অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হাতীগড় শিৱদ'ল

হাতীগড় শিৱ দেৱালয় বা দ'ল যোৰহাট নগৰৰপৰা প্ৰায় পাঁচ মাইল দূৰত ট্ৰাংক ৰ'ডৰ দাঁতিত অৱস্থিত এখন দেৱালয়। ট্ৰাংক ৰ'ডৰ (এ. টি. ৰ'ড) পৰা প্ৰায় তিনিশ মিটাৰ দক্ষিণে সোমাই দ'লটো আছে। ১৭৮৬-৮৭ চনত এই দ'লৰ ভেটি স্থাপন কৰা হয়।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০১৮ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হাতীগড় শিৱ দেৱালয় বা দ'ল যোৰহাট নগৰৰপৰা প্ৰায় পাঁচ মাইল দূৰত ট্ৰাংক ৰ'ডৰ দাঁতিত অৱস্থিত এখন দেৱালয়। ট্ৰাংক ৰ'ডৰ (এ. টি. ৰ'ড) পৰা প্ৰায় তিনিশ মিটাৰ দক্ষিণে সোমাই দ'লটো আছে। ১৭৮৬-৮৭ চনত এই দ'লৰ ভেটি স্থাপন কৰা হয়।১ টাই-আহোম জনগোষ্ঠী স্বৰ্গদেউ চুহিত্পংফাৰ ইচ্ছামতে মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে শিৱদ'লৰ কাম আৰম্ভ কৰিছিল।

ইতিহাস

আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ (১৭৮০-৯৫) দিনত মোৱামৰীয়া বিদ্ৰোহ তলে তলে চলি থাকোঁতে ১৭৮২ চনত মন্ত্ৰী ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যু হয়। তেতিয়া তেওঁৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই ৰাজমন্ত্ৰী হয়।২ ৰজাৰ ইচ্ছামতে পূৰ্ণানন্দ‍ই হাতীগড়ত শিৱ দ'ল এটা প্ৰতিষ্ঠা কৰিবলৈ পকা ভেটিৰ কাম আৰম্ভ কৰে। ১৭৮৬-৮৭ চনত এই ভেটি স্থাপন কৰা হয়। দেৱালয়ৰ বাবে লেহুবৰ শৰ্মাক ঠাকুৰ আৰু এঘৰ শূদ্ৰ মানুহক পৰিচালক নিয়োগ কৰা হয়। দ'লৰ নামত ন পুৰা মাটি বুঢ়াগোহাঁইয়ে দান কৰে। ভেটিৰ কাষত এটা পুখুৰীও খন্দা হয়।

ভেটিৰ কাম সম্পূৰ্ণ হৈ আহোঁতেই মোৱামৰীয়াসকলে বিদ্ৰোহ আৰম্ভ কৰে আৰু আহোম ৰাজ্যৰ ৰাজধানী যোৰহাট আক্ৰমণ কৰে। স্বৰ্গদেউ গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই যায় আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে আন কেইজনমান বিষয়াৰ সৈতে ৰাজধানীতে থাকে। অলপীয়া সৈন্যৰে কেইদিনমান যুঁজ দিয়াৰ পিছত বুঢ়াগোহাঁইয়ো সাহায্য বিচাৰি ভটিয়াই যায়। ফলত ১৭৮৮ চনৰ জানুৱাৰী মাহত মোৱামৰীয়াই পুনৰ আহোম ৰাজধানী অধিকাৰ কৰে।২ এই বিদ্ৰোহত লেহুবৰ ঠাকুৰৰ পৰিয়ালকে ধৰি বহু মানুহ ঘৰবাৰী এৰি পলাই যায় আৰু ফলত ভেটি স্থাপন কৰিয়েই হাতীগড়ৰ শিৱদ'ল সজাৰ কামো এৰিবলগীয়া হয়। ১৭৯২ চনত বুঢ়াগোহাঁইৰ অনুৰোধত কেপ্টেইন ৱেল্‌ছে ব্ৰিটিছ সৈন্য আনি বিদ্ৰোহ দমন কৰি গোৰীনাথ সিংহক পুনৰ ৰাজপাটত বহুৱায়।

বিদ্ৰোহৰ পিছত দেশত আকালে দেখা দিয়ে। দ'ল সজা কাম কৰিবলৈ মানুহৰ নাটনি হ'ল। বিদ্ৰোহৰ পিছত লেহুবৰ ঠাকুৰ ঘূৰি আহি দেৱালয়ৰ শিৱ লিংগত নিয়মিত পূজা-অৰ্চনা আৰম্ভ কৰে। পূৰ্বে স্থাপিত ভেটিৰ ওপৰতে এটা টিনৰ ঘৰ সাজি লোৱা হয়।

পূজা-অৰ্চনা

দ'লৰ ওচৰত লেহুবৰ ঠাকুৰৰ সন্ততি এতিয়া কেইবাঘৰো আছে। প্ৰত্যেক ঘৰেই পাল পাতি দেৱালয়ত পূজা-অৰ্চনা কৰে।১ বৰ্তমান দ'লটোক নতুনকৈ সজাৰ কাম চলি আছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ সম্পাদক- ড: মহেশ্বৰ নেওগ. (২০০৪). পৱিত্ৰ অসম. লয়াৰ্ছ বুক ষ্টল. পৃ. ৬৬
  2. ↑ ড: স্বৰ্ণলতা বৰা. মাধ্যমিক অসম বুৰঞ্জী. পৃ. ৩১৫. ISBN 81-85905-11-8

সম্পৰ্কিত শ্ৰেণী

যোৰহাট জিলাৰ পৰ্যটনস্থলীহিন্দুধৰ্মৰ মঠ-মন্দিৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাতীগড় শিৱদ'ল” প্ৰবন্ধৰ সংশোধন ১৭৪৪২৬ (৬ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।