উত্তম বৰুৱা (ইংৰাজী:UTTAM BORUAH) হৈছে এজন অসমীয়া প্ৰবন্ধকাৰ আৰু নাট্যকাৰ। ১
জন্ম আৰু বংশ পৰিচয়
- উত্তম বৰুৱাৰ জন্ম হৈছিল ১৯৩৯ চনৰ ৫ জুলাই তাৰিখে গুৱাহাটীৰ আজাৰাত। তেখেতৰ পিতৃৰ নাম জগত চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম ৰজনী বৰুৱা আছিল। ২
কৰ্মজীৱন
- উত্তম বৰুৱা গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ নবীন চন্দ্ৰ বৰদলৈ হল আৰু লাইব্ৰেৰীৰ গ্ৰন্থাগাৰিক আৰু পিছলৈ জন সম্পৰ্কৰক্ষী বিষয়া হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি আজীৱন সাহিত্য চৰ্চাত নিয়োজিত থাকিছিল। ৩
নাটক
- লাচিত বৰফুকন ৪
- কুশল কোঁৱৰ ৫
- পণ্ডিতৰ জীৱন ৬
- আজিৰ মানুহ ৭
- মধ্যবিত্তৰ সংসাৰ ৮
- মোমাই তামোলী বৰবৰুৱা ৯
- দৃষ্টিপাত ১০
- চোৰ ১১
- বৰৰজা ফুলেশ্বৰী ১২
- হেংদাং ১৩
- বৰ মানুহৰ দোলা (১৯৬০)
- নাটক ৰচনাৰ উপৰিও তেওঁ নীলাচল, ৰংঘৰ, পূৰ্বাচল, দৈনিক অসম, অসমবাণী, অগ্ৰদূত আদি কাকত আলোচনীত তত্ত্বগধুৰ প্ৰবন্ধ লিখিছিল।
বঁটা
- আমেৰিকান বায়’গ্ৰাফিকেল ইনষ্টিটিউটৰ পৰা ২০০০ চনত বছৰটোৰ শ্ৰেষ্ঠ ব্যক্তিৰ সন্মান লাভ কৰে। ১৪
- জ্যোতিৰূপাৰ পৰা 'কৰ্মশ্ৰী বঁটা' আৰু ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া সংস্থাৰ সন্মান লাভ কৰে। ১৫
- কলিকতাৰ ৰাজা ৰামমোহন ৰায় ফাউণ্ডেচনৰ সদস্য হিচাপেও মনোনীত হৈছিল। ১৬
মৃত্যু
- এইগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন নাট্যকাৰ, শিল্পী তথা সু-সাহিত্যিক উত্তম বৰুৱাৰ ২০১১ চনৰ ৩ অক্টোবৰ নিশা গুৱাহাটীৰ ডাউন টাউন হাস্পটালত শেষ নিশ্বাস ত্যাগ কৰে। ১৭
তথ্যসূত্ৰ
- ↑ কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮

উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তম বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৬৪০৯৬ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।