অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুজাতা ৰামদ'ৰাই

সুজাতা ৰামদ'ৰাই (জন্ম-১৯৬২) হৈছে এগৰাকী বীজগণিতীয় সংখ্যাৰ তত্ত্ববিদ। তেখেতক জনা যায় ইৱাশ্বাৱা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেত কানাডাৰ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অংকৰ এগৰাকী অধ্যাপক আৰ "কানাডাৰ গৱেষণা পদ"ৰো (Canada Research Chair) অধিকাৰী।তেখেত "টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল…

হালনাগাদ: ৩০ এপ্ৰিল ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সুজাতা ৰামদ'ৰাই (জন্ম-১৯৬২)১ হৈছে এগৰাকী বীজগণিতীয় সংখ্যাৰ তত্ত্ববিদ। তেখেতক জনা যায় ইৱাশ্বাৱা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেত কানাডাৰ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অংকৰ এগৰাকী অধ্যাপক আৰ "কানাডাৰ গৱেষণা পদ"ৰো (Canada Research Chair) অধিকাৰী।২৩তেখেত "টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্ছ"ৰ এগৰাকী ভূতপূৰ্ব অধ্যাপক আছিল।

শিক্ষা

বাংগালোৰৰ ছেইণ্ট জোছেফ কলেজৰ পৰা তেখেতে ১৯৮২ চনত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাৰপিছত ১৯৮৫ চনত আন্নামলাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে "টাটা ইনষ্টিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্ছ"ত গৱেষণা কৰিবলৈ যায়। ১৯৯২ চনত তেখেতে ৰমন পৰিমালাৰ অধীনত গৱেষণা শেষ কৰি ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে।৪তেখেতৰ গৱেষণা-পুথিৰ নাম আছিল "প্ৰকৃত পৃষ্ঠ আৰু প্ৰকৃত জ্যামিতিৰ উইট গোট (Witt Groups of Real Surfaces and Real Geometry)।

কেৰিয়াৰ

প্ৰথমে ৰামদ'ৰাইয়ে "উপবৃত্তাকাৰ বক্ৰৰেখাৰ চতুৰ্কণীয় ৰূপ আৰু গাণিতিক জ্যামিতিৰ বীজগণিতীয় তত্ত্ব"ত কাম কৰে।৫ সহযোগী জন এইছ কোটছ, ফুকায়া, কাজু্য়া কাটু, আৰু ভেংকাজবৰ লগ লাগি তেখেতে ইৱাশ্বাৱা তত্ত্বৰ মূল ধাৰণাটোৰ এক ক্ৰম-বিনিময়শূন্য পদ্ধতি নিৰ্ণয় কৰে। তেওঁলোকৰ এই কৰ্মৰ ভেটিতেই বিষয়টোৰ ভেটিটো নিৰ্ভৰ কৰিছে।৬ ইৱাশ্বাৱা তত্ত্বৰ মূলটো জাপানী গণিতজ্ঞ কেনকিছি ইৱাশ্বাৱাৰ অৱদান।৭

তেখেতে পুণেস্থিত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণাত এটা সহকাৰী অধ্যাপকৰ পদ অলঙ্কৃত কৰে।৮

