২০১২ বৰ্ষৰ চলচ্চিত্ৰ
১১ প্ৰবন্ধ
-
বোঝেনা সে বোঝেনা
বোঝেনা সে বোঝেনা (Bojhena Shey Bojhena) হʼল ২০১২ চনত মুক্তিপ্ৰাপ্ত, ৰাজ চক্ৰৱৰ্তীৰদ্বাৰা পৰিচালিত, ভাৰতীয় বঙালী প্ৰেমজনিত নাট্য চলচ্চিত্ৰ। ছবিখন শ্ৰী ভেংকটেশ ফিল্মছৰ বেনাৰত প্ৰযোজিত হৈছিল। চলচ্চিত্ৰখন দুটা সমান্তৰাল প্ৰেমৰ কাহিনীৰ আধাৰত নিৰ্মিত হৈছে।
-
হিৰোইন (২০১২ চলচ্চিত্ৰ)
হিৰোইন ( Heroine ) ২০১২ চনৰ, মধুৰ ভাণ্ডাৰকাৰৰ পৰিচালিত আৰু ৰচিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। ভাণ্ডাৰকাৰ ছবিখনৰ সহ-প্ৰযোজকো। বৰ্তমান কেৰিয়াৰৰ অৱনতি ঘটা, এসময়ৰ সফল চলচ্চিত্ৰ অভিনেত্ৰী এগৰাকীৰ জীৱনক কেন্দ্ৰ কৰি হিৰোইনৰ ছবিৰ কাহিনী আগবাঢ়িছে। ছবিৰ নায়িকা কৰীনা কাপুৰ।
-
অ'চেন অফ টিয়েৰৰ্চ
অ'চেন অফ টিয়েৰৰ্চ (Ocean of Tears) হ'ল ২০১২ চনত ৰাজীৱ মেহৰোটাৰ দ্বাৰা প্ৰযোজিত কাশ্মীৰী ভাষাত বিল্লাল এ জান পৰিচালিত এখন চুটি তথ্যচিত্ৰ, এই তথ্যচিত্ৰখন ভাৰতীয় ৰাজহুৱা সেৱা সম্প্ৰচাৰ ন্যাস (পিবিএছটি) ৰ বেনাৰত নিৰ্মিত।
-
অৰ্ধনাৰী (চলচ্চিত্ৰ)
অৰ্ধনাৰী ( Ardhanaari ) ২০১২ চনৰ ভাৰতীয় মালয়ালম ভাষাৰ কেৰালাৰ ট্ৰাঞ্চজেণ্ডাৰসকলৰ জীৱনক লৈ নিৰ্মিত এখন ছবি। পৰিচালক সন্তোষ সৌপৰ্ণিকা। এম জি শ্ৰীকুমাৰে তেওঁৰ প্ৰডাকচন হাউচ এম জি চাউণ্ড এণ্ড ফ্ৰেমছৰ অধীনত ছবিখন প্ৰযোজনা কৰিছে।
-
অ’ মাই গড!
অ’ মাই গড! (ইংৰাজী: OMG – Oh My God!) হ’ল ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় হিন্দী ভাষাৰ ব্যংগাত্মক কমেডী ড্ৰামা চলচ্চিত্ৰ। উমেশ শুক্লাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এই চিনেমাখন ভায়াকম ১৮ মোচন পিকচাৰ্ছ, এছ স্পাইচ ষ্টুডিঅ’, গ্ৰেজিং গোট পিকচাৰ্ছ আৰু প্লেটাইম ক্ৰিয়েশ্যনছৰ দ্বাৰা নিৰ্মিত।
-
এঞ্জেলছ অৱ ছেক্স (চলচ্চিত্ৰ)
এঞ্জেলছ অৱ ছেক্স (El Sexo de los Ángeles) হৈছে জেভিয়াৰ ভিলাভাৰ্ডেৰ এখন স্পেনিছ ছবি য'ত আলভাৰো চাৰ্ভান্টেছ, আষ্ট্ৰিড বাৰ্গেছ-ফ্ৰিছবে আৰু ল'ৰেন্স গনজালেজে অভিনয় কৰিছে। ২০১২ চনত এইখন চলচ্চিত্ৰ মুক্তি লাভ কৰে। তাৰোপৰি ইয়াক কাটালন ভাষাতো ডাব কৰা হৈছে।
-
চিত্ৰাংগদা: দ্য ক্ৰাউনিং উইচ
চিত্ৰাংগদা: দ্য ক্ৰাউনিং উইচ ( Chitrangada: The Crowning Wish ) ২০১২ চনত ঋতুপৰ্ণ ঘোষৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত বাংলা ভাষাৰ এখন ছবি। ২০১২ চনৰ ২৫ মে'ত নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয়। ছবিখনত নিজৰ লিংগ পৰিচয়ৰ সৈতে যুঁজি থকা এজন কৰিঅ’গ্ৰাফাৰৰ কাহিনী।
-
টেল অৱ এ ফৰেষ্ট
টেল অৱ এ ফৰেষ্ট (Tale of a Forest) হ'ল ২০১২ চনত কিম ছাৰ্নিলুওটো আৰু ভিলে চুহোনেনৰ দ্বাৰা পৰিচালিত ফিনলেণ্ডৰ এখন প্ৰাকৃতিক তথ্যচিত্ৰ। ইয়াত অৰণ্যৰ ফুটেজৰ সৈতে ফিনলেণ্ডৰ লোককথা বৰ্ণনা কৰা হৈছে। এইখন যেতিয়া মুক্তি পাইছিল তেতিয়া ই ফিনলেণ্ডৰ এখন তথ্যচিত্ৰত উপস্থিতিৰ অভিলেখ ভংগ কৰিছিল।
-
দ্য ৱৰ্ল্ড বিফোৰ হাৰ
দ্য ৱৰ্ল্ড বিফোৰ হাৰ (The World Before Her) হ'ল নিশা পাহুজাৰ দ্বাৰা পৰিচালিত আৰু ষ্ট’ৰীলাইন এণ্টাৰটেইনমেণ্টৰ দ্বাৰা নিৰ্মিত ২০১২ চনৰ টৰণ্টোৰ এমি বঁটা বিজয়ী কানাডাৰ এখন তথ্যচিত্ৰ।
-
২২ ফিমেল কোট্টায়ম
২২ ফিমেল কোট্টায়ম ( 22 Female Kottayam বা 22FK) ২০১২ চনত আছিক আবুৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় মালয়ালম ভাষাৰ এখন থ্ৰিলাৰ ছবি। শ্যাম পুষ্কৰণ আৰু অভিলাষ এছ কুমাৰৰ দ্বাৰা ৰচিত ছবিখনত অভিনয় কৰিছে ৰীমা কলিংগল আৰু ফাহাধ ফাছিলে। ইয়াৰ চেট আৰু চিত্ৰগ্ৰহণ বেংগালুৰুত কৰা হৈছিল।
-
৩ কন্যা
৩ কন্যা ( 3 Kanya ) ২০১২ চনৰ অগ্নিদেৱ চেটাৰ্জীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন বাংলা মনস্তাত্বিক একচন থ্ৰিলাৰ ছবি। ছবিখনত তিনিগৰাকী মহিলাৰ জীৱনৰ কাহিনী বৰ্ণনা কৰা হৈছে। এই তিনিটা চৰিত্ৰত অভিনয় কৰিছে ঋতুপৰ্ণা সেনগুপ্ত, অনন্যা চেটাৰ্জী আৰু উন্নতি দাভাৰাই।[1][2]