অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৬ অক্টোবৰ

১৭৬২ – সাত বছৰীয়া যুদ্ধ: ব্ৰিটিছ সকলে স্পেইনৰ পৰা মানিলা দখল কৰে আৰু ইয়াক নিজৰ অধীন কৰে। ১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধ: ক্ৰিটত এটা অৰ্ধসামৰিক গোটে তেৰজন নাগৰিকক জীৱিত অৱস্থাত জ্বলাই দিয়ে। ১৯৪৮ - তুৰ্কমেনিস্তানৰ আশ্বগাবাট (Ashgabat) চহৰ ভূমিকম্পই (ৰিখটাৰ স্কেলত ৭.৩ জোখৰ) ধ্বংস কৰে।

হালনাগাদ: ১১ মাৰ্চ ২০২৪ ৩২৮ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৭৬২ – সাত বছৰীয়া যুদ্ধ: ব্ৰিটিছ সকলে স্পেইনৰ পৰা মানিলা দখল কৰে আৰু ইয়াক নিজৰ অধীন কৰে।
  • ১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধ: ক্ৰিটত এটা অৰ্ধসামৰিক গোটে তেৰজন নাগৰিকক জীৱিত অৱস্থাত জ্বলাই দিয়ে।
  • ১৯৪৮ - তুৰ্কমেনিস্তানৰ আশ্বগাবাট (Ashgabat) চহৰ ভূমিকম্পই (ৰিখটাৰ স্কেলত ৭.৩ জোখৰ) ধ্বংস কৰে। প্ৰতিবেদনসমূৰ মতে ১,১০,০০০ জনলৈকে লোক নিহত হৈছিল, যাৰ ফলত ই ১০টা আটাইতকৈ ভয়ংকৰ ভূমিকম্পৰ ভিতৰত এটা হৈ পৰিছিল।
  • ১৯৫৬ - বিজ্ঞানী এলবাৰ্ট চাবিনে ঘোষণা কৰে যে তেওঁৰ মৌখিক পলিঅ' ভেকছিন পৰীক্ষাৰ বাবে সাজু; ই সোনকালেই পৃথিৱীৰ বহুঠাইত জোনাছ চালকৰ ভেকছিনক স্থানান্তৰ কৰিব।
  • ১৯৮৩ - পাঞ্জাৱত ৰাষ্ট্ৰপতি শাসন প্ৰবৰ্তন কৰা হয়।
  • ১৯৮৭ – ফিজি গণৰাজ্যত পৰিণত হয়।
  • ১৯৯৫ – আন্য় এটা সূৰ্যক প্ৰদক্ষিণ কৰা প্ৰথম গ্ৰহ ৫১ পেগাচি বি আৱিষ্কাৰ হয়।

জন্ম

  • ১৭৭৩ – লুই ফিলিপ প্ৰথম, ফ্ৰান্সৰ ৰজা। (মৃঃ ১৮৫০)
  • ১৮৪৬ - জৰ্জ ৱেষ্টিংহাউছ কনিষ্ঠ, আমেৰিকান উদ্যোগী আৰু অভিযন্তা।
  • ১৮৮৭ - লী ক'ৰবাজিয়ে, খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক।
  • ১৮৯৩ - মেঘনাদ সাহা, ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী, প্ৰতিষ্ঠান নিৰ্মাতা আৰু সাংসদ, তেখেতে 'আয়'নাইজেছন থিয়ৰী' বিকশিত কৰিছিল আৰু নক্ষত্ৰীয় বৰ্ণালীৰ ব্যাখ্যাত ইয়াৰ প্ৰয়োগ কৰিছিল।
  • ১৯১৪ - টুৰ হেয়াৰ্ডাল, ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ আৰু পুৰাতত্ত্ববিদ।
  • ১৯৪৬ - বিনোদ খান্না, বলীউড অভিনেতা আৰু প্ৰযোজক।
  • ১৯৫০ - শামা ভাটে, ভাৰতীয় কথক নৃত্যশিল্পী।
  • ১৯৬৩ - সঞ্জয় মিশ্ৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
  • ১৯৬৬ - শিৰীন শাৰমিন চৌধুৰী, বাংলাদেশী ৰাজনীতিবিদ। বাংলাদেশৰ ইতিহাসত জাতীয় সংসদৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ।
  • ১৯৯১ - নিকিতা সিং, ভাৰতীয় লেখক।

মৃত্যু

  • ১৯৫১ - অটো ফ্ৰিটজ মেয়াৰহ'ফ, ন'বেল বঁটা বিজয়ী জাৰ্মান-আমেৰিকান চিকিৎসক আৰু জৈৱ ৰসায়নবিদ। (জঃ ১৮৮৪)
  • ১৯৮১ - আনৱাৰ সাদাত, ইজিপ্তৰ তৃতীয় ৰাষ্ট্ৰপতি (১৯৭০-৮১), শান্তিৰ ন'বেল বঁটা জয়ী (১৯৭৮), ৬২ বছৰ বয়সত মৌলবাদী সেনা বিষয়াসকলে হত্যা কৰে।
  • ২০০৭ - লক্ষ্মী মল সিংভি, আইনবিদ, সাংসদ, পণ্ডিত আৰু কূটনীতিবিদ।
  • ২০০৭ - বাবাচাহেব ভোচালে, ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ, মহাৰাষ্ট্ৰৰ অষ্টম মুখ্যমন্ত্ৰী (জঃ ১৯২১)
  • ২০১২ - বি সত্য নাৰায়ণ ৰেড্ডী, উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু পশ্চিম বংগৰ ৰাজ্যপাল আছিল।
  • ২০১৪ - মৰিয়ন ছেল্ডেছ, আমেৰিকান অভিনেত্ৰী।
  • ২০২১ - অৰবিন্দ ত্ৰিবেদী, ভাৰতীয় অভিনেতা।

ছুটী আৰু দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

অক্টোবৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৬ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৪১০৯১১ (১১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।