অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হ'ম' ডিউছ

হ'ম' দিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুমৰো (হিব্ৰু: ההיסטוריה של המחר, ইংৰাজী: Homo Deus: A Brief History of Tomorrow) জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ইজৰাইলী লেখক য়ুভাল নোৱা হাৰাৰীয়ে লিখা এখন গ্ৰন্থ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

হ'ম' দিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুমৰো (হিব্ৰু: ההיסטוריה של המחר, ইংৰাজী: Homo Deus: A Brief History of Tomorrow) জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ইজৰাইলী লেখক য়ুভাল নোৱা হাৰাৰীয়ে লিখা এখন গ্ৰন্থ। ২০১৫ চনত প্ৰথমবাৰৰ বাবে এই কিতাপখন হিব্ৰু ভাষাত প্ৰকাশিত হৈছিল৷ ইংৰাজী ভাষাৰ সংস্কৰণটো ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত যুক্তৰাজ্যত আৰু ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাত প্ৰকাশ পাইছিল।

ইয়াৰ পূৰ্বৰ গ্ৰন্থ চেপিয়েন্স: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ডৰ দৰেই হাৰাৰীয়ে এইখন গ্ৰন্থতো তেওঁৰ ঐতিহাসিক জৰীপৰ সৈতে সম্পৰ্কিত নৈতিক বিষয়সমূহ আৰু তাৰে লগতে জড়িত পৰিঘটনা আৰু মানৱ অভিজ্ঞতাৰ বৰ্ণনা কৰে৷ ইয়াৰ লগতে তেওঁ মানৱ ইতিহাসৰ গতিপথকো সাঙুৰি লয়৷ গ্ৰন্থখনত হ'ম' ডিউছ (লেটিন ভাষাৰ পৰা হ'ম' অৰ্থাৎ মানুহ বা মানুহ আৰু "ডিউছ" অৰ্থাৎ ঈশ্বৰ) মানুহে (হ'ম' চেপিয়েন্স) তেওঁলোকৰ সমগ্ৰ অস্তিত্বৰ সময়ছোৱাত আহৰণ কৰা ক্ষমতা, আৰু পৃথিৱীৰ প্ৰধান প্ৰজাতি হিচাপে তেওঁলোকৰ বিৱৰ্তনৰ বিষয়ে অধিক আলোচনা কৰে। গ্ৰন্থখনত মানৱ জাতিৰ বৰ্তমানৰ সামৰ্থ্য আৰু সাফল্যৰ বৰ্ণনা আৰু ভৱিষ্যতৰ প্ৰতিচ্ছবি অংকন কৰাৰ প্ৰয়াস কৰা হৈছে।

সাৰাংশ

গ্ৰন্থখনে হ'ম' চেপিয়েন্সৰ ভৱিষ্যতৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ প্ৰয়াস কৰে৷ ইয়াৰ ভিত্তিত গ্ৰন্থখনত এক বিশেষ ৰূপৰেখা দাঙি ধৰা হৈছে যে একবিংশ শতিকাৰ সময়ছোৱাত মানুহে সুখ, অমৰত্ব আৰু ঈশ্বৰৰ দৰে শক্তি লাভৰ বাবে এক উল্লেখযোগ্য প্ৰচেষ্টা চলোৱাৰ সম্ভাৱনা আছে। গোটেই কিতাপখনতে হাৰাৰীয়ে অতীত আৰু বৰ্তমানৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে এই উচ্চাকাংক্ষা বাস্তৱায়িত হ'ব পাৰে বুলি বিভিন্ন ধৰণেৰে মুকলিকৈ অনুমান কৰিছে।১

বঁটা আৰু সন্মান

  • টাইম আলোচনীয়ে ২০১৭ চনৰ শীৰ্ষ দহখন অ-কাহিনীমূলক কিতাপৰ ভিতৰত অন্যতম হিচাপে হ'ম' ডিউছক তালিকাভুক্ত কৰিছিল।২
  • ৱেলকমে তেওঁলোকৰ ২০১৭ চনৰ গ্ৰন্থ বঁটাৰ বাবে হ'ম' ডিউছক longlist কৰিছিল।৩

জনপ্ৰিয় মঞ্চত সঁহাৰি

হ'ম' ডিউছৰ পৰ্যালোচনা বা আলোচনা দ্য নিউয়ৰ্ক টাইমছ,৪৫ দ্য গাৰ্ডিয়ান,৬৭ দ্য ইকনমিষ্ট,৮ দ্য নিউয়ৰ্কাৰ, এনপিআৰ,৯ ফাইনেন্সিয়েল টাইমছ১০ত কৰা হৈছিল৷

তথ্যসূত্ৰ

  1. ↑ Harari, Yuval Noah. (2017). Homo Deus: A Brief History of Tomorrow. Vintage. পৃ. 75–76. ISBN 978-1784703936
  2. ↑ Howorth, Claire. (November 21, 2017). The Top 10 Non-Fiction Books of 2017. Time
  3. ↑ Homo Deus · Wellcome Book Prize. wellcomebookprize.org
  4. ↑ Senior, Jennifer. (15 February 2017). Review: 'Homo Deus' Foresees a Godlike Future. (Ignore the Techno-Overlords.). The New York Times
  5. ↑ Mukherjee, Siddhartha. (13 March 2017). The Future of Humans? One Forecaster Calls for Obsolescence. The New York Times
  6. ↑ Adams, Tim. (11 September 2016). Homo Deus: A Brief History of Tomorrow by Yuval Noah Harari review – chilling. The Guardian
  7. ↑ Runciman, David. (24 August 2016). Homo Deus by Yuval Noah Harari review – how data will destroy human freedom. The Guardian
  8. ↑ (15 September 2016). Future shock. The Economist
  9. ↑ (12 March 2017). Are Liberals on the Wrong Side of History?. The New Yorker
  10. ↑ Thornhill, John. (31 August 2016). Planet of the apps – have we paved the way for our own extinction?. Financial Times

সম্পৰ্কিত শ্ৰেণী

য়ুৱাল নোৱা হাৰাৰীৰ গ্ৰন্থগ্ৰন্থঅ-কাহিনীমূলক গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হ'ম' ডিউছ” প্ৰবন্ধৰ সংশোধন ৬৩২৬২৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।