অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

স্তন কৰ

স্তন কৰ (തലക്കരം, মুলাক্কৰম বা মুল-আকৰম) ট্ৰেভেংকৰ ৰাজ্যত (বৰ্তমানৰ ভাৰতৰ কেৰালা) নিম্ন জাতি আৰু অস্পৃশ্য হিন্দু মহিলাসকলৰ ওপৰত ১৯২৪ চনলৈকে আৰোপিত এক কৰ আছিল। নিম্ন বৰ্ণৰ মহিলাসকলে স্তন বৰ্ধনৰ লগে লগে ৰাজহুৱা স্থানত স্তনযুগল ঢাকি ৰাখিবৰ বাবে চৰকাৰক এই কৰ পৰিশোধ কৰিবলগীয়া হৈছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৮২ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

স্তন কৰ (തലക്കരം, মুলাক্কৰম বা মুল-আকৰম) ট্ৰেভেংকৰ ৰাজ্যত (বৰ্তমানৰ ভাৰতৰ কেৰালা) নিম্ন জাতি আৰু অস্পৃশ্য হিন্দু মহিলাসকলৰ ওপৰত ১৯২৪ চনলৈকে আৰোপিত এক কৰ আছিল।১২৩ নিম্ন বৰ্ণৰ মহিলাসকলে স্তন বৰ্ধনৰ লগে লগে ৰাজহুৱা স্থানত স্তনযুগল ঢাকি ৰাখিবৰ বাবে চৰকাৰক এই কৰ পৰিশোধ কৰিবলগীয়া হৈছিল।৪৫ নিম্ন বৰ্ণৰ পুৰুষসকলে তেওঁলোকৰ মূৰ ঢাকিবলৈ তলা-কৰম নামৰ কৰ দিছিল।৬ ট্ৰেভেংকৰৰ কৰ বিষয়াসকলে প্ৰতিটো ঘৰলৈ গৈ যৌৱনপ্ৰাপ্ত মহিলাসকলৰ পৰা কৰ সংগ্ৰহ কৰিছিল।৭ স্তনৰ আকাৰ চাই কৰৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল।১২৮৩ কিন্তু এই কৰৰ কাৰণ আৰু স্তনৰ আকাৰৰ লগত সম্পৰ্কৰ ঐতিহাসিক তথ্য একেবাৰে কম। মনু এছ পিল্লাই আৰু আন পণ্ডিতসকলে স্তনৰ লগত এই কৰৰ সংযোগৰ কথা নস্যাৎ কৰিছে আৰু ই সকলো নিম্ন বৰ্ণৰ মহিলাৰ পৰা সংগ্ৰহ কৰা এক সাধাৰণ কৰ বুলি মন্তব্য কৰিছে।৯১০১১

পাৰ্শ্ব ঘটনাৱলী

আৰোপিত কাহিনী অনুসৰি ৰাজহুৱা স্থানত স্তনযুগল ঢাকি ৰাখিব খোজা নিম্ন বৰ্ণৰ হিন্দু মহিলাসকলৰ ওপৰত১২১৩১৪ শাসকীয় ব্ৰাহ্মণসকলে এই স্তন কৰ জাপি দিছিল।১৫ এই কৰ নাডাৰ আৰু ইঝাভাকে ধৰি নিম্ন বৰ্ণৰ মহিলাসকলে উচ্চ বৰ্ণৰ লোকক দেখুওৱা সন্মান বুলি গণ্য কৰা হৈছিল।১২ লিংগ শ্ৰেণীবিভাজন আৰু দলিত অধ্যয়নৰ অধ্যাপক ড° শ্বীবা ক এমৰ মতে স্তন কৰৰ উদ্দেশ্যই আছিল সামাজিক বৰ্ণবাদ অব্যাহত ৰখা।১৩

