মাগোল (Muggle) হৈছে জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰত কোনো যাদুকৰী ক্ষমতা নথকা বা যাদুৰ জগতখনত জন্ম নোহোৱা মানুহক বুজাবলৈ ব্যৱহৃত এক শব্দ।মাগোলৰ কোনো যাদুকৰী তেজ নাথাকে। মাগোল শব্দটি স্কুইব বা মাগোল-জন্মা মাগোল-বৰ্ণ শব্দৰ পৰা পৃথক। স্কুইব শব্দই যাদুকৰ মাতা-পিতা থকা সত্বেও যাদুকৰী ক্ষমতা নথকা লোক আৰু মাগোল-জন্মা (অভব্য অৰ্থত লেতেৰা তেজ) শব্দই যাদু নজনা মানুহৰ ঘৰত জন্মা কিন্তু যাদুকৰী ক্ষমতা থকা লোকক বুজায়। মাগোল শব্দৰ আন আন অৰ্থও আছে যদিও তাৰ হেৰী পটাৰৰ লগত সম্পৰ্ক নাই।১
হেৰী পটাৰ শৃংখলাত ব্যৱহাৰ
কিতাপকেইখনত মাগোল শব্দটি অৱজ্ঞাসূচক অৰ্থত ব্যৱহৃত হৈছে। মাগোলসকল যাদুকৰী সমাজৰ অন্তৰ্ভুক্ত নহয় কাৰণ তেওঁলোক যাদুকৰ বা যাদুকৰণী নহয়।ৰাউলিঙৰ মতে প্ৰতিবছৰে হগৱাৰ্ট্ছত নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ চাৰিভাগৰ এভাগেই মাগল-জন্মা। আনহাতে কিছুমানৰ মাক বা দেউতাকৰ কোনোবা এজনহে যাদুকৰ। এইসকলক অৰ্ধ-তেজ বা হাফব্লাড বোলা হয়। তদুপৰি কাৰোবাৰ পৰিয়ালত নতুনকৈ মাগোল অন্তৰ্ভুক্ত হ'লেও তেওঁলোকক অৰ্ধ-তেজ বোলা হয়। শৃংখলাটিৰ সবাতোকৈ উল্লেখযোগ্য মাগল-জন্মা চৰিত্ৰ হ'ল হাৰমাইনি গ্ৰেইঞ্জাৰ যাৰ মাক দেউতাক দুয়োজন মাগোল। যি যাদুকৰ বা যাদুকৰণী বংশসূত্ৰে যাদুকৰ তেওঁক বিশুদ্ধ তেজ বোলা হয়। কিতাপসমূহত যাদু নজনা মানুহবোৰক মূৰ্খৰ ৰূপত উপস্থাপন কৰা হৈছে যিয়ে তেওঁলোকৰ মাজতে বৰ্তি থকা যাদুকৰী পৃথিৱী খনৰ কথা গম নাপায়। যদি দূৰ্ভাগ্যবশতঃ কোনোবা যাদু নজনা মানুহে যাদুকৰী কাৰ্য্য-কলাপ দেখা পায় তেতিয়া যাদু মন্ত্ৰণালয়ে স্মৃতিসংশোধনকাৰী পঠিয়াই তেওঁলোকৰ ওপৰত স্মৃতি-বিলোপ যাদু প্ৰয়োগ কৰি সেই ঘটনা পাহৰাই পেলায়। অৱশ্যে কিছুমান মাগলে যাদুকৰী পৃথিৱীখনৰ কথা গম পায়। সেই সকলৰ ভিতৰত যাদু জনা বিদ্যাৰ্থীৰ অভিভাৱক যেনে হাৰমাইনি গ্ৰেইঞ্জাৰৰ মাক দেউতাক,মাগোল প্ৰধানমন্ত্ৰী(আৰু তেওঁৰ পূৰ্বসূৰী),ডাৰ্চলী পৰিয়াল(হেৰী পটাৰৰ একমাত্ৰ জীৱিত আত্মীয়) আৰু যাদুকৰ বা যাদুকৰণীৰ মাগোল পতি পত্নী।
ৰাউলিঙে কোৱা মতে তেওঁ মাগোল শব্দটি ইংৰাজী ভাষা 'মাগ' শব্দৰ পৰা সৃষ্টি কৰিছে যাৰ অৰ্থ হ'ল সহজতে মূৰ্খ সজাব পৰা মানুহ।ইয়াক কম অপমানসূচক কৰিবলৈ তেওঁ -গোল শব্দাংশ ব্যৱহাৰ কৰে।২
স্কটিক্ৰনিকণৰ লেখক এব্বট ৱাল্টাৰ বাৱাৰৰ মতে মাগোল মানে এজন 'ইংৰাজৰ নেজ'। এলিষ্টেয়াৰ মোফাটৰ কিতাপ 'এ হিষ্ট্ৰী অৱ দা ব'ৰ্ডাৰ্ছ ফ্ৰম আৰ্লি টাইমছ'ত কোৱা হৈছে যে ১৩শতাব্দীত স্কট সকলৰ মাজত এটা বিশ্বাস আছিল যে ইংৰাজসকলৰ নেজ থাকে।৩
হেৰী পটাৰ কিতাপসমূহত এই শব্দটি ব্যৱহাৰ কৰা কাৰণে ৰাউলিঙো জৱাবদিহি হ'ব লগাত পৰিছিল।৪
শৃংখলাটিৰ উল্লেখযোগ্য মাগোলসকল
- পিটুনিয়া ডাৰ্চলী, হেৰীৰ জেঠায়েক
- ভাৰ্ণন ডাৰ্চলী, হেৰীৰ জেঠু
- ডাডলী ডাৰ্চলী, হেৰীৰ সম্বন্ধীয় ভাই
- মাৰ্জ ডাৰ্চলী, ভাৰ্ণন ডাৰ্চলীৰ বায়েক।
- মাগোল প্ৰধানমন্ত্ৰী
- ফ্ৰেংক ব্ৰাইচ, ৰিডল পৰিয়ালৰ মালী
- টম ৰিডল,জ্যেষ্ঠ,লৰ্ড ভলডেমৰ্টৰ দেউতাক
- মিষ্টাৰ আৰু মিছেছ গ্ৰিঞ্জাৰ, হাৰমাইনিৰ মাক-দেউতাক
- ট'বিয়াছ স্নেইপ, চেভেৰাছ স্নেইপৰ পিতৃ
- মিষ্টাৰ ৰবাৰ্টছ,কুইড্ডিচ বিশ্বকাপৰ সময়ত ৱিজলিহঁত থকা অঞ্চলটোৰ প্ৰবন্ধক
