গ্ৰন্থ শৃংখলা
৬ প্ৰবন্ধ
-
হেৰী পটাৰ
হেৰী পটাৰ (Harry Potter) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিঙৰ সাতখন কল্প কাহিনীৰ উপন্যাসৰ শৃংখলা। ৰাউলিঙৰ মতে এই কাহিনীটোৰ ধাৰণাটো প্ৰথমে তেওঁৰ মনলৈ ১৯৯০ চনত এক ৰেলযাত্ৰাৰ সময়ত আহে। কাহিনীৰ নায়ক হৈছে কিশোৰ যাদুকৰ হেৰী পটাৰ আৰু মূল খলনায়ক ক'লা যাদুকৰ ভলডেম'ৰ্ট।
-
গোলাই ছিৰিজ
গোলাই ছিৰিজ হ'ল কুমুদেশ্বৰ বৰঠাকুৰৰ দ্বাৰা ৰচিত প্ৰায় সত্তৰখন ডিটেকটিভ উপন্যাসৰ এটি ছিৰিজ। এই উপন্যাসসমূহৰ মূল নায়ক হ'ল গোলাই চোৰ। বৰঠাকুৰদেৱে বিচিত্ৰ বিষয়ৰ সাহিত্য ৰচনাত হাত দিছিল। কবিতা, উপন্যাস, জীৱনী, নাটক, অনুবাদ আদি বিভিন্ন বিষয়ৰ সাহিত্য তেওঁৰ ৰচনাত পোৱা যায়।
-
এ ছং অফ আইচ এণ্ড ফায়াৰ
এ ছং অফ আইচ এণ্ড ফায়াৰ (A Song of Ice and Fire) হৈছে আমেৰিকান ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ জৰ্জ আৰ আৰ মাৰ্টিনৰ এক মহাকাব্যিক কল্প-উপন্যাসৰ শৃংখলা। তেওঁ ১৯৯১ চনত শৃংখলাটোৰ প্ৰথম খণ্ড এ গেম অফ থ্ৰোনছ আৰম্ভ কৰে আৰু এই খণ্ডটো ১৯৯৬ চনত প্ৰকাশ পায়।
-
দস্যু ভাস্কৰ ছিৰিজ
দস্যু ভাস্কৰ ছিৰিজ অসমীয়া সাহিত্যৰ এক কাল্পনিক চৰিত্ৰ দস্যু ভাস্কৰ আৰু তেখেতৰ কীৰ্তি-কলাপৰ বিৱৰণ থকা থ্ৰীলাৰ উপন্যাসৰ সমষ্টি। এই চৰিত্ৰৰ স্ৰষ্টা আছিল ৰংমন। দস্যু ভাস্কৰ ছিৰিজৰ অধীনত ৰচিত ৬১খন উপন্যাসত দস্যু ভাস্কৰৰ বিভিন্ন অভিযান বৰ্ণনা কৰা হৈছে। দস্যু ভাস্কৰৰ প্ৰকৃত নাম কমল বড়া।
-
দস্যুৰাণী বিজুলী
দস্যুৰাণী বিজুলী অসমীয়া ৰহস্য সাহিত্যৰ কিছু থ্ৰিলাৰ উপন্যাসৰ সমষ্টি। এই ছিৰিজৰ লেখক হ'ল 'ঋতুৰাজ'। ঋতুৰাজ আছিল বসন্ত দাসৰ ছদ্মনাম। এই নামেৰে লিখা ছিৰিজটো প্ৰকাশ কৰিছিল 'পাহি প্ৰকাশে'।
-
পাফু ছিৰিজ
পাফু ছিৰিজ অসমীয়া ডিটেকটিভ সাহিত্যৰ কিছুমান থ্ৰিলাৰ উপন্যাসৰ সমষ্টি। এই ছিৰিজটোত মুঠ ২২খন কিতাপ আছে। ইয়াৰ লেখক আছিল প্ৰেমনাৰায়ণ। ১৯৪৬ চনত পাফু ছিৰিজৰ প্ৰথমটো খণ্ড ‘দিন ডকাইত’ লিখি উলিওৱা প্ৰেমনাৰায়ণৰ আচল নাম আছিল প্ৰেমনাৰায়ণ দত্ত।