য়ুৱাল নোৱা হাৰাৰীৰ গ্ৰন্থ
৫ প্ৰবন্ধ
-
য়ুভাল নোৱা হাৰাৰি
য়ুভাল নোৱা হাৰাৰি (יובל נח הררי; জন্ম-২৪ ফেব্ৰুৱাৰী ১৯৭৬) হৈছে এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক।
-
চেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড
চেপিয়েনছ্: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড (קיצור תולדות האנושות; Ḳitsur toldot ha-enoshut) হৈছে প্ৰসিদ্ধ লেখক য়ুভাল নোৱাহ হাৰাৰীৰ এখন বহুপঠিত গ্ৰন্থ। ২০১১ চনত হিব্ৰু ভাষাত প্ৰকাশ পোৱা কিতাপখন হাৰাৰীয়ে জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ত দিয়া কেইটামান বক্তৃতাৰ আধাৰত লিখিছে।
-
হ'ম' ডিউছ
হ'ম' দিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুমৰো (হিব্ৰু: ההיסטוריה של המחר, ইংৰাজী: Homo Deus: A Brief History of Tomorrow) জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ইজৰাইলী লেখক য়ুভাল নোৱা হাৰাৰীয়ে লিখা এখন গ্ৰন্থ।
-
টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী
টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী (21 Lessons for the 21st Century) হৈছে ইজৰাইলী লেখক য়ুভাল নোৱা হাৰাৰীয়ে লিখা আৰু ২০১৮ চনৰ আগষ্ট মাহত আমেৰিকাৰ স্পিগেল এণ্ড গ্ৰাউআৰু ব্ৰিটেইনৰ জনাথন কেপদ্বাৰা প্ৰকাশ কৰা এখনি অ-কাহিনীমূলক গ্ৰন্থ।
-
নেক্সাছ (গ্ৰন্থ)
নেক্সাছ (এ ব্ৰিফ হিষ্ট্ৰি অৱ ইনফৰমেছন নেটৱৰ্কছ ফ্ৰম দ্য ষ্টন এজ টু এ আই) (NEXUS: A Brief History of Information Networks from the Stone Age to AI) হৈছে লেখক-ইতিহাসবিদ য়ুভাল নোৱাহ হাৰাৰীৰ এখন গ্ৰন্থ।