নাঙেলিৰ কিংবদন্তি অনুসৰি তেওঁ ১৯ শতিকাৰ দেশীয় ৰাজ্য (ব্ৰিটিছ ভাৰত) ট্ৰেভেংকৰৰ (বৰ্তমান ভাৰতৰ কেৰালা ৰাজ্য) চাৰ্থালাৰ এগৰাকী মহিলা আছিল আৰু জাতি-ভিত্তিক "স্তন কৰ"ৰ প্ৰতিবাদ কৰিবলৈ নিজৰ স্তন কাটি পেলাইছিল।
এই কাহিনীক ভাৰতৰ ইতিহাসত আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই আৰু ইয়াৰ ঐতিহাসিক সত্যতাক লৈ মতবিৰোধ আছে।১২৩
পাৰ্শ্ব ঘটনাৱলী
বহু ইতিহাসবিদে লিপিবদ্ধ কৰিছে যে নিম্ন বৰ্ণৰ মহিলাসকলে স্তন উন্মুক্ত কৰি ৰখাটো উচ্চ জাতিৰ প্ৰতি সন্মান প্ৰদৰ্শন বুলি ট্ৰেভেংকৰত এক পৰম্পৰা আছিল। জাতিৰ শ্ৰেণীবিভাজনক অমান্য নকৰিবলৈ চৰকাৰে স্তন ঢাকি নৰখাৰ নিয়ম বান্ধি দিছিল। মূলতঃ এই কাৰণে নিম্ন বৰ্ণৰ লোকসকলে একাধিকবাৰ বিদ্ৰোহ কৰিছিল।৪৫৬
অভিযোগমতে তেতিয়াৰ ব্ৰাহ্মণ শাসকে নিম্ন বৰ্ণৰ হিন্দু মহিলাৰ ওপৰত স্তন কৰ বা মুলাক্কৰম জাপি দিছিল। এই নিয়ম অনুসৰি ৰাজহুৱা স্থানত স্তন ঢাকি ৰাখিবলৈ তেওঁলোকে কৰ পৰিশোধ কৰিবলগীয়া হৈছিল আৰু স্তনৰ আকাৰমতে কৰ নিৰ্ধাৰণ কৰা হৈছিল।১৭৩ কিন্তু এই কৰৰ কাৰণ আৰু স্তনৰ আকাৰৰ লগত সম্পৰ্কৰ ঐতিহাসিক তথ্য একেবাৰে কম। মনু এছ পিল্লাই আৰু আন পণ্ডিতসকলে স্তনৰ লগত এই কৰৰ সংযোগৰ কথা নস্যাৎ কৰিছে আৰু ই সকলো নিম্ন বৰ্ণৰ মহিলাৰ পৰা সংগ্ৰহ কৰা এক সাধাৰণ কৰ বুলি মন্তব্য কৰিছে।২৮৯
কাহিনী
এই কাহিনী অনুসৰি ১৯ শতিকাৰ আগভাগত ট্ৰেভেংকৰৰ চাৰ্থালা গাঁৱত ইঝাভা জাতিৰ নাঙেলি আৰু গিৰিয়েক চিৰুকন্দনে বাস কৰিছিল। তেওঁলোক নিঃসন্তান আছিল। এদিন ট্ৰেভেংকৰৰ প্ৰৱথিয়াৰ (গাঁৱৰ বিষয়া)জন স্তনৰ জৰীপ কৰি কৰ সংগ্ৰহৰ বাবে নাঙেলিৰ ঘৰলৈ আহে।২ নাঙেলিয়ে এই কথাৰ বিৰোধ কৰি নিজৰ স্তনযুগক কাটি কলপাতত বিষয়াজনলৈ আগবঢ়াই দিয়ে।১০১১২ অত্যধিক ৰক্তক্ষৰণৰ বাবে নাঙেলিৰ মৃত্যু হয়।২ নাঙেলিৰ গিৰিয়েক চিৰুকন্দনে পত্নীৰ মৃত্যু সহ্য কৰিব নোৱাৰি তাইৰ চিতাত জঁপিয়াই আত্মজাহ দিয়ে। ভাৰতত পুৰুষ সতী হোৱা এয়েই প্ৰথম ঘটনা।১
নাঙেলিৰ মৃত্যুৰ পাছত সাধাৰণ লোকসকলে বিদ্ৰোহ কৰিবলৈ লয়। আন ঠাইতো একেধৰণৰ লোককথা পোৱা গৈছে।১২ ইয়াৰ পাছতে ট্ৰেভেংকৰত স্তন কৰৰ নিয়ম বাতিল কৰা হ'ল। নাঙেলি বাস কৰা ঠাইডোখৰ মুলাচিপৰম্বু (স্তন থকা মহিলাৰ ঠাই) বুলি জনাজাত হ'ল।১
পিল্লাইয়ে এই কাহিনী নাকচ কৰি কয় যে কেৰালাৰ মুক্ত চিন্তাৰ মাতৃপ্ৰধান সমাজত স্তন ঢাকি নৰখাটোৱেই প্ৰচলিত ধৰণ আছিল। কেইবাদশক পাছত ব্ৰিটিছৰ আগমণ হওঁতে লাহে লাহে সমাজত ভিক্টোৰিয়ান নৈতিকতাৰ প্ৰৱেশ ঘটিল আৰু উৰ্ধাংশ ঢাকি ৰখাৰ নিয়ম হ'ল।২ তেওঁৰ মতে নাঙেলিয়ে সকলো নিম্ন বৰ্ণৰ লোকৰ ওপৰত জাপি দিয়া এক দমনমূল কৰ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। ই পাছলৈ মহিলাৰ সন্মান ৰক্ষাৰ বাবে বিৰোধলৈ পৰিণত হৈ পৰিল।২
