অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাছলীন কৌৰ

হাছলীন কৌৰ (Hasleen Kaur) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ পেণ্টালুনছ ফেমিনা মিছ ইণ্ডিয়াত প্ৰথম ৰানাৰ্ছ আপ হোৱাৰ লগতে ২০১১ চনৰ ৩ ডিচেম্বৰত মিছ আৰ্থ ২০১১ সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৫ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

হাছলীন কৌৰ (Hasleen Kaur) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ পেণ্টালুনছ ফেমিনা মিছ ইণ্ডিয়াত প্ৰথম ৰানাৰ্ছ আপ হোৱাৰ লগতে ২০১১ চনৰ ৩ ডিচেম্বৰত মিছ আৰ্থ ২০১১ সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।১ ২০১৪ চনৰ কাৰ্লে প্যাৰ কাৰ্লে চিনেমাত বলীউডত অভিষেক ঘটোৱাৰ পূৰ্বে কেইবাটাও বিজ্ঞাপনত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

হাছলীন দিল্লী ডাঙৰ-দীঘল হৈছিল। তেওঁ জিছুছ এণ্ড মেৰী কলেজৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে, আৰু পিছলৈ নতুন দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচনৰ পৰা ডিপ্লমা লাভ কৰে।২

মডেলিং

হাছলীন কৌৰে কেইবাটাও বিজ্ঞাপনৰ বাবে মডেলিং কৰিছে। ইয়াৰ উপৰিও তেওঁ এলিট মডেল হিচাপে কাম কৰিছিল আৰু ২০১১ চনত এলিট ফেশ্বন কেলেণ্ডাৰত অভিনয় কৰিছিল।৩

ফেমিনা মিছ ইণ্ডিয়া

২০১১ চনৰ পেণ্টালুনছ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১১ত কনষ্ঠা ধনকাৰক ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ মুকুট পিন্ধিবলৈ সক্ষম হয়। ইভেণ্টৰ শেষত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১০ আৰু বৰ্তমানৰ মিছ আৰ্থ ২০১০ নিকোল ফাৰিয়াই তেওঁক মুকুট পিন্ধাইছিল।

মিছ আৰ্থ ২০১১

তেওঁ ৩ ডিচেম্বৰত ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত হোৱা মিছ আৰ্থ ২০১১ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও স্থান লাভ কৰা নাছিল।

কেৰিয়াৰ

হাছলীন এগৰাকী ফেশ্বন মডেল।

চলচ্চিত্ৰগ্ৰাফী

বছৰচলচ্চিত্ৰভূমিকাভাষাটোকাসমূহৰিফি
২০১৪কাৰ্লে প্যাৰ কাৰ্লেপ্ৰীতহিন্দীমুখ্য ভূমিকা৪
২০২২কেটববিতাসহযোগী অভিনেত্ৰী৫
মিলিহাচলীন৬
২০২৩তু ঝুঠি মে মক্কাৰমিনি

তথ্যসূত্ৰ

  1. ↑ Hasleen Kaur Spills The Beans On Her Pageant Experience - Beauty Pageants - Indiatimes. Femina Miss India
  2. ↑ (24 January 2014). Launch Pad/ Ready to rock. The Indian Express
  3. ↑ (22 January 2011). Women who posed topless
  4. ↑ (17 March 2013). Karle Pyar Karle to Star Miss India Earth Hasleen Kaur
  5. ↑ (11 December 2022). EXCLUSIVE: Hasleen Kaur on her Netflix show, "After CAT, I have become an actor," breaks silence on its comparison with Udta Punjab
  6. ↑ (30 December 2022). Janhvi Kapoor's 'Mili' now streaming on Netflix

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাছলীন কৌৰ” প্ৰবন্ধৰ সংশোধন ৪৭৯৯৬৪ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।