হাউছ উইথ চিমেৰাস (House with Chimaeras) বা হৰোডেৎস্কি হাউছ (Władysław Horodeckiৰ নামেৰে নামকৰণ কৰা) ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ঐতিহাসিক লিপকি অঞ্চলত অৱস্থিত এটা আৰ্ট নুভ’ স্থাপত্যশৈলীৰ অট্টালিকা। এই অট্টালিকা ১০ নম্বৰ বেংকোভা ষ্ট্ৰীটত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থিত। ২০০৫ চনৰপৰা এই অট্টালিকাটো ৰাষ্ট্ৰপতিৰ চৰকাৰী আৰু কূটনৈতিক অনুষ্ঠানৰ বাবে আৱাসিক স্থান হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে।১২অট্টালিকাটোৰ সন্মুখৰ পথটো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ প্ৰশাসনিক ভৱনৰ ওচৰত অৱস্থিত হোৱাৰ বাবে সকলো ধৰণৰ মটৰযানৰ চলাচলৰ বাবে বন্ধ কৰি দিয়া হৈছে। বৰ্তমান এই পথটো নিৰাপত্তাৰক্ষীৰ তত্ত্বাৱধানত থকা এটা পথচাৰী অঞ্চল হিচাপে ব্যৱহৃত হয়।
পোলেণ্ডৰ স্থপতি ভ্লাদিছ্লাভ হৰোডেৎস্কিয়ে ১৯০১–১৯০২ চনৰ ভিতৰত হাউছ উইথ কিমেৰা অট্টালিকাটো মূলতঃ নিজৰ ব্যৱহাৰৰ বাবে এটা বিলাসবহুল এপাৰ্টমেণ্ট ভৱন হিচাপে নিৰ্মাণ কৰিছিল। কিন্তু সময়ৰ লগে লগে আৰ্থিক সমস্যাৰ সন্মুখীন হৈ হৰোডেৎস্কিয়ে অৱশেষত অট্টালিকাটো বিক্ৰী কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছত ভৱনটোৰ মালিকানা কেইবাবাৰো সলনি হয় আৰু শেষত ২০০০ চনৰ আৰম্ভণিলৈকে ইয়াত চৰকাৰী কমিউনিষ্ট পাৰ্টিৰ পলিক্লিনিক চলি আছিল।৩ ভৱনটো খালী কৰাৰ পাছত হৰোডেৎস্কিৰ মূল নক্সা অনুসৰি ইয়াৰ ভিতৰ আৰু বাহিৰৰ সজ্জা সম্পূৰ্ণৰূপে পুনৰ্নিৰ্মাণ আৰু সংৰক্ষণ কৰা হয়।৪
অট্টালিকাটোৰ জনপ্ৰিয় নামটোৰ উৎপত্তি ইয়াৰ আড়ম্বৰপূৰ্ণ সজ্জাৰপৰা হৈছে। এই সজ্জাত বিভিন্ন বিদেশী প্ৰাণী আৰু চিকাৰৰ দৃশ্য চিত্ৰিত কৰা হৈছে। ইটালীৰ স্থপতি এমিলিঅ’ ছালাই এই ভাস্কৰ্যসমূহ নিৰ্মাণ কৰিছিল। হৰোডেৎস্কি নিজে এজন অত্যন্ত চিকাৰপ্ৰিয় ব্যক্তি আছিল।৫ ইয়াৰ নামটো পৌৰাণিক কিমেৰাৰ সৈতে সম্পৰ্কিত নহয়। বৰং ‘কিমেৰা সজ্জা’ নামেৰে জনাজাত এক স্থাপত্যশৈলীৰপৰা এই নামটো আহিছে। এই শৈলীত বিভিন্ন প্ৰাণীৰ আকৃতি অট্টালিকাৰ অলংকাৰিক উপাদান হিচাপে ব্যৱহাৰ কৰা হয়। হৰোডেৎস্কিৰ অনন্য স্থাপত্যশৈলীৰ বাবে তেওঁক প্ৰশংসাসূচকভাৱে ‘কিয়েভৰ আন্তোনি গাউডি’ বুলিও অভিহিত কৰা হৈছিল। ৪৬
ইতিহাস
নিৰ্মাণ আৰু প্ৰাৰম্ভিক ইতিহাস
