ঘটনাৱলী
- ১৯১১ - কলিকতাত এছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়।
- ১৯২৯ - অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয়।
- ১৯৭৫ - ছিক্কিমক ভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
- ১৯৯১ - ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ই-পাকিস্তান’ বুলি ঘোষণা কৰে পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে।
- ১৯৯৭ - ভাৰতৰ ৬-১০ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হয়।
- ১৯৯৯ - কুৱেইটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ সাব্যস্ত হয়।
জন্ম
- ১৯০৩ - ভীমবৰ দেউৰী, অসমীয়া জননেতা আৰু আইনজ্ঞ।
- ১৯০৫ - হেনৰী ফণ্ডা, আমেৰিকান অভিনেতা।
- ১৯৩১ - কে. নটৱৰ সিং, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৩৭ - ৰবাৰ্ট বি. ৱিলচন, আমেৰিকান অৰ্থনীতিবিদ।
- ১৯৫৩ - মিত্ৰা ফুকন, ভাৰতীয় লেখিকা, অনুবাদক আৰু স্তম্ভলেখক।
মৃত্যু
- ১৮৩০ - জোছেফ ফুৰিয়ে, ফৰাছী গণিতজ্ঞ।
- ১৯৯৪ - ফণী মজুমদাৰ, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ২০২১ - এম. এছ. নৰসিংহন, ভাৰতীয় গণিতজ্ঞ।
দিৱস
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৬ মে'” প্ৰবন্ধৰ সংশোধন ৫০৮৭৩৫ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।