১৯৬২ বৰ্ষৰ চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
দাদা ঠাকুৰ
দাদা ঠাকুৰ ( Dada Thakur ) ১৯৬২ চনৰ এখন জীৱনীভিত্তিক বঙালী ভাষাৰ চলচ্চিত্ৰ। পৰিচালক সুধীৰ মুখাৰ্জী। এই ছবিখন জনপ্ৰিয়ভাবে দাদা ঠাকুৰ নামেৰে জনাজাত প্ৰকাশক, সম্পাদক আৰু ব্যংগ লেখক শৰৎ চন্দ্ৰ পণ্ডিতৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে। পণ্ডিতৰ জীৱিত অৱস্থাতে ছবিখন নিৰ্মিত হৈছিল আৰু মুক্তি পাইছিল।
-
আৰতি (১৯৬২ চলচ্চিত্ৰ)
আৰতি ( Aarti ) ১৯৬২ চনত ফণী মজুমদাৰৰ পৰিচালিত আৰু তাৰাচান্দ বৰজাত্যৰ প্ৰযোজনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন ছবি। ছবিখনত মীনা কুমাৰীয়ে আৰতিৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে। আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে অশোক কুমাৰ, প্ৰদীপ কুমাৰ আৰু শশীকলা।
-
কাঁচেৰ স্বৰ্গ
কাঁচেৰ স্বৰ্গ (Kancher Swarga) যাত্ৰীক ৰচিত আৰু পৰিচালিত ১৯৬২ চনৰ বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। চিত্ৰযুগৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে প্ৰকাশ চন্দ্ৰ নানে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিলীপ মুখাৰ্জী, অনিল চেটাৰ্জী, বিকাশ ৰায়, আৰু পাহাড়ী সান্যালে।
-
ভগিনী নিবেদিতা (চলচ্চিত্ৰ)
ভগিনী নিবেদিতা ( Bhagini Nivedita ) ১৯৬২চনত মুক্তি পোৱা এখন জীৱনীমূলক বঙালী ভাষাৰ চলচ্চিত্ৰ। স্বামী বিবেকানন্দৰ আয়াৰলেণ্ডদেশীয় শিষ্যা মাৰ্গাৰেটৰ জীৱন আৰু কৰ্মাৱলীৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। বিবেকানন্দৰ ওচৰত দীক্ষাগ্ৰহণ কৰাৰ পাছত তেওঁক ভগিনী নিবেদিতা নামেৰে নামকৰণ কৰা হৈছিল।
-
সৌতেলা ভাই (১৯৬২ চলচ্চিত্ৰ)
সৌতেলা ভাই (Sautela Bhai) ১৯৬২ চনত মুক্তি পোৱা মহেশ কৌল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বৈকুণ্ঠেৰ উইল নামৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে গুৰু দত্ত, প্ৰণতি আৰু ৰাজকুমাৰে।