হাউছ উইথ চিমেৰাস পোলেণ্ডৰ স্থপতি ভ্লাদিছ্লাভ হৰোডেৎস্কিয়ে ১৯০১–১৯০২ চনৰ ভিতৰত নক্সা কৰিছিল। হৰোডেৎস্কিৰ জন্ম ১৮৬৩ চনত পোডিলিয়া অঞ্চলৰ এটা সমৃদ্ধিশালী পোলেণ্ডীয় শ্লাখতা (অভিজাত) পৰিয়ালত হৈছিল। ৫ ১৮৯০ চনত ছেইণ্ট পিটাৰ্ছবাৰ্গৰ ইম্পেৰিয়েল একাডেমী অৱ আৰ্টছৰপৰা শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ কিয়েভলৈ আহে আৰু প্ৰায় ৩০ বছৰ তাতেই বাস কৰে।৫ অট্টালিকাটো নিৰ্মাণৰ সময়লৈকে হৰোডেৎস্কিয়ে কিয়েভৰ এজন বিশিষ্ট স্থপতি হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছিল। তেওঁৰ ঘনিষ্ঠ বন্ধু আৰু সহযোগী অভিযন্তা আন্তন ষ্ট্ৰাউছৰ সৈতে মিলি তেওঁ চহৰখনৰ বহু গুৰুত্বপূৰ্ণ ভৱনৰ নক্সা আৰু নিৰ্মাণ কৰিছিল। সেইবোৰৰ ভিতৰত ছেইণ্ট নিকোলাছ ৰোমান কেথলিক কেথেড্ৰেল, কাৰাইত কেনেছা আৰু বৰ্তমানৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় কলা সংগ্ৰহালয় উল্লেখযোগ্য। স্থাপত্যৰ উপৰি হৰোডেৎস্কিৰ বৃহৎ বন্যপ্ৰাণী চিকাৰৰ প্ৰতিও গভীৰ আগ্ৰহ আছিল। ৫ এই চিকাৰৰ প্ৰতি তেওঁৰ অনুৰাগেই সম্ভৱতঃ হাউছ উইথ কিমেৰাছৰ সজ্জাত অসংখ্য জীৱ-জন্তুৰ আকৃতি আৰু চিকাৰৰ দৃশ্য ব্যৱহাৰ কৰাৰ কাৰণ ব্যাখ্যা কৰে।

হৰোডেস্কিয়ে ঘৰটোৰ নিৰ্মাণৰ ব্যয় ঋণ লৈ বহন কৰিছিল।৭৮ তেওঁৰ উদ্দেশ্য আছিল ইয়াক এটা আৱাসিক অট্টালিকা হিচাপে নিৰ্মাণ কৰা। প্ৰতিটো মহলাত এটা কৈ এপাৰ্টমেণ্ট আছিল, যিবোৰ লিফ্ট আৰু চিৰিৰে সংযুক্ত আছিল। হৰোডেস্কিয়ে নিজে অট্টালিকাটোৰ চতুৰ্থ মহলাটোত বাস কৰিছিল। এই মহলাটোৰ আয়তন প্ৰায় ৩৮০ ৭ বৰ্গমিটাৰ (৪,১০০ বৰ্গফুট) আছিল।৭
হৰোডেস্কিয়ে ১৯০১ চনৰ ১ ফেব্ৰুৱাৰীত প্ৰথমটো ভূমিখণ্ড ক্ৰয় কৰে আৰু সেই বছৰৰ ১৮ মাৰ্চত নিৰ্মাণৰ কাম আৰম্ভ হয়। ২১ আগষ্টৰ ভিতৰত বাহিৰৰ দেৱালসমূহৰ নিৰ্মাণ সম্পূৰ্ণ হয়। ১৩ ছেপ্টেম্বৰত ছাদ স্থাপন আৰু সকলো ৰাজমিস্ত্ৰী-কাম সম্পূৰ্ণ কৰা হয়। ৭৮ ৰাছিয়ান সাম্ৰাজ্যৰ অৰ্থনৈতিক দুৰৱস্থাৰ ফলত ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাত পলম হৈছিল। ১৯০৩ চনৰ মে’ মাহলৈকে ভৱনটোৰ আটাইতকৈ তলৰ মহলাৰ এটা এপাৰ্টমেণ্ট আৰু হৰোডেস্কিৰ নিজা এপাৰ্টমেণ্টহে ব্যৱহাৰযোগ্য হৈ উঠিছিল। ৭ এই মাটি আৰু নিৰ্মাণৰ মুঠ ব্যয় আছিল ১ লাখ ৩৩ হাজাৰ ৰুবল। মুঠ ১,৫৫০ বৰ্গ মিটাৰ (১৬,৭০০ বৰ্গফুট) মাটি অট্টালিকাটো নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ মাটিৰ মূল্য আছিল মুঠ ১৫,৬৪০ ৰুবল। ৯ ভাড়াৰপৰা বছৰি সম্ভাৱ্য ৭,২০০ ৰুবল লাভ হোৱাৰ কথা আছিল। হৰোডেস্কিৰ সতেজ ঘৰুৱা গাখীৰৰ ৪৮ প্ৰতি বিশেষ আগ্ৰহৰ বাবে চৌহদত এটা গোহালি স্থাপন কৰা হৈছিল। অৱশ্যে গোহালিটো এনেদৰে স্থাপন কৰা হৈছিল যাতে গৰুৰ গোন্ধে ভাড়াতীয়াসকলক অসুবিধাত নেপেলায়। অট্টালিকাটোৰ কাষৰ এটা মাটিখণ্ডত এটা সৰু আল্পাইন বাগিছা আৰু এটা ফোয়াৰাও নিৰ্মাণ কৰা হৈছিল।
