অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

তেওঁ

তেওঁ অসমীয়া ভাষাৰ এটি শব্দ, যিয়ে সৰ্বনামৰ ৰূপত “আলোচিত বা পূৰ্বে উল্লিখিত পুৰুষজন বা মান্যাৰ্থত মহিলা গৰাকীক” বুজায়। ই আলোচিত বা পূৰ্বে উল্লিখিত মানুহজন বা জনীক বুজায়। তলত অসমীয়া ভাষাত ব্যৱহাৰ হোৱা পুৰুষ সৰ্বনামৰ বিষয়ে দিয়া হ'ল—

হালনাগাদ: ৮ ডিচেম্বৰ ২০২৪ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

তেওঁ অসমীয়া ভাষাৰ এটি শব্দ, যিয়ে সৰ্বনামৰ ৰূপত “আলোচিত বা পূৰ্বে উল্লিখিত পুৰুষজন বা মান্যাৰ্থত মহিলা গৰাকীক” বুজায়। ই আলোচিত বা পূৰ্বে উল্লিখিত মানুহজন বা জনীক বুজায়।১ তলত অসমীয়া ভাষাত ব্যৱহাৰ হোৱা পুৰুষ সৰ্বনামৰ বিষয়ে দিয়া হ'ল২—

পুৰুষএকবচনবহুবচন
প্ৰথম পুৰুষমইআমি
দ্বিতীয় পুৰুষ(তুচ্ছ) তইতোমালোক
(মান্য) তুমিতোমালোক
(অধিক মান্য) আপুনিআপোনালোক
তৃতীয় পুৰুষতেওঁতেওঁলোক
(অধিক মান্য) তেখেততেখেতসকল

তেওঁৰ সমাৰ্থক শব্দ

আলোচিত বা পূৰ্বে উল্লিখিত মানুহ বা জন্তু

আলোচিত বা পূৰ্বে উল্লিখিত মতা মানুহ বা জন্তু বুজাবলৈ 'সি' আৰু 'তেৰা' শব্দও ব্যৱহাৰ কৰিব পাৰি। ৩ জন্তুৰ ক্ষেত্ৰত তেওঁৰ ব্যৱহাৰ নহয়। হলেও ব্যঙ্গাৰ্থতহে হব।

আলোচিত বা পূৰ্বে-উল্লিখিত পুৰুষজন

আলোচিত বা পূৰ্বে-উল্লিখিত পুৰুষজন বুজাবলৈ 'তেখেত' শব্দও ব্যৱহাৰ কৰিব পাৰি।৪

অন্য ভাষাত 'তেওঁ'

আলোচিত বা পূৰ্বে উল্লিখিত মতা মানুহ বা জন্তু

তলত বিভিন্ন ভাষাত 'তেওঁ' শব্দটো দিয়া হ'ল৫--

ভাষানিৰ্দিষ্ট ভাষাৰ লিপিতঅসমীয়া লিপিত
ইংৰাজীHeহি
বড়োबियोবিয়'
খাচীuউ
মিটেইলনmahakমাহাক
বিষ্ণুপ্ৰিয়া মণিপুৰীতাতা
কাৰ্বিalangআলাং
কক-বৰকBoব'
নাগামিজtaiতাই
ডিমাচাbuবু
আওpaপা
টাইমান্মান্
বাংলাসে, হে, তিনি, উনি, হেইন, ইনি, এইন, ওক্ৰমে চে, হে, তিনি, উনি, হেইন, ইনি, এইন, ও

আলোচিত বা পূৰ্বে-উল্লিখিত পুৰুষজন

ভাষানিৰ্দিষ্ট ভাষাৰ লিপিতঅসমীয়া লিপিত
বাংলাতিনি, উনিক্ৰমে তিনি, উনি

'তেওঁ'ৰ ব্যৱহাৰৰ উদাহৰণ

  • ....হোৱাৰ আশাতে আছে; তেওঁ এতিয়াও গোহাঞিদেৱৰ আশাতে দিন নিয়াইছে। মোৰ আঁচলৰ নিধি, হৃদয়ৰ মাণিক চুৰ কৰিবলৈ তেওঁ ছেগ চাই ফুৰিছে; সেই কাৰণেই, তেওঁ মোৰপৰা গোহাঞিদেৱৰ.... -- ভানুমতী
  • ....কিহৰে তেওঁ গঠিত হ'ল আৰু কেতিয়া ক'ত তেওঁৰ ওৰ পৰিব, ইত্যাদি সূৰ্য্যৰ সম্পূৰ্ণ জ্ঞান আমাৰ অজ্ঞেয়; কিন্তু তেওঁৰ সৈতে আমাৰ অছেদ অভেদ সমন্ধ আৰু তেওঁ যিমান.... -- তত্ত্ব-কথা
  • ....সৰহ, গতিকে তেওঁ চিপাহীৰ ৰণত জিকিব নোৱাৰিলে। পাচত তেওঁ দেখিলে যে ভঁৰাল ৰাখিবৰ আৰু উপায় নাই, সি নিশ্চয় বিদ্ৰোহীৰ হাতত পৰিব, সেই দেখি তেওঁ তাক পুৰি পেলোৱা.... -- সাৰথি

তথ্যসূত্ৰ

  1. ↑ xobdo.org চাইটত সন্ধান কৰি পোৱা ফলাফল। আহৰণ কৰা হৈছে: ২০/৬/২০১৫, ভাৰতীয় মান সময়
  2. ↑ ড॰ দাস আৰু ড॰ ভট্টাচাৰ্যৰ 'ৰচনা সঞ্চয়ন' গ্ৰন্থৰ ৭৭ নং পৃষ্ঠা
  3. ↑ xobdo.org search result
  4. ↑ xobdo.org search result
  5. ↑ xobdo.org

সম্পৰ্কিত শ্ৰেণী

পদ (ব্যাকৰণ)অসমীয়া ব্যাকৰণব্যাকৰণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেওঁ” প্ৰবন্ধৰ সংশোধন ৪৫২৩৩১ (৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।