এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯২৩ - তুৰস্কক গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে ঘোষণা কৰা হয়। ইস্তানবুলৰ পৰা আংকাৰালৈ দেশখনৰ ৰাজধানী স্থানান্তৰিত কৰা হয়।
- ১৯০৮ - যক্ষ্মাৰ প্ৰতিষেধক ছিটা বি চি জি আবিস্কাৰ কৰা হৈছিল।
- ২০০২ - ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়।
জন্ম
- ১৭৪০ - জেছ বছৱেল, স্কটলেণ্ডৰ সাহিত্যিক, জীৱনীকাৰ।
- ১৮৫১ - ৰায়বাহাদুৰ জগন্নাথ বৰুৱা, অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা।
- ১৮৯৭ - যোছেফ গোৰৱেলছ, হিটলাৰৰ অধীনৰ জাৰ্মানীৰ প্ৰচাৰমন্ত্ৰী।
- ১৯১৭ - সত্য প্ৰসাদ বৰুৱা, অসমীয়া নাট্যকাৰ।
- ১৯২০ - বাৰুজ বেনাকেৰৰাফ, প্ৰখ্যাত আমেৰিকান বিজ্ঞানী।
- ১৯৮৫ - বিজেন্দৰ সিং, ভাৰতীয় পেছাদাৰী বক্সাৰ আৰু ৰাজনীতিবিদ।
মৃত্যু
- ১৯৩৩ - এলবাৰ্ট কামেট, ফৰাচী বিজ্ঞানী।
- ১৯৫৮ - মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, জ্ঞান-মালিনী কবি খ্যাত অসমীয়া কবি।
- ২০২০ - গৌৰী বৰ্মন, অসমৰ চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ নিৰ্মাতা।
দিৱস
- গণতন্ত্ৰ দিৱস (তুৰস্ক)।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৯ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৩৬০৫২ (২৮ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।