সুব্বাৰমন বিজয়লক্ষ্মী ( Subbaraman Vijayalakshmi); জন্ম: ২৫ মাৰ্চ ১৯৭৯) এগৰাকী ভাৰতীয় দবা খেলুৱৈ যিয়ে আন্তৰ্জাতিক মাষ্টাৰ (IM) আৰু মহিলা গ্ৰেণ্ডমাষ্টাৰ (WGM) ৰ FIDE খিতাপ দখল কৰে, তেওঁৰ দেশৰ এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ।১ সুব্বাৰমন বিজয়লক্ষ্মীয়ে দবা অলিম্পিয়াডত ভাৰতৰ হৈ আন যিকোনো খেলুৱৈতকৈ অধিক পদক অৰ্জন কৰিছে। ছিনিয়ৰ খিতাপকে ধৰি প্ৰায় সকলো ৰাষ্ট্ৰীয় বয়সৰ খিতাপ দখল কৰিছে।
ব্যক্তিগত জীৱন
চেন্নাইত জন্মগ্ৰহণ কৰা২ তেওঁ দবা খেল পিতৃৰ পৰা শিকিছিল। ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ শ্ৰীৰাম ঝাৰ সৈতে তেওঁৰ বিবাহ। তেওঁৰ ভগ্নী সুব্বাৰমন মীনাক্ষী (জন্ম ১৯৮১, ডব্লিউ জি এম) আৰু এছ ভানুপ্ৰিয়াও দবা খেলুৱৈ।
কৰ্মজীৱন
১৯৮৬ চনত তেওঁৰ প্ৰথম প্ৰতিযোগিতা আছিল টাল চেছ অ’পেন।১৯৮৮ চনত আৰু ১৯৮৯ চনত তেওঁ ১০ অনুৰ্ধৰ ছোৱালীৰ শাখাত ভাৰতীয় চেম্পিয়নশ্বিপ লাভ কৰে। লগতে U12 শাখাত তেওঁ দুবাৰকৈ জয়লাভ কৰে।
মাদ্ৰাজত অনুষ্ঠিত হোৱা জ’ন প্ৰতিযোগিতাত (১৯৯৫) তেওঁ দ্বিতীয় স্থান লাভ কৰে। ১৯৯৭ চনত তেহেৰাণত এছিয়ান জ’ন প্ৰতিযোগিতাত জয়ী হৈছিল, আৰু ১৯৯৯ চনত মুম্বাইতো জয়ী হৈছিল। ১৯৯৬ চনত কলকাতাত তেওঁ কমনৱেলথ মহিলা চেম্পিয়ন হয়, যিটো খিতাপ তেওঁ ২০০৩ চনত মুম্বাইত পুনৰ লাভ কৰে।৩ বিজয়ালক্ষ্মীয়ে ১৯৯৫ (চেন্নাই), ১৯৯৬ (কলিকতা), ১৯৯৯ (কোঝিকোদ), ২০০০ (মুম্বাই), ২০০১ (নতুন দিল্লী) আৰু ২০০২ (লক্ষ্ণৌ)ত ভাৰতীয় মহিলা চেম্পিয়নশ্বিপ লাভ কৰে। ১৯৯৮ চনত ভাৰতীয় জাতীয় দলৰ সৈতে মহিলা দবা অলিম্পিয়াডত অংশগ্ৰহণ কৰে।২০০০ চনত ইস্তানবুলত অনুষ্ঠিত হোৱা ৩৪ সংখ্যক দবা অলিম্পিয়াডত তেওঁ ব'ৰ্ড ১ ত কৰা প্ৰদৰ্শনৰ বাবে ৰূপৰ পদক লাভ কৰে, যিটো তেওঁ ২০০২ চনৰ ব্লেডত পুনৰাবৃত্তি কৰে।২০০৭ চনত তেওঁ ইটালীৰ কুট্ৰ'ত লিঅ'নাৰ্ডো ডি বোনা মেম'ৰিয়েল লাভ কৰে।
১৯৯৬ চনত চেন্নাইত অনুষ্ঠিত হোৱা ফিডে জ'নেল প্ৰতিযোগিতাত তেওঁৰ ফলাফলৰ বাবে তেওঁক মহিলা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (WIM) খিতাপ প্ৰদান কৰা হয়।৪ ২০০১ চনত মহিলা গ্ৰেণ্ডমাষ্টাৰ (WGM) খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। ২০০০ চনৰ দবা অলিম্পিয়াডত লাভ কৰা ফলাফলৰ বাবেই তেওঁ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (আই এম) খিতাপও লাভ কৰিছে। ২০০৬ চনত কালামাৰিয়াত তেওঁ গ্ৰেণ্ডমাষ্টাৰ নৰ্ম লাভ কৰে, আৰু ২০০৭ চনত কুট্ৰ'ত জয়লাভৰ বাবেও।
২০০৫ চনৰ জুলাই মাহত তেওঁ বিয়েল এক্সেন্টাছ লেডিজ টুৰ্ণামেণ্টত খেলে, য'ত তেওঁ ৬১⁄২ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে, যিটো টাই ব্ৰেকত বিজয়লক্ষ্মীক পৰাস্ত কৰা আলমিৰা স্ক্ৰিপচেংকোৰ স্ক'ৰৰ সৈতে একে।৫ জাৰ্মানীত ২০০৬ চনত নুৰেমবাৰ্গত অনুষ্ঠিত হোৱা এল জি এ অ’পেনত অংশগ্ৰহণ কৰিছিল আৰু ২০০৬/২০০৭ চনত এন আৰ ডব্লিউ প্ৰতিযোগিতাত ব্ৰেকৱেডাৰ এছ চিৰ হৈ খেলিছিল।
২০১৬ চনত বিজয়লক্ষ্মীয়ে ৮ম চেন্নাই অ'পেনত ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ বৰিছ গ্ৰেচেভৰ সৈতে ২–৩য় স্থানৰ বাবে সমতা স্থাপন কৰে।৬
পুৰস্কাৰ আৰু স্বীকৃতি
২০০১ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ Sagar Shah. (25 March 2015). Vijayalakshmi, India’s first WGM. ChessBase
- ↑ D.K. Bharadwaj (13 May 2003). "A big boom in the brain game". Press Information Bureau, Government of India
- ↑ Crowther, Mark. (28 April 2003). TWIC 442: Commonwealth Chess Championships. The Week in Chess
- ↑ Arvind Aaron. (29 July 2000). Steering women's chess to the fast lane. দ্য হিন্দু
- ↑ (28 July 2005). Volokitin, Gelfand win Biel GM Tournament. ChessBase
- ↑ (27 January 2016). 8th Chennai Open International Grandmaster Chess tournament 2016. FIDE
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুব্বাৰমন বিজয়লক্ষ্মী” প্ৰবন্ধৰ সংশোধন ৪৮৭২৭১ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।