তেওঁ আৰ্থিক দুৰৱস্থাত ভুগিছিল যাৰ অন্যতম কাৰণ আছিল তেওঁৰ ছাফাৰী চিকাৰৰ চখ।৪ ১৯১২ চনৰ জুলাই মাহত হৰোডেস্কিয়ে কিয়েভ মিউচুৱেল ক্ৰেডিট এছ'চিয়েচনৰ৩ পৰা লোৱা ঋণৰ জামিন হিচাপে অট্টালিকাটো বন্ধকত ৰাখিছিল। ঋণ পৰিশোধ কৰাত হৰোডেস্কি ব্যৰ্থ হোৱাত ১৯১৩ চনত অট্টালিকাটো নিলামত বিক্ৰী কৰা হয়। ইয়াৰ পাছত অট্টালিকাটোৰ মালিক হয় কিয়েভৰ এগৰাকী ব্যৱসায়ীৰ পুত্ৰ অভিযন্তা ডেনিয়েল বালাখভস্কি। তেওঁ ব্লাহোদাটিনস্কোয়ে চেনি কাৰখানাৰ পৰিচালনা পৰিষদৰ অধ্যক্ষ আৰু কিয়েভত ফ্ৰান্সৰ কনছুলাৰ এজেণ্টো আছিল। ১৯১৬ চনত অট্টালিকাটো ব্লাহোদাটিনস্কোয়ে চেনি কাৰখানাৰ মালিকানাধীন আছিল। ১৯১৮ চনত ইয়াৰ মালিকীস্বত্ব পুনৰ সলনি হৈ ছেমুৱেল নেমেটছৰ হাতলৈ যায়। ৩১৯২১ চনত বলছেভিকসকলে কিয়েভৰ নিয়ন্ত্ৰণ লোৱাৰ পাছত কিয়েভ সামৰিক জিলাৰ কেইবাটাও বিভাগে হাউছ উইথ চিমেৰাছত কাৰ্যালয় স্থাপন কৰে।
অট্টালিকাৰ মালিকানা, ১৯২১–২০০২
১৯১৭ চনৰ ৰুছ বিপ্লৱৰ পিছত সৃষ্টি হোৱা অস্থিৰতাৰ সময়ছোৱাৰ পাছত অট্টালিকাটো ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু পিছত ইয়াক সামূহিক বাসস্থানত পৰিণত কৰা হয়।১০ প্ৰতিটো এপাৰ্টমেণ্টত প্ৰায় ৯–১০টা পৰিয়াল বাস কৰিছিল।৭ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত (১৯৪১–১৯৪৩) অট্টালিকাটো পৰিত্যক্ত হৈ আছিল। যুদ্ধকালীন কঠোৰ প্ৰাকৃতিক পৰিৱেশৰ সংস্পৰ্শত থকাৰ ফলত অট্টালিকাটোৰ গাঁথনিগতভাৱে যথেষ্ট ক্ষতি হয়।৭ যুদ্ধৰ পাছত ইয়াক কিছুসময়ৰ বাবে ইভান ফ্ৰাঙ্কো থিয়েটাৰৰ ৯ স্থানান্তৰিত অভিনেতাসকলৰ বাসস্থান হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু পিছত ইউক্ৰেইনীয় ছোভিয়েট সমাজবাদী গণৰাজ্যৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিয়ে অট্টালিকাটোৰ মালিকীস্বত্ব গ্ৰহণ কৰে আৰু ইয়াক তেওঁলোকৰ উচ্চপদস্থ সদস্যসকলৰ বাবে পলিক্লিনিক নং ১লৈ ৰূপান্তৰ কৰে। বিংশ শতিকাৰ শেষলৈকে পলিক্লিনিকখনে অট্টালিকাটো ব্যৱহাৰ কৰি আছিল।৭এই সময়ছোৱাত অট্টালিকাটো প্ৰায় দুটা ভাগত বিভক্ত হোৱাৰ উপক্ৰম হয়। ইয়াৰ এটা অংশ ২২ ছেণ্টিমিটাৰ (৯ ইঞ্চি) তললৈ বহি যায় আৰু অট্টালিকাটোত প্ৰায় ৪০ ছেণ্টিমিটাৰ (১৬ ইঞ্চি) বহল এটা ডাঙৰ উলম্ব ফাট মেলে। ৭ অট্টালিকাটোৰ কিছুমান স্থাপত্যিক অলংকাৰ আৰু বিৱৰণ হয় ভাঙি পেলোৱা হৈছিল, নহয় ফাটি গৈছিল।
ভৱনটোৰ পুনৰুদ্ধাৰৰ কাম ২০০২ চনত আৰম্ভ কৰাৰ কথা আছিল। কিন্তু পলিক্লিনিকটোৰ কৰ্মকৰ্তাসকলে ভৱনটো খালী কৰিবলৈ অনিচ্ছুক আছিল, কাৰণ তেওঁলোকে ৪০ বছৰতকৈও অধিক সময় ধৰি ভৱনটো ব্যৱহাৰ কৰি আহিছিল। দখলদাৰসকলক ভৱনটোৰপৰা ওলাই যাবলৈ বাধ্য কৰাবলৈ শ্ৰমিকসকলে সকলো খিৰিকী কাঠৰ পাটীৰে বন্ধ কৰি দিছিল আৰু পলিক্লিনিকটোৱে চৌহদ খালী নকৰিলে দুৱাৰসমূহো একেদৰে বন্ধ কৰি দিয়াৰ ভাবুকি দিছিল। অৱশেষত তদানীন্তন লিওনিড কুচমাৰ হস্তক্ষেপৰ ফলতেই পলিক্লিনিকটোৱে সম্পূৰ্ণৰূপে ভৱনটো খালী কৰি দিয়ে।৪
পুনৰ নিৰ্মাণ আৰু চৰকাৰী ব্যৱহাৰ

পুনৰুদ্ধাৰৰ কাম UkrNIIProektRestavratsiya নামৰ প্ৰতিষ্ঠানটোৱে নাতালিয়া কোছেনকোৰ ১১ নেতৃত্বত সম্পন্ন কৰিছিল। এই সময়ছোৱাত শ্ৰমিকসকলে ভৱনটোৰ সমগ্ৰ তলৰ মহলাটো খান্দি উলিয়ায়। ভৱনটোৰ ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ছোভিয়েট যুগত এই তলৰ মহলাটো মাটিৰে পুতি পেলোৱা হৈছিল। ভৱনটোৰ ভিতৰৰ জটিল আৰু অলংকৃত সজ্জাসমূহো সম্পূৰ্ণৰূপে পুনৰ নিৰ্মাণ কৰিবলগীয়া হৈছিল। চোতালখনত পুনৰুদ্ধাৰকাৰীসকলে এটা কৃত্ৰিম হ্ৰদ, কেইবাটাও ফোৱাৰা আৰু এখন সৰু বাগিছা স্থাপন কৰে। এই সকলোবোৰৰ ব্যৱস্থা মূলতঃ হৰোডেস্কিয়ে প্ৰস্তুত কৰা মূল নক্সাতেই আছিল। ৪
২০০৪ চনৰ নৱেম্বৰ মাহত ভৱনটো ৰাষ্ট্ৰীয় কলা সংগ্ৰহালয়ৰ “ইউক্ৰেইনীয় শিল্পৰ মাষ্টাৰপিছ” নামৰ এটা শাখা হিচাপে মুকলি কৰা হয়। ১২ আশা কৰা হৈছিল যে ভৱনটোৱে একে সময়তে সংগ্ৰহালয় আৰু বিদেশৰপৰা অহা ৰাষ্ট্ৰীয় অতিথিসকলৰ সৈতে ৰাষ্ট্ৰপতিৰ বৈঠকৰ স্থান হিচাপে দুটা উদ্দেশ্য পূৰণ কৰিব। ২০০৫ চনৰ এপ্ৰিল মাহত কিয়েভ চিটি কাউন্সিলে হাউছ উইথ কিমেৰাক পুনৰ নিৰ্মাণ আৰু পুনৰুদ্ধাৰৰ বাবে ইউক্ৰেইন চৰকাৰক ১০৪ নিযুত হ্ৰিভনিয়া (প্ৰায় ২ কোটি মাৰ্কিন ডলাৰ) প্ৰদান কৰাৰ বাবে এখন বিধেয়ক দাখিল কৰে।১৩ লগতে পৰিষদে ভৱনটোৰ সন্মুখত এটা নতুন চৌহদ নিৰ্মাণৰ বাবেও ইউক্ৰেইন চৰকাৰক অনুমতি দিয়ে। চৰকাৰী অনুষ্ঠানসমূহৰ বাবে ব্যৱহাৰ কৰিবলগীয়া এই চৌহদত সকলো ধৰণৰ মটৰযানৰ চলাচল বন্ধ ৰখাৰ ব্যৱস্থা কৰা হৈছিল।
২০০৫ চনৰ মে’ মাহৰপৰা এই ভৱনটো চৰকাৰী ৰাষ্ট্ৰপতি ভৱন হিচাপে ব্যৱহাৰ হৈ আহিছে আৰু ইয়াত চৰকাৰী তথা কূটনৈতিক অনুষ্ঠান অনুষ্ঠিত হয়।১১৪২ ভিক্টৰ ইউশ্চেংকো আৰু ভ্লাডিমিৰ পুটিনৰ মাজত ২০০৬ চনৰ ২২ ডিচেম্বৰত পুটিনে কিয়েভ ভ্ৰমণ কৰাৰ সময়ত এই হাউছ উইথ কিমেৰা ভৱনতেই এখন বৈঠক অনুষ্ঠিত হৈছিল।১৫ ভৱনটোৰ ভিতৰত আলোচনাৰ কক্ষ, মুখা-মুখি আলোচনাৰ বাবে কক্ষ, চৰকাৰী নথি-পত্ৰত স্বাক্ষৰ কৰাৰ কক্ষ আৰু সংবাদ মাধ্যমৰ বাবে এটা বিশেষ কক্ষ আছে।১০