জনপ্ৰিয় সংস্কৃতিত
ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে দলিতসকলৰ বৰ্তমানৰ শ্ৰেণী সংগ্ৰামৰ ক্ষেত্ৰত এই কাহিনীটোৰ কমিক আঁকি প্ৰচাৰ কৰা হৈছে।১৩ নাঙেলিৰ বিষয়ে এক চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰস্তাৱো দিয়া হৈছে।১৪১৫
আৰু চাওক
- স্তন কৰ
- চান্নাৰ বিদ্ৰোহ
তথ্যসূত্ৰ
- ↑ (28 July 2016). The woman who cut off her breasts to protest a tax. BBC News
- ↑ S. Pillai, Manu. (2019). The Courtesan, the Mahatma and the Italian Brahmin: Tales from Indian History. Westland Publications Private Limited. ISBN 9789388689786
- ↑ Allen, Charles. (2017). Coromandel: A personal history of South India. Little, Brown. পৃ. 285. ISBN 9781408705391
- ↑ Cohn, Bernard S. (1996-09-08). Colonialism and Its Forms of Knowledge: The British in India. Princeton University Press. পৃ. 140. ISBN 9780691000435
- ↑ Hardgrave, Robert L. (1969). The Nadars of Tamilnad. University of California Press. পৃ. 55-70
- ↑ Smith, Bardwell L. (1976). Religion and Social Conflict in South Asia. BRILL. পৃ. 32. ISBN 9789004045101
- ↑ The CBSE Just Removed an Entire History of Women’s Caste Struggle. The Wire
- ↑ Kattackal, Jacob. (1990). Comparative Religion. Oriental Institute of Religious Studies. পৃ. 144
- ↑ Yesudas, R.N. (1980). The History of the London Missionary Society in Travancore, 1806-1908. Kerala Historical Society. পৃ. 19
- ↑ Surendranath, Nidhi. (21 October 2013). 200 years on, Nangeli's sacrifice only a fading memory. The Hindu
- ↑ Singh, Vijay. (7 March 2016). She died fighting 'breast tax', her name lives on. Times of India
- ↑ (1996). The encyclopaedia of Dravidian tribes. International School of Dravidian Linguistics. পৃ. 198
- ↑ Sen, Orijit. A Travancore Tale: The graphic story of Nangeli, the woman who cut off her breasts to protest a tax. Scroll.in
- ↑ Vinayan to make film on discarded revolutionary Nangeli - Times of India. The Times of India
- ↑ (2018-12-30). മാറുമറയ്ക്കൽ സമരനായിക നങ്ങേലിയുടെ കഥയുമായി വിനയന്. Indian Express Malayalam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাঙেলি” প্ৰবন্ধৰ সংশোধন ২৩৭৭৩৮ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।