অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩ অক্টোবৰ

আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

হালনাগাদ: ২ অক্টোবৰ ২০২২ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী

  • ১৯৩২ – ইৰাকে যুক্তৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধঃ গ্ৰীচৰ লিংজিয়াডেছত (Lingiades) জাৰ্মান বাহিনীয়ে ৯২জন নাগৰিকক হত্যা কৰে।
  • ১৯৫২ – যুক্তৰাজ্যই বিশ্বৰ তৃতীয় পাৰমাণৱিক শক্তি হিচাপে পৰিগণিত হ'বলৈ সফলতাৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰে।
  • ১৯৭৮ - কলকাতাত ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় টেষ্ট টিউৱ শিশু দুৰ্গা ওৰফে কানুপ্ৰিয়া আগৰৱালাৰ জন্ম হয়। চিকিৎসা বিজ্ঞানী সুভাষ মুখোপাধ্যায় সৃষ্টিকৰ্তা আছিল।
  • ১৯৯২ - গীত চেঠীয়ে বিশ্ব পেছাদাৰী বিলিয়ৰ্ড চেম্পিয়নশ্বিপ জয় কৰে।
  • ২০১০ - দিল্লীত ১৯তম কমনৱেল্‌থ গেইমৰ শুভাৰম্ভ হৈছিল।

জন্ম

  • ১৯২১ - তিলক হাজৰিকা, অসমীয়া সাংবাদিক আৰু সাহিত্যিক।
  • ১৯৩০ - শশী শৰ্মা, অসমীয়া শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক।
  • ১৯৩৪ - হিতেশ্বৰ শইকীয়া, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। (কিছুমান ঠাইত ৫ অক্টোৱৰ বুলি আছে) ১
  • ১৯৩৫ - প্ৰতিমা বৰুৱা পাণ্ডে, গোৱালপৰীয়া লোকগীতৰ শিল্পী।
  • ১৯৩৯ - উমেশ বৈশ্য, অসমীয়া শিল্পী,শিক্ষাবিদ, সাহিত্যিক।
  • ১৯৪৯ - জে.পি. দত্ত, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু চিত্ৰনাট্য লেখক।
  • ১৯৫৩ - দীপক মিশ্ৰ, ভাৰতৰ ৪৫তম মুখ্য ন্যায়াধীশ।
  • ১৯৮১ - জ্লাটান ইব্ৰাহিমোভিছ, চুইডিছ পেছাদাৰী ফুটবলাৰ।

মৃত্যু

  • ১৮৬৭ - ইলিয়াছ হোৱে, আমেৰিকান অভিযন্তা আৰু চিলাই মেচিনৰ আৱিষ্কাৰক।
  • ১৮৯৬ - ৱিলিয়াম মৰিছ, ইংৰাজ কবি আৰু সাহিত্যিক। (জন্ম: ১৮৩৪ চন)
  • ১৯২৩ - কাদম্বিনী গাংগুলী, ভাৰতীয় চিকিৎসক। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী মহিলা।
  • ২০০৭ - এম এন বিজয়, ভাৰতীয় লেখক।
  • ২০১১ - উত্তম বৰুৱা, অসমীয়া প্ৰবন্ধকাৰ আৰু নাট্যকাৰ।
  • ২০১২ - আব্দুল হক আনছাৰী, ভাৰতীয় ধৰ্মতত্ত্ববিদ আৰু পণ্ডিত।(জঃ ১৯৩১)
  • ২০১৭ - জালাল তালাবানি, ইৰাকী-কুৰ্দিছ ৰাজনীতিবিদ আৰু ইৰাকৰ ৰাষ্ট্ৰপতি (২০০৫-২০১৪), ৮৩ বছৰ বয়সত মৃত্যু হয়।

দিৱস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ সমীন কলিতা. (২০০৭). অসমৰ মুখ্যমন্ত্ৰীসকল, পঞ্চম প্ৰকাশ. ৰাজেন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰ প্ৰকাশ পাণবজাৰ. পৃ. ৯১, ৯২, ৯৩, ৯৪ পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

অক্টোবৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৩৪২২২ (২ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।