স্থাপত্য
| ভ্লাদিমিৰ ইয়াছিয়েভিচ ১৬ |
| ভ্লাদিমিৰ ইয়াছিয়েভিচে কৈছিল যে ৱ্লাডিছলাভ হৰোডেস্কিৰ ঘৰটোক কেৱল আন্তোনি গাউডিৰ স্থাপত্যকৰ্মৰ সৈতে তুলনা কৰিব পাৰি। বিশেষকৈ স্পেইনৰ বাৰ্চিলোনাত অৱস্থিত বিখ্যাত কাছা মিলা (Casa Milà)-ৰ সৈতে ইয়াৰ তুলনা কৰিব পাৰি। যদিও এই দুয়োটা স্থাপত্যৰ মাজত কেইবছৰমানৰ ব্যৱধান আছে, কাছা মিলাৰ নিৰ্মাণ ১৯০৫ চনৰ পৰা ১৯১০ চনৰ ভিতৰত সম্পূৰ্ণ হৈছিল। |
ভৱনটো আৰ্ট নুভো শৈলীত নিৰ্মাণ কৰা হৈছিল। সেই সময়ত এইটো তুলনামূলকভাৱে নতুন এক স্থাপত্যশৈলী আছিল আৰু ইয়াত সাধাৰণতে বেঁকা-ঘূৰণীয়া, প্ৰৱহমান নক্সা আৰু ফুল-পাত তথা অন্যান্য উদ্ভিদ অনুপ্ৰাণিত অলংকৰণ ব্যৱহাৰ কৰা হৈছিল। হৰোডেস্কিয়ে ভৱনটোৰ বাহ্যিক সজ্জাত এইধৰণৰ নক্সা পৌৰাণিক জীৱ আৰু বৃহৎ বন্যপ্ৰাণীৰ আকৃতিৰ জৰিয়তে প্ৰয়োগ কৰিছিল। হাউচ উইথ চিমেৰাসত কৰা তেওঁৰ অনন্য স্থাপত্যকৰ্মৰ বাবে তেওঁক কিয়েভৰ গাউডি বুলিও অভিহিত কৰা হয়। ৪৬
ভৱনটো যি ঠেক ঢালযুক্ত ভূমিত অৱস্থিত, সেইবাবেই ইয়াৰ ভেটিৰ সৈতে সঠিকভাৱে খাপ খুৱাব পৰাকৈ বিশেষভাৱে কংক্ৰিট ব্যৱহাৰ কৰি ইয়াৰ নক্সা প্ৰস্তুত কৰিবলগীয়া হৈছিল। সন্মুখৰপৰা চালে ভৱনটো মাত্ৰ তিনিমহলীয়া যেন লাগে। কিন্তু পিছফালৰপৰা চালে ইয়াৰ ৬টা মহল দেখা যায়।১৭ ভৱনটোৰ ভেটিৰ এটা অংশ কংক্ৰিটৰ খুঁটিৰ ওপৰত নিৰ্মাণ কৰা হৈছিল আৰু আনটো অংশ অবিচ্ছিন্ন ভেটি হিচাপে নিৰ্মাণ কৰা হৈছিল। সাধাৰণতে এই দুয়োটা পদ্ধতি একেলগে ব্যৱহাৰ কৰিলে কাৰিকৰী সমস্যাৰ সৃষ্টি হয়। তথাপি হৰোডেস্কিয়ে কোনো ধৰণে এই কাৰিকৰী সমস্যাটো সফলতাৰে অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল।
ইটালীৰ ভাস্কৰ্য্যশিল্পী এমিলিঅ’ ছালাই ভৱনটোৰ ভিতৰ আৰু বাহিৰৰ ভাস্কৰ্যসমৃদ্ধ সজ্জাৰ দায়িত্বত আছিল। ইয়াৰ ভিতৰত ছাদত থকা জলকন্যা, ডলফিন আৰু বেং, বাহিৰৰ দেৱালত থকা ডুবি যোৱা জাহাজ আৰু চিকাৰৰ ট্ৰফী, লগতে আড়ম্বৰপূৰ্ণ অভ্যন্তৰীণ সজ্জা যেনে বিশাল চিৰি আৰু পদুম ফুলৰ ঠাৰিত মেৰিয়াই থকা বিশাল কেটফিছৰ আকৃতিৰ ঝাড়বাতি উল্লেখযোগ্য।১৮
ছালাই নিৰ্মাণ কৰা বাহিৰৰ ভাস্কৰ্যসমূহ চিমেণ্টেৰে তৈয়াৰ কৰা হৈছিল। চিমেণ্ট যোগান ধৰিছিল কোম্পানীয়ে, যাৰ সহ-সঞ্চালক আছিল হৰোডেস্কি। কোম্পানীটোৰ মুখ্য সঞ্চালক ৰিখটাৰৰ নিৰ্দেশ অনুসৰি চিমেণ্টক ভৱনটোৰ প্ৰধান নিৰ্মাণ সামগ্ৰী হিচাপে একচেটিয়াভাৱে ব্যৱহাৰ কৰা হৈছিল। ১৯ সেই সময়ত নিৰ্মাণ সামগ্ৰী হিচাপে চিমেণ্টৰ জনপ্ৰিয়তা বিশেষ নাছিল। সেয়েহে চিমেণ্টৰ ব্যৱহাৰে ভৱনটো আৰু এই নতুন নিৰ্মাণ সামগ্ৰী দুয়োটাৰে প্ৰচাৰৰ এক মাধ্যম হিচাপেও কাম কৰিছিল।১৮
মজিয়াৰ নক্মা
হৰোডেস্কিৰ নিজা এপাৰ্টমেণ্টৰ মূল নক্সা, যিটো ষষ্ঠ মহলাত অৱস্থিত; ১৯০০ দশকৰ আৰম্ভণিৰ। হাউছ উইথ কিমেৰা এনেদৰে নক্সা কৰা হৈছিল যাতে ভাড়াতীয়াসকলে এটা সম্পূৰ্ণ মহল অধিকাৰ কৰিব পাৰে। প্ৰতিটো মহলতে ব্যক্তিগত পাকঘৰৰপৰা আৰম্ভ কৰি সৰু পাউডাৰ ৰুমলৈকে প্ৰয়োজনীয় সকলো গৃহস্থালিৰ কোঠা আছিল। ভৱনটোত দেখা পোৱা মুকলি মজিয়াৰ নক্সা আৰু অতিৰিক্ত কোঠাসমূহ ২০শ শতিকাৰ আৰম্ভণিৰ ধনী লোকসকলৰ বাসগৃহৰ বৈশিষ্ট্য আছিল। ১৭ মুঠতে, ভৱনটোৰ ক্ষেত্ৰফল ৩,৩০৯.৫ বৰ্গমিটাৰ (৩৫,৬২৩.১৬ বৰ্গফুট)।১১
ভৱনটোৰ পাহাৰৰ গভীৰত অৱস্থিত সৰ্বনিম্ন মহলাটোত দুটা আস্তাবল, ৰথচালকৰ বাবে দুটা কোঠা, এটা উমৈহতীয়া ধোৱাখানা আৰু দুটা পৃথক এপাৰ্টমেণ্ট আছিল। দুয়োটা এপাৰ্টমেণ্টৰ প্ৰতিটোতে এটা প্ৰৱেশকক্ষ, এটা পাকঘৰ, এটা বাথৰুম আৰু এটা সংৰক্ষণ কক্ষ আছিল। প্ৰথমটো এপাৰ্টমেণ্টত দুটা বাসোপযোগী কোঠা আৰু দ্বিতীয়টোত তিনিটা কোঠা আছিল। নিম্নতম স্তৰৰ ওপৰৰ প্ৰতিটো মহলাত কেৱল এটা এপাৰ্টমেণ্টৰ বাবে ডিজাইন কৰা হৈছিল।
দ্বিতীয় মহলাৰ এপাৰ্টমেণ্টটোত এটা প্ৰৱেশকক্ষ, পাকঘৰ, বাফে (খাদ্য পৰিৱেশনৰ কক্ষ), চাকৰ-চাকৰণীৰ বাবে তিনিটা কোঠা, এটা বাথৰুম, দুটা শৌচাগাৰ আৰু দুটা ভঁৰালঘৰৰ উপৰি ছটা বাসোপযোগী কোঠা আছিল। একেটা মহলাতে চাৰিটা সুৰাৰ ভঁৰালঘৰো আছিল। ভঁৰালঘৰসমূহ ওপৰৰ মহলাসমূহৰ এপাৰ্টমেণ্টৰ অন্তৰ্গত আছিল। তৃতীয় মহলাৰ এপাৰ্টমেণ্টটোত আঠটা বাসোপযোগী কোঠা, এটা প্ৰৱেশকক্ষ, এটা পাকঘৰ, বাচন ধোৱা কোঠা, চাকৰ-চাকৰণীৰ বাবে দুটা কোঠা, এটা বাথৰুম আৰু দুটা শৌচাগাৰ আছিল। এই এপাৰ্টমেণ্টটো সন্মুখৰ প্ৰৱেশদ্বাৰৰপৰা চালে বানকোভা ষ্ট্ৰীটৰ স্তৰতকৈ অলপ তলত অৱস্থিত আছিল।
আটাইতকৈ জাক-জমকপূৰ্ণ এপাৰ্টমেণ্টটো, যিটো হৰোডেস্কিৰ আছিল, তাত এটা অধ্যয়নকক্ষ, এটা বৃহৎ কক্ষ আৰু এটা বহাকক্ষ, এটা ভোজনকক্ষ, এটা সাজ-পোছাকৰ কক্ষ, এটা শোৱাকোঠা, এটা শিশুৰ কোঠা, এগৰাকী গৱৰ্ণেছৰ বাবে এটা কোঠা, এটা অতিথিকক্ষ, চাকৰ-চাকৰণীৰ বাবে তিনিটা কোঠা, এটা পাকঘৰ, বাচন ধোৱা কোঠা, এটা বাথৰুম, দুটা শৌচাগাৰ আৰু দুটা ভঁৰালঘৰ আছিল। ৭ ইয়াৰ ওপৰৰ মহলাত হৰোডেস্কিৰ এপাৰ্টমেণ্টৰ আকাৰ আৰু নক্সাৰ সৈতে প্ৰায় একে এটা এপাৰ্টমেণ্ট আছিল। সৰ্বোচ্চ মহলাৰ এপাৰ্টমেণ্টটোত এটা কোঠা কম আছিল; ইয়াৰ ক্ষতিপূৰণস্বৰূপে তাত এটা সংলগ্ন টেৰেচ আছিল, য’ৰপৰা চহৰখনৰ এক বিস্তৃত মনোৰম দৃশ্য দেখা গৈছিল। ৭