স্বামী শ্ৰীনিবাসন ৰামদ'ৰাই আৰু ভাৰতীয় গণিত-বিষয়ক লেখক ভি.এছ. শাস্ত্ৰীৰ লগ লাগি তেখেতে অন্ধ্ৰপ্ৰদেশৰ চিট্টোৰত "ৰামানুজন গণিত উদ্যান"লৈ বিত্তীয় সহযোগিতা আগবঢ়ায় আৰু সেইখনৰ স্থাপনতো আংশিকভাৱে জড়িত হৈ পৰে। সেই উদ্যানখনে ভাৰতীয় গণিতলৈ শ্ৰদ্ধা জনোৱাৰ লগতে প্ৰখ্যাত ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ প্ৰতি উৎসৰ্গিত। তেখেত বহুকেইটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান যেনে- "উচ্চতৰ গৱেষণাৰ প্ৰচাৰৰ ইণ্ডো-ফৰাচী কেন্দ্ৰ", "বাঁফ আন্তৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ" আদি। ২০০৭ চনৰ পৰা ২০০৯ চনৈলেক তেখেত ৰাষ্ট্ৰীয় জ্ঞান সমিতিৰ এগৰাকী সদস্য আছিল। তেখেত বৰ্তমান প্ৰধানমন্ত্ৰীৰ বৈজ্ঞানিক উপদেষ্টা সমিতিৰ এগৰাকী সদস্য (২০০৯ চনৰ পৰা)। লগতে ৰাষ্ট্ৰীয় উদ্ভাৱন পৰিষদৰো এগৰাকী সদস্যা।৯ গণিত চ’ৰাৰ উপদেষ্টা মণ্ডলীৰো তেখেত এগৰাকী সদস্যা।১০

বঁটা আৰু সন্মান

আইচিটিপি ৰামানুজন বঁটা লাভ কৰা তেখেত প্ৰথমগৰাকী ভাৰতীয় গণিতজ্ঞ। সেই সন্মান তেখেতে লাভ কৰে ২০০৬ চনত। ইয়াৰোপৰি তেখেতে ২০০৪ চনত শান্তি স্বৰূপ ভাটনাগৰ বঁটা(বৈজ্ঞানিক ক্ষেত্ৰত ভাৰত চৰকাৰৰ সৰ্বোচ্চ সন্মান) লাভ কৰে।১১

২০২০ চনত কানাডাৰ গাণিতিক সমাজে সুজাতা ৰাম'দৰাইকক্ৰেইজাৰ-নেলছন বঁটাৰে(2020 Krieger-Nelson Prize)সন্মানীত কৰাৰ কথা ঘোষণা কৰে। গণিতৰ জগতলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে তেখেতলৈ এই বঁটাটো আগবঢ়োৱা হ'ব। ২০২০ চনৰ ৫-৮ জুনলৈকে অট'ৱাৰ অণ্টৰিঅ'ত হ'বলগীয়া অনুষ্ঠানত সুজাতা ৰামদ'ৰায়ে এই উল্লেখযোগ্য বঁটাটো গ্ৰহণ কৰি এক বক্তৃতাও প্ৰদান কৰিব।১২

সম্পাদকীয় পদসমূহ

  • পৰিচালন সম্পাদক, ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ নাম্বাৰ থিয়ৰি
  • সম্পাদক,ৰামানুজন গাণিতিক সমাজৰ পত্ৰিকা১৩
  • সহযোগী সম্পাদক, এক্সপজিছনছ্ মেথেমেটিকা

তথ্যসূত্ৰ

  1. ↑ Birth year from ISNI authority control file, retrieved 2018-12-01
  2. ↑ Government of Canada, Industry Canada. (2012-11-29). Canada Research Chairs
  3. ↑ Mathematics. www.math.ubc.ca
  4. ↑ Homepage CV
  5. ↑ Sujatha Ramdorai · The Best of Indian Science. nobelprizeseries.in
  6. ↑ Interview with Sujatha
  7. ↑ আৰ্কাইভ কপি
  8. ↑ IISER Pune. www.iiserpune.ac.in
  9. ↑ gonitsora.com/an-interview-with-prof-sujatha-ram An Interview with Prof. Sujatha Ramdorai
  10. ↑ আৰ্কাইভ কপি
  11. ↑ Sujatha Ramdorai – European Women in Mathematics
  12. ↑ আৰ্কাইভ কপি
  13. ↑ Homepage

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গণিতজ্ঞভাৰতীয় মহিলা গণিতজ্ঞশান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজয়ীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুজাতা ৰামদ'ৰাই” প্ৰবন্ধৰ সংশোধন ৬০৩৬২৮ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।