেজৰ পৰা তেখেতে এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰে। ১৯২০ চনত স্নাতক আৰু ডাঃ জ্যোতিষ চন্দ্ৰ দাসৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত প্ৰাইভেট প্ৰাৰ্থী হিচাপে এম.এ. পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯২৮ চনত “স্ত্ৰী শিক্ষাৰ বাবে কেই আষাৰমান” নামৰ গ্ৰন্থৰে তেওঁ সাহিত্য জগতত প্ৰৱেশ কৰে। ১৯৩৯ চনত তেওঁ গুৱাহাটীত মহিলাৰ শিক্ষা অনুষ্ঠান “সন্দিকৈ ছোৱালী মহাবিদ্যালয়” স্থাপন কৰে আৰু অসমৰ প্ৰথম মহিলা অধ্যক্ষা ৰূপে কাৰ্য্যনিৰ্বাহ কৰে। কটন বিশ্ববিদ্যালয়ত ছাত্ৰী সকলে শিক্ষা গ্ৰহণৰ সুবিধা পোৱাৰ ক্ষেত্ৰত অসমত স্ত্ৰী-শিক্ষাৰ বাটকটীয়া এই গৰাকী নাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ। ১৯৮৫ চনৰ ২৩ এপ্ৰিলত তেখেতৰ মৃত্যু হয়।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজবালা দাস” প্ৰবন্ধৰ সংশোধন ৩২৫৮০১ (৩০ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।