কিংবদন্তি
বছৰবোৰ পাৰ হৈ যোৱাৰ লগে লগে হাউছ উইথ চিমেৰাসে অস্বাভাৱিক বৈশিষ্ট্যই বহুতো কাহিনীৰ জন্ম দিছে। এই কাহিনীবোৰৰ কিছুমান মাজে-সময়ে ভ্ৰমণ-নিৰ্দেশিকা বা বাতৰি কাকতত পুনৰাবৃত্তি কৰা হয়; কিন্তু সেইবোৰ হয় অসত্য, নহয় যাচাই কৰিব পৰা কোনো উৎসৰ অভাৱ থকা কাহিনী। ২০
প্ৰথম কিংবদন্তি অনুসৰি, ভ্লাদিছলাভ হোৰোডেস্কিৰ জীয়ৰীয়ে কোনো এক দুৰ্ভাগ্যজনক প্ৰেমৰ সম্পৰ্ক অথবা পাৰিবাৰিক বিবাদৰ বাবে ড্নিপাৰ নদীত জঁপিয়াই আত্মহত্যা কৰিছিল। ফলস্বৰূপে, হোৰোডেস্কিয়ে কিছু পৰিমাণে মানসিক ভৰসাম্য হেৰুৱাই পেলাইছিল আৰু তেওঁৰ জীয়ৰীৰ স্মৃতিত এই বিষণ্ণ আৰু গোমা ঘৰটো নিৰ্মাণ কৰিছিল। ২১
দ্বিতীয় কিংবদন্তি অনুসৰি, হোৰোডেস্কিয়ে আন কেইগৰাকীমান স্থপতিৰ সৈতে, যাৰ ভিতৰত স্থপতি আলেক্সেণ্ডাৰ স্কোবেলেভো আছিল, এটা বাজি ধৰিছিল। স্কোবেলেভে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল যে এনে ভূ-খণ্ডত ঘৰ নিৰ্মাণ কৰাটো অসম্ভৱ, কাৰণ স্থানটো ইভান ফ্ৰাংকো থিয়েটাৰৰ ওচৰত থকা এটা জলাভূমিৰ ওপৰত অৱস্থিত আছিল। এই জলাভূমিটোক কোজ'য়ে বলোটো বুলি কোৱা হৈছিল। কিয়েভৰ নিৰ্মাণ সমিতিয়ে এই নিৰ্দিষ্ট ভূমিখণ্ডত কোনো ধৰণৰ স্থাপনা নিৰ্মাণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু অৱশেষত হোৰোডেস্কিয়ে সেই স্থানত ভৱনটো নিৰ্মাণ কৰিবলৈ সক্ষম হয় আৰু এইদৰে তেওঁ বাজিটো জিকিছিল। ২১
তৃতীয় কিংবদন্তি অনুসৰি, ১৯১৩ চনত হোৰোডেস্কিয়ে ঘৰটোক অভিশাপ দিছিল বুলি কোৱা হয়। ইয়াৰ কাৰণ আছিল তেওঁৰ ঋণদাতাসকলৰ ঋণ পৰিশোধ কৰিবলৈ অসমৰ্থ হোৱা। কিংবদন্তি অনুসৰি, ঘৰটোৰ সকলো ভাড়াতীয়েই হয় অসুখী হ'ব, নহয় কোনো ধৰণৰ আৰ্থিক দুৰ্ভাগ্যৰ সন্মুখীন হ'ব। এটা কাহিনী অনুসৰি, ভৱনটোৰ কোনো অংশ ভাড়াত লোৱা সকলো ব্যৱসায় হয় দেউলীয়া হৈছিল, নহয় তেওঁলোকৰ ধন চুৰি হৈছিল, অথবা ব্যৱসায়সমূহ বন্ধ হৈ গৈছিল। ৪
তথ্যৰ উৎস
গ্ৰন্থতালিকা
- Ivanenko, Anna. (2004). Horodecki. Lord of Chimaeras. Mir Turizma
- Malakov, Dmytro. (1999). Arkhitektor Horodetskyi. Kyi. ISBN 966-7161-30-7
- Malikenaite, Ruta. (2003). Touring Kyiv. Baltija Dryk. ISBN 966-96041-3-3
- Savchuk, Galina. (1996). The Streets of Kiev: Five Walks in the Centre. ArtEc Publishers