উচ্চ খাপৰ লোকসকলৰ সন্মানাৰ্থে স্তন উন্মুক্ত কৰি ৰখাটো ট্ৰেভেংকৰৰ এক পৰম্পৰা আছিল আৰু স্তন কৰৰ আইন ইয়াৰ পৰাই উদ্ভুত হৈছিল।৬ উদাহৰণস্বৰূপে নায়াৰ মহিলাসকলক নাম্বুডিৰি ব্ৰাহ্মণৰ সন্মুখত বা মন্দিৰত প্ৰৱেশ কৰোঁতে স্তন ঢাকি ৰাখিবলৈ অনুমতি দিয়া নহৈছিল, কিন্তু ব্ৰাহ্মণ মহিলাই কেৱল দেৱতাৰ মূৰ্তিৰ সন্মুখতহে স্তন উন্মুক্ত কৰিছিল। তাতকৈ নিম্ন জাতি যেনে নাডাৰ, ইঝাভা আৰু সলিতসকলক কোনো ক্ষেত্ৰতে স্তন ঢাকিবলৈ দিয়া নহৈছিল।৭ ১৯শ শতিকাত খ্ৰীষ্টধৰ্মৰ আগমণৰ পাছত এই ধৰ্ম গ্ৰহণ কৰা নাডাৰ মহিলাসকলে দেহৰ উৰ্ধাংশ ঢাই ৰাখিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে হিন্দু নাডাৰ মহিলাইও এই কাম কৰিবলৈ ল'লে।১৬১৭ কেইটামান বিদ্ৰোহৰ পাছত নাডাৰ মহিলাসকলক ১৮৫৯ চনত স্তন ঢাকি ৰাখিবলৈ অনুমতি দিয়া হ'ল।

একাধিক ইতিহাসবিদে কয় যে ট্ৰেভেংকৰৰ প্ৰথা অনুসৰি নিম্ন বৰ্ণৰ মহিলাই স্তন ঢাকি নৰখাটো চৰকাৰী নিয়মে কঠোৰ কৰি তুলিছিল। বৰ্ণবাদক প্ৰশ্ৰয় দিয়া এই নিয়ম ভাঙিবলৈ নিম্ন জাতিৰ লোকসকলে বহুবাৰ বিদ্ৰোহৰ সূচনা কৰিছিল।১৮১৯

চান্নাৰ বিদ্ৰোহ

মূল প্ৰবন্ধ: চান্নাৰ বিদ্ৰোহ

মহিআই ৰাজহুৱা স্থানত স্তনযুগ উন্মুক্ত কৰি ৰাখিবাগীয়া আইনৰ বাবে২০২১ বহুসংখ্যক নাডাৰে নিজৰ সামাজিক স্থিতি উন্নত কৰিবই খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰে আৰু উৰ্ধাংশ ঢকা কাপোৰ পিন্ধিববৈ লয়।২২ ইয়ে উচ্চ আৰু নিম্ন বৰ্ণৰ লোকৰ মাজত সংঘাত বঢ়াই তোলে।২৩

১৮১৩ চনৰ পৰা ১৮৫৯ চনলৈকে ট্ৰেভেংকৰৰ শাসকে উৰ্ধাংশ ঢকা কাপোৰক লৈ কেইবাটাও নিয়ম গঢ়ে আৰু ভাঙে।২৪২৫ একে এক সময়ত ৰজাৰ পাৰিষদকলে যুক্তি দিলে যে উৰ্ধাংশ ঢকা অধিকাৰে জাতি ভেদ আঁতৰাই ৰাজ্যখন দূষিত কৰিব।২৬২৭ নিম্ন বৰ্ণৰ খ্ৰীষ্টিয়ান হিন্দু মহিলাৰ বিৰুদ্ধে হিংসাৰ ঘটনা হৈ কেইবাখনো বিদ্যালয় আৰু গীৰ্জাৰ ক্ষতি হয়।২৮ চাৰি দশক ধৰি কেইবাটাও বিদ্ৰোহ অব্যাহত থাকে।২৩২৯

