হৰিবিলাস আগৰৱালাৰ পিতৃ নৱৰংগৰাম আগৰৱালা (কেডিয়া) ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল। হৰিবিলাস আগৰৱালাই কীৰ্তন-ঘোষা পুথি সৰ্বপ্ৰথমে ছপা কৰি প্ৰকাশ কৰিছিল৷ হৰিবিলাস আগৰৱালা প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাদেউতাক আৰু জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক তথা সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃ৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিবিলাস আগৰৱালা” প্ৰবন্ধৰ সংশোধন ৪১১২০৫ (১২ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।