পৰৱৰ্তী ব্যৱহাৰ
বৰ্তমান মাগোল শব্দটি বিভিন্ন প্ৰসংগত ব্যৱহাৰ হয় যাৰ অৰ্থ হেৰী পটাৰত বুজোৱা অৰ্থৰ লগত কিছু পৰিমাণে একে। সাধাৰণতে কোনো এটা দলে আন কোনো বহিৰাগত দলক বুজাবলৈ এই শব্দটি ব্যৱহাৰ কৰে,ঠিক তেনেকুৱা যেনেকুৱাকৈ সৈন্যবাহিনীৰ লোকসকলে অসামৰিক শব্দটো ব্যৱহাৰ কৰে।মাত্ৰ কিতাপকেইখনত ইংৰাজী ভাষা Muggle শব্দৰ প্ৰথম আখৰটো ডাঙৰ হাতৰ আখৰত আৰু বাকী সকলো ব্যৱহাৰত ইয়াক সৰু হাতৰ আখৰত লিখা হৈছে।
- ২০০৩ চনত মাগোল শব্দটি অক্সফ'ৰ্ড ইংলিছ ডিক্সনেৰীৰ অন্তৰ্ভুক্ত কৰা হয় যিয়ে কোনো এবিধ দক্ষতা নথকা ব্যক্তিক বুজায়।৫
- অনানুষ্ঠানিক ইংৰাজী ভাষাত কিছুমান দলে,যিবোৰে তেওঁলোকৰ কাৰ্যকলাপ যাদুৰ লগত জড়িত বুলি কয়,আন বহিৰাগত দলক বুজাবলৈ মাগোল শব্দটি ব্যৱহাৰ কৰে।৬৭
- জিঅ'কেচ্চাৰ সকলে জিঅ'কেচ্চিং(geocaching)ৰ বিষয়ে নজনা মানুহক মাগোল বুলি কয়।কোনো এটা কেচ্চ অংশগ্ৰহণ নকৰা কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হ'লে তাক 'মাগোল্ড' বুলি কোৱা হয়।৮৯
- এন.বি.ছি.(NBC)ৰৱ কল্প বিজ্ঞান নাট্য শৃংখলা 'হিৰোজ'ত এটা কুকুৰৰ নাম আছিল মিঃ মাগল্ছ যাক বেনেট পৰিয়ালে কিনি লয়।লেখকৰ মতে কুকুৰটোৰ নামটো হেৰী পটাৰৰ লগত সংগতি ৰাখিয়েই দিয়া হৈছে কাৰণ হেৰীৰ দৰে ক্লেয়াৰ বেনেটকো এটা পৰিয়ালে তুলি লৈছিল যাৰ কোনো যাদুকৰী ক্ষমতা নাছিল।
- লছ কেম্পেছিন'ছ! এ মাগোল শব্দটি তেওঁলোকৰ গীত 'দা চি ইজ এ গুড প্লেচ টু থিংক এবাউট দা ফিউচাৰ'ত ব্যৱহাৰ কৰে।
- তদুপৰি সাঁতোৰবিদ সকলে সাঁতুৰিব নজনা মানুহক মাগোলৰ প্ৰতিশব্দ 'স্বাগোল' বুলি কয়।
বাহ্যিক সংযোগ
- Look up muggle in Wiktionary, the free dictionary.
- BBC: 'Muggle' goes into Oxford English Dictionary
- Muggle Guide: The Muggle Guide to the Harry Potter Wizarding World
- I Roomed with a Muggle: Tips for Living with Non-Magical People
Begriffe der Harry-Potter-Romane#Muggel Univers de Harry Potter#Statut du sang הארי פוטר - מונחים#טוהר דם וסוגי קוסמים Glossario di Harry Potter#Babbano Bloedzuiverheid#Dreuzel Волшебство мира Гарри Поттера#Маглорождённые Blod (Harry Potter)#Mugglare
তথ্যসূত্ৰ
- ↑ Oxford English Dictionary, 2010
- ↑ www.accio-quote.org/articles/2004/0304-wbd.htm JK Rowling's World Book Day Chat, 4 March 2004
- ↑ Alistair Moffat, The Borders: a history of the Borders from earliest times, 2002, Deerpark Press, ISBN 9780954197902, pp.211-212
- ↑ www.cesnur.org/recens/potter_019.htm www.fanfiction.net/s/6517567/36/Harry_Potter_and Various citations online
- ↑ (24 March 2003). BBC: 'Muggle' goes into Oxford English Dictionary. BBC News
- ↑ Jargon File: muggle
- ↑ Faith von Adams, "I Roomed With A Muggle", New Witch Magazine, Issue 5 (Fall 2003) pg. 34
- ↑ Geocaching Glossary. Geocaching.com
- ↑ Muggle. GeoWiki
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাগোল” প্ৰবন্ধৰ সংশোধন ৬৪০১৪২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।