১৮৫৯ চনত দুগৰাকী নাডাৰ মহিলাৰ উৰ্ধাংশৰ কাপোৰ ছিঙি তেওঁলোকক ৰাজহুৱাভাৱে গছত ফাঁচী দিয়া হয়।২৩৩০ নাডৰসকলে এই ঘটনাৰ সজোৰ প্ৰতিবাদ কৰি ওচৰ-পাজৰৰ উচ্চ বৰ্ণৰ লোকক ভয়ভীত কৰি তেওঁলোকৰ দোকান-পোহাৰ লুটিবলৈ আৰম্ভ কৰিলে। তেতিয়া ৰজাই শান্তি স্থাপনৰ বাবে উৰ্ধাংশ ঢাকিবলৈ নিয়ম কৰিবলগীয়া হ'ল।২৩২৯৩১ একে বছৰেই মাদ্ৰাছ গৱৰ্ণৰৰ হেঁচাত ৰজাই নাডাৰ মহিলাই বুকু ঢাকিব পৰা অধিকাৰ প্ৰদান কৰিলে।৩২৩৩৩৪ তথাপিও তেওঁলোকক উচ্চ বৰ্ণৰ মহিলাৰ শৈলী অনুকৰণ কৰিবলৈ দিয়া নহৈছিল, কিন্তু নাডাৰ মহিলাই এই কথা মানিবলৈ অস্বীকাৰ কৰিলে।৩৫৩৬৩৭

নাঙেলিৰ কাহিনী

মূল প্ৰবন্ধ: নাঙেলি

ট্ৰেভেংকৰৰ দেশীয় ৰাজ্যৰ চাৰ্থালা গাঁৱত ১৯শ শতিকাৰ আগভাগত নাঙেলি নামৰ এগৰাকী মহিলাই জাতি-ভিত্তিক স্তন কৰৰ প্ৰতিবাদ কৰিবলৈ নিজৰ স্তনযুগল কাটি দিছিল বুলি এক কিংবদন্তী আছে।৩৮৯৩৯

কাহিনী অনুসৰি ট্ৰেভেংকৰৰ গাম্য বিষয়াই স্তনৰ আকাৰ পৰীক্ষা কৰি কৰ সংগ্ৰহৰ বাবে নাঙেলিৰ ঘৰলৈ আহে।৪০ নাঙেলিয়ে ইয়াৰ প্ৰতিবাদ কৰি নিজৰ স্তন কাটি তেওঁলোকলৈ কলপাতত আগবঢ়াই দিয়ে।৪১৪২৪০ অত্যাধিক ৰক্তক্ষৰণৰ বাবে তেওঁৰ মৃত্যু হয়।৪০ নাঙেলিৰ গিৰিয়েক চিৰুকন্দনে শোকতপ্ত হৈ তাইৰ চিতাত জঁপিয়াই আত্মজাহ দিয়ে– ভাৰতত পুৰুষ সতী হোৱা এয়েই প্ৰথম ঘটনা।৪৩

নাঙেলিৰ মৃত্যুৰ পাছত সাধাৰণ ৰাইজে বিদ্ৰোহৰ সূচনা কৰে। নাঙেলি বাস কৰা ঠাইডোখৰ মুলাচিপৰম্বু (স্তন থকা মহিলাৰ ঠাই) বুলি জনাজাত হ'ল।৪৩

এই কাহিনীৰ ঐতিহাসিক তথ্য প্ৰায় নায়েই আৰু সেইবাবে ইয়াৰ সত্যতাক লৈ সন্দেহ কৰা হয়।২০৯

