অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰমলা সিনহা

ৰমলা সিনহা (Romola Sinha, ১৯১৩–২০১০) ভাৰতৰ পশ্চিমবংগৰ এগৰাকী মহিলা অধিকাৰকৰ্মী আৰু সমাজ-কৰ্মী আছিল। তেওঁৰ স্বামী এজন সুপৰিচিত দণ্ডাধীশ আৰু কালেক্টৰ আছিল৷ তেওঁ ৰায়পুৰৰ অভিজাত বেৰন সিনহা পৰিয়ালৰ সদস্য আছিল। তেওঁ স্বাধীনতাৰ পূৰ্বে হাউছ অৱ লৰ্ডছলৈ উত্তৰণ ঘটা একমাত্ৰ ভাৰতীয় আছিল।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ৰমলা সিনহা (Romola Sinha, ১৯১৩–২০১০) ভাৰতৰ পশ্চিমবংগৰ এগৰাকী মহিলা অধিকাৰকৰ্মী আৰু সমাজ-কৰ্মী আছিল।১২৩

তেওঁৰ স্বামী এজন সুপৰিচিত দণ্ডাধীশ আৰু কালেক্টৰ আছিল৷ তেওঁ ৰায়পুৰৰ অভিজাত বেৰন সিনহা পৰিয়ালৰ সদস্য আছিল।৪ তেওঁ স্বাধীনতাৰ পূৰ্বে হাউছ অৱ লৰ্ডছলৈ উত্তৰণ ঘটা একমাত্ৰ ভাৰতীয় আছিল। সৰুৰে পৰাই সমাজসেৱা আৰু নাৰী অধিকাৰ কৰ্মীৰ লগত তেওঁ জড়িত আছিল। দেৱদাসী ব্যৱস্থা বিলুপ্ত কৰা, বেশ্যাবৃত্তি আৰু বেশ্যাৰ সন্তানৰ পুনৰ্বাসনৰ বাবে কৰা যুঁজৰ বাবে তেওঁ বিখ্যাত আছিল।৫৬

১৯৩২ চনৰ পৰা বংগৰ আন মহিলা কৰ্মী যেনে সুনীতি দেৱী, কোচবিহাৰৰ মহাৰাণী, চাৰুলাতা মুখাৰ্জী, সুচাৰু দেৱী, ময়ুৰভঞ্জৰ মহাৰাণী আৰু টি আৰ নেলীৰ সৈতে তেওঁ ১৯৩২ চনৰ পৰা সদৌ বংগ মহিলা সংঘৰ প্ৰতিষ্ঠাপক সদস্য আছিল।৭ ১৯৩৩ চনত দ্য বেংগল চাপ্ৰেচন অৱ ইম'ৰেল ট্ৰেফিক বিল গৃহীত হোৱাৰ পিছত সংঘই কিশোৰী-যুৱতীক উদ্ধাৰ কৰি ডমডমত সদৌ বংগ মহিলা ঔদ্যোগিক প্ৰতিষ্ঠান নামৰ এটা পুনৰ্বাসন গৃহ আৰম্ভ কৰে।৮ পিছলৈ দুৰ্গাবাই দেশমুখে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠান পশ্চিম বংগৰ কেন্দ্ৰীয় সমাজ কল্যাণ ব'ৰ্ডৰ প্ৰথম অধ্যক্ষ ৰমলা সিনহা হয়।৯১৯৩২ চনত কোচ বেহাৰৰ মহাৰাণী সুনীতি দেৱীৰ সভাপতিত্বত প্ৰতিষ্ঠা হোৱা সদৌ বংগ মহিলা সংঘৰ প্ৰথম সম্পাদিকাও আছিলআৰু পিছলৈ বহু বছৰ ধৰি এবিডব্লিউইউৰ সভানেত্ৰী হৈছিল।৫ পিছলৈ ৰেণুকা ৰয়, সীতা চৌধুৰী, আৰতি সেন আদি সমসাময়িক আন আন ব্যক্তিসকলৰ সৈতে কাম কৰাৰ লগতে পশ্চিমবংগৰ পিছৰ প্ৰজন্মৰ মহিলা কৰ্মী যেনে- শীলা দাভাৰ, বেলা সেন, মানেক মোডী, জয়া চলিহা, প্ৰণাতি ঘোষাল, খোৰছেদ নাৰিলৱালা আদিৰ বাবে পথ প্ৰদৰ্শক আছিল।

তথ্যসূত্ৰ

  1. ↑ Women Show The Way in Bengal
  2. ↑ Datta-Ray, Sunanda K. (15 February 2003). Grande Dames of Service. The Telegraph
  3. ↑ (20 July 2010). Remains of the Past. The Telegraph
  4. ↑ The women's movement and colonial politics in Bengal: the quest for political rights, education, and social reform legislation, 1921–1936 by Barbara Southard pp X, 232, 242
  5. ↑ Gupta, Ashoka. (2005). In the Path of Service: Memories of a Changing Century By Ashoka Gupta, Sipra Bhattacharya. Popular Prakashan. পৃ. 158, 246, 258. ISBN 9788185604565
  6. ↑ Spink, Kathryn. (1981). The miracle of love: Mother Teresa of Calcutta, her Missionaries of Charity, and her co-workers. Harper & Row. পৃ. 49. ISBN 9780060674977
  7. ↑ Pruthi, Raj; Devi, Rameshwari; Pruthi, Romila. (1999). Encyclopaedia of Status and Empowerment of Women in India: Indian women, present status and future prospects. Mangal Deep Publications. পৃ. 192. ISBN 9788175940413
  8. ↑ Datta-Ray, Sunanda K. (11 January 2007). Where Charity Begins. The Telegraph, Kolkata
  9. ↑ Social welfare organization working for women empowerment and rehabilitation. www.abwu.org

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমলা সিনহা” প্ৰবন্ধৰ সংশোধন ৪৮৭৪৫৪ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।