- Yasiievych, V. E. (1988). Architecture of Ukraine at the Turn of the 19th–20th Centuries. Budivel'nyk. ISBN 5-7705-0088-3
- Zharikov, N. L. (1983–1986). Monuments of Urban Development and Architecture in the Ukrainian SSR. Budivel'nyk
বাহ্যিক সংযোগ
- Horbachov, Dmytro. Art Nouveau in Kyiv
- House with Chimaeras. Wiki-Encyclopedia Kyiv
- আৰ্কাইভ কপি. Interesniy Kiyev
- Photogallery containing detailed images. LiveJournal
- Interior photogallery. domparketa.com.ua
তথ্যসূত্ৰ
- ↑ (2005-05-11)
- ↑ Shokalo, Marta. (2005-04-01). The aura is fine, but the place is too small. BBC Ukrainian
- ↑ Ivashko, Yuliya. Riddle of House with Chimaeras. Vash Kiev
- ↑ Ivanenko 2004
- ↑ (2003-05-20). Architector of century. Vinnytsia oblast' universal science library named after K.A.Timiryazev
- ↑ Rinkus, Sonya. heed the krai. elementmoscow.ru
- ↑ Malakov 1999, পৃ. ?
- ↑ Malikenaite 2003, পৃ. 50
- ↑ Kalnitsky, Mikhail. (2003-08-19). The rebirth of the House with Chimaeras. Kievskie Vedomosti №179 (2984)
- ↑ House with Chimeras. Official web-site of President of Ukraine
- ↑ (2003-12-31)
- ↑ (2004-11-19). A cultural museum center opens in the House with Chimaeras. Korrespondent. Bigmir-Internet
- ↑ Decrees of Kyiv City Council Kyiv City Council decree No. 380/2955: On the allowance of the change of ownership to the government authority with permission of conducting reconstruction and restoration works on the building of 10, Bankova Street . Passed on 2005-04-21
- ↑ Ukrainian architecture: 10 buildings that everyone should see
- ↑ (2006-12-22). Yushchenko and Putin decided their goals for two years ahead. Korrespondent. Bigmir-Internet
- ↑ Yasiievych 1988, পৃ. 93
- ↑ Zharikov 1983–1986, পৃ. 38
- ↑ Klymenko, Sergiy. Budynok z Khimeramy. Photos of Kyiv
- ↑ explorer. (2007-07-05). Walks around Kyiv. House with Chimaeras. Narodna pravda
- ↑ Savchuk 1996, পৃ. 95
- ↑ Pavlovsky, Viktor. House with Chimaeras. Kiev Info. Optima Tours
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাউছ উইথ চিমেৰাস” প্ৰবন্ধৰ সংশোধন ৬২৯১৬০ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।