উৎস

তথ্যসূত্ৰ

  1. ↑ The CBSE Just Removed an Entire History of Women's Caste Struggle. The Wire
  2. ↑ (2016-07-28). The woman who cut off her breasts to protest a tax
  3. ↑ Nine weird taxes from around the world – Really absurd. The Economic Times
  4. ↑ K.S. Manilal. (15 November 2012). Sikhism in Kerala: Forgotten Chapter in the Social History of the State. Samagra. পৃ. 3–4
  5. ↑ R. N. Yesudas. (1980). The History of the London Missionary Society in Travancore, 1806–1908. Kerala Historical Society. পৃ. 19
  6. ↑ Jacob Kattackal. (1990). Comparative Religion. Oriental Institute of Religious Studies. পৃ. 144
  7. ↑ (2019-05-17). Breast Tax and the Revolt of Lower Cast Women in 19th Century Travancore
  8. ↑ Allen, Charles. (2017). Coromandel: A personal history of South India. Little, Brown. পৃ. 285. ISBN 9781408705391
  9. ↑ S. Pillai, Manu. (2019). The Courtesan, the Mahatma and the Italian Brahmin: Tales from Indian History. Westland Publications Private Limited. ISBN 9789388689786
  10. ↑ Kattackal, Jacob. (1990). Comparative Religion. Oriental Institute of Religious Studies. পৃ. 144
  11. ↑ Yesudas, R.N. (1980). The History of the London Missionary Society in Travancore, 1806-1908. Kerala Historical Society. পৃ. 19
  12. ↑ The CBSE Just Removed an Entire History of Women's Caste Struggle. The Wire
  13. ↑ (2016-07-28). The woman who cut off her breasts to protest a tax
  14. ↑ Allen, Charles. (2017). Coromandel: A personal history of South India. Little, Brown. পৃ. 285. ISBN 9781408705391
  15. ↑ Nat. আৰ্কাইভ কপি
  16. ↑ Robert L. Hardgrave. (1969). The Nadars of Tamilnad. University of California Press. পৃ. 59–62
  17. ↑ Robert L. Hardgrave, Jr. (1968). The Breast-Cloth Controversy: Caste Consciousness and Social Change in Southern Travancore. The Indian Economic & Social History Review. পৃ. 171–187
  18. ↑ Cohn, Bernard S. (1996-09-08). Colonialism and Its Forms of Knowledge: The British in India. Princeton University Press. পৃ. 140. ISBN 9780691000435
  19. ↑ Hardgrave, Robert L. (1969). The Nadars of Tamilnad. University of California Press. পৃ. 55-70
  20. ↑ (2016-07-28). The woman who cut off her breasts to protest a tax
  21. ↑ The CBSE Just Removed an Entire History of Women's Caste Struggle. The Wire
  22. ↑ (2018-10-18). Travancore parallel: the fight to wear an upper garment. The Indian Express
  23. ↑ A struggle for decent dress. The New Indian Express
  24. ↑ Cohn 1996, পৃ. 140
  25. ↑ Ponnumuthan 1996, পৃ. 109
  26. ↑ Cohn 1996, পৃ. 140
  27. ↑ Ponnumuthan 1996, পৃ. 109
  28. ↑ Cohn 1996, পৃ. 141
  29. ↑ (2019-05-17). Breast Tax and the Revolt of Lower Cast Women in 19th Century Travancore
  30. ↑ (2018-10-18). Travancore parallel: the fight to wear an upper garment. The Indian Express
  31. ↑ (2018-10-18). Travancore parallel: the fight to wear an upper garment. The Indian Express
  32. ↑ Cohn 1996, পৃ. 141
  33. ↑ Ross 2008, পৃ. 78
  34. ↑ Jones 1989, পৃ. 159
  35. ↑ Ponnumuthan 1996, পৃ. 110
  36. ↑ Cohn 1996, পৃ. 141-142
  37. ↑ Kertzer 1988, পৃ. 113
  38. ↑ (28 July 2016). The woman who cut off her breasts to protest a tax. BBC News
  39. ↑ Allen, Charles. (2017). Coromandel: A personal history of South India. Little, Brown. পৃ. 285. ISBN 9781408705391
  40. ↑ S. Pillai, Manu. (2019). The Courtesan, the Mahatma and the Italian Brahmin: Tales from Indian History. Westland Publications Private Limited. ISBN 9789388689786
  41. ↑ Surendranath, Nidhi. (21 October 2013). 200 years on, Nangeli's sacrifice only a fading memory. The Hindu
  42. ↑ Singh, Vijay. (7 March 2016). She died fighting 'breast tax', her name lives on. Times of India
  43. ↑ (28 July 2016). The woman who cut off her breasts to protest a tax. BBC News

সম্পৰ্কিত শ্ৰেণী

ভেদভাৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্তন কৰ” প্ৰবন্ধৰ সংশোধন ৬২৪৬২৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।