অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

হৰমুজ প্ৰণালী

হৰমুজ প্ৰণালী ( تَنگِه هُرمُز Tangeh-ye Hormoz, مَضيق هُرمُز Maḍīq Hurmuz) হৈছে এটি সংকীৰ্ণ জলপথ, যিয়ে পশ্চিমে পাৰস্য উপসাগৰক ওমান উপসাগৰ আৰু পূবে আৰৱ সাগৰৰ সৈতে সংযোগ কৰিছে আৰু ইৰানক আৰৱ উপদ্বীপৰ পৰা পৃথক কৰিছে।

হালনাগাদ: ২০ জুন ২০২৬ ৫১৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ
উত্তৰে ইৰান আৰু দক্ষিণে ওমানৰ মুছানদাম প্ৰদেশ আৰু সংযুক্ত আৰৱ আমিৰাতক হৰমুজ প্ৰণালীক পৃথক কৰি ৰাখিছে। (১৮৯২ চনৰ মানচিত্ৰ)
উত্তৰে ইৰান আৰু দক্ষিণে ওমানৰ মুছানদাম প্ৰদেশ আৰু সংযুক্ত আৰৱ আমিৰাতক হৰমুজ প্ৰণালীক পৃথক কৰি ৰাখিছে। (১৮৯২ চনৰ মানচিত্ৰ)ছবি: Public domain
৩৫ হাজাৰ ফুট উচ্চতাত উৰি থকা এখন বিমানৰ পৰা হৰমুজ প্ৰণালী দেখা গৈছে। আগফালে ওমানৰ মুছানদাম অঞ্চল দেখা গৈছে।
৩৫ হাজাৰ ফুট উচ্চতাত উৰি থকা এখন বিমানৰ পৰা হৰমুজ প্ৰণালী দেখা গৈছে। আগফালে ওমানৰ মুছানদাম অঞ্চল দেখা গৈছে।ছবি: Richard Weil · CC BY-SA 4.0
হৰমুজ প্ৰণালীৰ এখন মানচিত্ৰ, যʼত সামুদ্ৰিক ৰাজনৈতিক সীমা দেখুওৱা হৈছে (২০০৪)।
হৰমুজ প্ৰণালীৰ এখন মানচিত্ৰ, যʼত সামুদ্ৰিক ৰাজনৈতিক সীমা দেখুওৱা হৈছে (২০০৪)।ছবি: Public domain

হৰমুজ প্ৰণালী ( تَنگِه هُرمُز Tangeh-ye Hormoz, مَضيق هُرمُز Maḍīq Hurmuz) হৈছে এটি সংকীৰ্ণ জলপথ, যিয়ে পশ্চিমে পাৰস্য উপসাগৰক ওমান উপসাগৰ আৰু পূবে আৰৱ সাগৰৰ সৈতে সংযোগ কৰিছে আৰু ইৰানক আৰৱ উপদ্বীপৰ পৰা পৃথক কৰিছে।১ ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰণালীটো পাৰস্য উপসাগৰৰ মাজেৰে বৈ গৈ ওমান আৰু ইৰানক সংযোগ কৰাৰ বিপৰীতে সংযুক্ত আৰৱ আমিৰাত আৰু ইৰানক পৃথক কৰিছে।

এই সামুদ্ৰিক পথটি আন্তৰ্জাতিকভাৱে খুবেই গুৰুত্বপূৰ্ণ কাৰণ খনিজতেলবাহী জাহাজৰ যাতায়াতৰ বাবে ইয়েই একমাত্ৰ পথ। বিশ্বজুৰি পেট্ৰʼলিয়াম পৰিবহণৰ ক্ষেত্ৰত প্ৰণালিটোৰ যথেষ্ট কৌশলগত গুৰুত্ব আছে। জলপথটোৰ আটাইতকৈ সংকীৰ্ণ অংশৰ দৈৰ্ঘ্য ২১ মাইল আৰু প্ৰস্থ দুই মাইল। আমেৰিকাৰ ইন্ধন তথ্য প্ৰশাসন কৰ্তৃপক্ষৰ মতে, ২০০৯ চনত সমুদ্ৰপথত বৈশ্বিক খনিজ তেল বাণিজ্যৰ ৩৩ শতাংশ হৰমুজ প্ৰণালীৰেই সম্পাদিত হৈছিল। ২০১৯ চনত হৰমুজ প্ৰণালীৰে এদিনতে এক কোটি ৯০ লাখ বেৰেল খনিজ তেল পৰিবাহিত হৈছিল। এই অঞ্চলেৰে তৈল পৰিবহণ নিৰ্বিঘ্ন ৰাখিবলৈ আমেৰিকাৰ যুদ্ধজাহাজবোৰে নিয়মিতভাৱে পাহাৰা দি আহিছে। হৰমুজ প্ৰণালীৰে পৰিবাহিত তৈলৰ বেছি ভাগেই এছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিম ইউৰোপৰ বিভিন্ন দেশলৈ যায়। জাপানৰ আমদানিকৃত তৈলৰ তিনি-চতুৰ্থাংশ হৰমুজৰ ওপৰেৰে পাৰ হৈ যায়। আৰু চীনৰ আমদানিকৃত তৈলৰ আধায়ে হৰমুজ প্ৰণালীৰে পাৰ হয়। হৰমুজেৰে প্ৰতিদিনে ২০ লাখ বেৰেলৰ দৰে তৈলজাত দ্ৰব্য ৰপ্তানি হৈয়েই থাকে। তৰলীকৃত গেছো ইয়াত অন্তৰ্ভুক্ত থাকো।২৩৪

