দবা খেলুৱৈ
৬ প্ৰবন্ধ
-
ডেমিছ হাছাবিছ
ছাৰ ডেমিছ হাছাবিছ ( ইংৰাজী: Sir Demis Hassabis; জন্ম: ২৭ জুলাই ১৯৭৬) এজন ব্ৰিটিছ গণনামূলক স্নায়ুবিজ্ঞানী, কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষক আৰু উদ্যোগী। কৰ্মজীৱনৰ আৰম্ভণিতে তেওঁ এজন কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ভিডিঅ' গেম নিৰ্মাতা, প্ৰগ্ৰেমাৰ আৰু ডিজাইনাৰ আছিল আৰু ব'ৰ্ড খেলাৰ পাৰদৰ্শী খেলুৱৈ আছিল।
-
জাভোখিৰ সিন্দাৰভ
জাভোখিৰ সিন্দাৰভ (জন্ম: ৮ ডিচেম্বৰ ২০০৫) উজবেকিস্তানৰ এজন দবা গ্ৰেণ্ডমাষ্টাৰ আৰু দুবাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন। এজন অসাধাৰণ দবা প্ৰতিভা হিচাপে তেওঁ মাত্ৰ ১২ বছৰ ১০ মাহ ৮ দিন বয়সত গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰে। তেওঁ ৪৪তম দবা অলিম্পিয়াডত বিজয় সাব্যস্ত কৰা উজবেকিস্তান দলৰ সদস্য আছিল।
-
নানা জাগনিজে
নানা জাগনিজে (জৰ্জিয়ান: ნანა ძაგნიძე; জন্ম ১ জানুৱাৰী ১৯৮৭) এগৰাকী জৰ্জিয়ান দবা খেলুৱৈ। ২০০৮ চনত আন্তৰ্জাতিক দবা মহাসংঘই তেওঁক গ্ৰেণ্ডমাষ্টাৰ (GM) উপাধি প্ৰদান কৰে।
-
বিশ্ব দবা চেম্পিয়নশ্বিপৰ তালিকা
সময়ৰ লগে লগে বিশ্ব দবা চেম্পিয়নশ্বিপৰ ৰূপ সলনি হৈ আহিছে। দবাৰ বিশ্ব চেম্পিয়নৰ ধাৰণা পূৰ্বৰে পৰা আছিল আৰু কেইখনমান প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা ফলাফলৰ ভিত্তিত বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈজনক বাছি উলিওৱা হৈছিল। ১৮৮৬ চনলৈকে বিশ্ব চেম্পিয়ন নিৰ্ণয় কৰিবলৈ নিৰ্দিষ্ট প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল।
-
সুব্বাৰমন বিজয়লক্ষ্মী
সুব্বাৰমন বিজয়লক্ষ্মী ( Subbaraman Vijayalakshmi); জন্ম: ২৫ মাৰ্চ ১৯৭৯) এগৰাকী ভাৰতীয় দবা খেলুৱৈ যিয়ে আন্তৰ্জাতিক মাষ্টাৰ (IM) আৰু মহিলা গ্ৰেণ্ডমাষ্টাৰ (WGM) ৰ FIDE খিতাপ দখল কৰে, তেওঁৰ দেশৰ এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ।
-
ৰাণী হামিদ
ৰাণী হামিদ (জন্ম: ১৪ জুলাই ১৯৪৪) এগৰাকী বাংলাদেশী দবা খেলুৱৈ। ১৯৮৫ চনত দেশৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ হিচাপে পৰিগণিত হয়। ২০ বাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন, শেহতীয়াকৈ ৭৫ বছৰ বয়সত ৩৮সংখ্যক মহিলা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত।