ভেদভাৱ
৭ প্ৰবন্ধ
-
লিংগ বৈষম্য
লিংগৰ ভিত্তিত মানুহক সম-ব্যৱহাৰ নকৰা সামাজিক পৰিঘটনাটোৱেই হৈছে লিংগ বৈষম্য (Gender inequality)। জীৱবিজ্ঞান, মনোবিজ্ঞান বা সমাজত প্ৰচলিত সাংস্কৃতিক নীতি-নিয়মৰ সম্পৰ্কীয় পাৰ্থক্যৰ পৰাই এই বৈষম্যৰ নিৰ্মূল হ’ব পাৰে।
-
লিংগ দৃঢ়বদ্ধতা
লিংগ দৃৃৃঢ়বদ্ধতাৰ (Gender stereotypes) 'দৃঢ়তা' বা ‘নিৰ্দিষ্ট' ধাৰণাটো ব্যক্তিক কোনো এক দল বা উপদলত শ্ৰেণীভুক্ত কৰাক সূচায়। ই এক সাধাৰণ সামাজিক সমস্যা।কোনো নিৰ্দিষ্ট বিশ্বাসৰ অন্তৰ্গত ব্যক্তিসকলক বিশেষত ঋণাত্মক শ্ৰেণীৰ অন্তৰ্ভুক্ত ব্যক্তিক সূচাবলৈ এই ‘দৃঢ়বদ্ধতা' শব্দৰ ব্যৱহাৰ কৰা হয়।
-
সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্য
সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্য, বা গে'ফ'বিয়া হৈছে বিশেষকৈ সমকামী পুৰুষ, পুং সমকামিতা, বা নিজকে গে' বুলি ধাৰণা কৰা পুৰুষৰ প্ৰতি নিৰ্দেশিত এক প্ৰকাৰৰ হমফ'বিক কুসংস্কাৰ, ঘৃণা, বা পক্ষপাতিত্ব, এই বৈষম্য ফেম্মোফ'বিয়াৰ সৈতেও ওতপ্ৰোতভাৱে সম্পৰ্কিত, যি সমকামী, সমকামী পুৰুষ আৰু নাৰীসুলভ হিচাপে উপস্থাপন কৰা…
-
মাটিল্ডা প্ৰভাৱ
মহিলা বিজ্ঞানীৰ সফলতাক স্বীকৃতি নিদি তেওঁলোকৰ পুৰুষ সহকৰ্মীৰ প্ৰতি কৰা পক্ষপাতিত্বক মাটিল্ডা প্ৰভাৱ (Matilda effect) বোলে। মতাধিকাৰ কৰ্মী মাটিল্ডা জ'ছলিন গেজে (Matilda Joslyn Gage, ১৮২৬-৯৮) তেওঁৰ "Woman as Inventor" নামৰ ৰচনাত (১৮৭০-ত প্ৰথমবাৰ আৰু ১৮৮৩ চনত নৰ্থ এমেৰিকান ৰিভিউত প্ৰকাশিত) এই প্ৰভাৱৰ…
-
স্তন কৰ
স্তন কৰ (തലക്കരം, মুলাক্কৰম বা মুল-আকৰম) ট্ৰেভেংকৰ ৰাজ্যত (বৰ্তমানৰ ভাৰতৰ কেৰালা) নিম্ন জাতি আৰু অস্পৃশ্য হিন্দু মহিলাসকলৰ ওপৰত ১৯২৪ চনলৈকে আৰোপিত এক কৰ আছিল। নিম্ন বৰ্ণৰ মহিলাসকলে স্তন বৰ্ধনৰ লগে লগে ৰাজহুৱা স্থানত স্তনযুগল ঢাকি ৰাখিবৰ বাবে চৰকাৰক এই কৰ পৰিশোধ কৰিবলগীয়া হৈছিল।
-
অজ্ঞাতব্যক্তিভীতি
অজ্ঞাতব্যক্তিভীতি আৰু বৰ্ণবাদৰ ভেদ নুবুজি কেতিয়াবা দুয়ো শব্দকে আনটোৰ সলনি ব্যৱহাৰ কৰা হয়। কাৰণ বহুবাৰ একে ৰাষ্ট্ৰৰ লোক একে বৰ্ণৰ হয়। সেই বাবে, অজ্ঞাতব্যক্তিভীতিক বাহিৰা সংস্কৃতিৰ বিৰোধ বুলি কৈ পৃথক কৰা হয়।
-
চিংকী
চিংকী (Chinky) হৈছে সাধাৰণতে চীনা বংশোদ্ভূত ব্যক্তি এজনৰ উদ্দেশ্যে ব্যৱহাৰ কৰা এক জাতিগত অপবাদ। সাধাৰণতে পূব এছিয়াৰ লোকসকলৰ দৰে দেখা যিকোনো লোকৰ বিৰুদ্ধেও কেতিয়াবা এই শব্দটো নিৰ্বিচাৰভাৱে ব্যৱহাৰ কৰা হয়।