ব্যুৎপত্তি

পাৰস্যৰ ৰজা দ্বিতীয় শ্বাপুৰৰ মাতৃ ইফ্ৰা হুৰমিজদৰ নামৰ পৰা হৰমুজ প্ৰণালীৰ নামটো অহা বুলি ধাৰণা কৰা হয়। ৩০৯ খ্ৰীষ্টাব্দৰ পৰা ৩৭৯ খ্ৰীষ্টাব্দলৈ তেওঁ পাৰস্যত ৰাজত্ব কৰিছিল।

প্ৰথম শতিকাৰ নাৱিকসকলৰ বাবে ৰচিত গাইডবুক পেৰিপ্লাছ অৱ দ্য ইৰিথ্ৰিয়ান ছি-ত পাৰস্য উপসাগৰৰ প্ৰৱেশদ্বাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে যদিও প্ৰণালীটোৰ নাম উল্লেখ কৰা হোৱা নাই:

এই কালাই দ্বীপপুঞ্জৰ ওপৰৰ ফালে আছে কালন নামৰ এটি পৰ্বতশ্ৰেণী, আৰু ইয়াৰ কিছু দূৰৈতে আৰম্ভ হয় পাৰস্য উপসাগৰৰ মুখ, যʼত মুকুতা আহৰণৰ বাবে বহু ডুব দিয়া হয়। প্ৰণালীৰ বাওঁফালে আছে আছাবন নামৰ এক বিশাল পাহাৰ, আৰু সোঁফালে আছে আৰু এটি ঘূৰণীয়া আৰু ওখ পাহাৰ, যাৰ নাম ছেমিৰামিছ; এই দুই পৰ্বতৰ মাজেৰে প্ৰণালীৰ প্ৰস্থ প্ৰায় ৬০০ ষ্টেডিয়া; ইয়াৰ পিছত আৰম্ভ হয় বিশাল আৰু প্ৰশস্ত পাৰস্য উপসাগৰ, যি বহু দূৰলৈকে বিস্তৃত। এই উপসাগৰৰ শেষপ্ৰান্তত এটি বজাৰ চহৰ আছে, যাৰ নাম আইনগতভাৱে নিৰ্ধাৰিত ‘আপোলোগাছ’, ই চাৰাক্স স্পাছিনি ও ইউফ্ৰেটিছ নদীৰ তীৰত অৱস্থিত।
— পেৰিপ্লাছ অৱ দ্য ইৰিথ্ৰিয়ান, অধ্যায় ৩৫

দশম আৰু সপ্তদশ শতিকাৰ মাজত এই অঞ্চলটোতেই হৰমুজ ৰাজ্য আছিল, যʼৰ পৰা এই প্ৰণালীটোৰ নামটো লোৱা বুলি ভবা হয়। ইতিহাসবিদ আৰু ভাষাবিদসকলৰ মতে "হৰমুজ" নামটো স্থানীয় ফাৰ্চী শব্দ هورمغ হুৰ-মুগ ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে খেজুৰ গছ।৫ হুৰমোজ আৰু মিনাব অঞ্চলৰ স্থানীয় উপভাষাত এই প্ৰণালীটোক এতিয়াও "হুৰমঘ" বুলি কোৱা হয়, ইয়াৰ অৰ্থও একেই। এই শব্দটো জৰথুষ্ট্ৰীয় দেৱতা هرمز হৰমুজ (অহুৰ মাজদাৰ আন এটা নাম) নামৰ সাদৃশ্যৰ বাবে বহুতে বিশ্বাস কৰে যে এই দুটা শব্দৰ মাজত সম্পৰ্ক আছে।

হাবছান-ফুজিৰাহ তৈল পাইপলাইন

৩৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰণালীটো সাগৰীয় পথৰ বিকল্প হিচাপে নিৰ্মাণ কৰা হৈছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Daniel J. Hopkins. (1997). Merriam-Webster's Geographical Dictionary. Merriam-Webster. পৃ. 495
  2. ↑ হৰমুজ প্ৰণালি কেন গুৰুত্বপূৰ্ণ (ভিডিও) ,অনলাইন ডেস্ক, দৈনিক প্ৰথম আলো। ঢাকা থেকে প্ৰকাশেৰ তাৰিখ: ৩১-১২-২০১১ খ্ৰিষ্টাব্দ।
  3. ↑ হৰমুজ প্ৰণালি বন্ধ সহ্য কৰা হবে না: যুক্তৰাষ্ট্ৰ ,শেয়াৰনিউজ। ঢাকা থেকে প্ৰকাশেৰ তাৰিখ: ২৯ ডিসেম্বৰ খ্ৰিষ্টাব্দ।
  4. ↑ প্ৰতিবেদক, নিজস্ব. (2019-07-19). হৰমুজ প্ৰণালি নিয়ে নতুন পৰিকল্পনা যুক্তৰাষ্ট্ৰেৰ. দৈনিক প্ৰথম আলো
  5. ↑ Municipality of Minab, (in Persian). Retrieved 30 December 2011

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰমুজ প্ৰণালী” প্ৰবন্ধৰ সংশোধন ৬১৩২০৭ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।