অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সতী সাবিত্ৰী (চি. পুল্ল্যায়াৰ চলচ্চিত্ৰ)

সতী সাবিত্ৰী ১৯৩৩ চনত আৰতীয় পৌৰাণিক কাহিনীৰ ভিত্তিত নিৰ্মাণ কৰা এখন তেলুগু ভাষাৰ চলচ্চিত্ৰ৷ ছবিখন চি. পুল্ল্যায়ে পৰিচালনা কৰিছিল। এই ছবিখন মহাভাৰতৰ অৰণ্য পৰ্বৰ সাবিত্ৰী আৰু সত্যবানৰ কিংবদন্তি কাহিনীক কেন্দ্ৰ কৰি মাল্যাৱৰম বালা ভাৰতী সমাজমৰ এখন জনপ্ৰিয় মঞ্চ নাটকৰ অভিযোজন আছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সতী সাবিত্ৰী ১৯৩৩ চনত আৰতীয় পৌৰাণিক কাহিনীৰ ভিত্তিত নিৰ্মাণ কৰা এখন তেলুগু ভাষাৰ চলচ্চিত্ৰ৷ ছবিখন চি. পুল্ল্যায়ে পৰিচালনা কৰিছিল। এই ছবিখন মহাভাৰতৰ অৰণ্য পৰ্বৰ সাবিত্ৰী আৰু সত্যবানৰ কিংবদন্তি কাহিনীক কেন্দ্ৰ কৰি মাল্যাৱৰম বালা ভাৰতী সমাজমৰ এখন জনপ্ৰিয় মঞ্চ নাটকৰ অভিযোজন আছিল। যম চৰিত্ৰত মঞ্চ অভিনেতা ভেমুৰি গগ্গ্যায়া আৰু সাবিত্ৰীৰ চৰিত্ৰত দশাৰী ৰামাথিলকমে অভিনয় কৰিছিল।১

কলিকতাত ৭৫,০০০ টকাৰ বিলাসী বাজেটত নিৰ্মিত সতী সাবিত্ৰী ইষ্ট ইণ্ডিয়া ফিল্ম কোম্পানীৰ প্ৰথমখন ছবি।১ ছবিখনৰ মুক্তিৰ লগে লগে এইচ এম ৰেড্ডীয়ে বম্বেত পৰিচালনা কৰা একে নামৰ আন নিৰ্মাণ কৰিছিল যদিও পুল্লায়াৰ সংস্কৰণটোৱে ব্যৱসায়িক সফলতা লাভ কৰিছিল।২৩ গগ্গ্যায়ে যমক চিত্ৰিত কৰাটোৱে ব্যাপক প্ৰশংসা লাভ কৰিছিল আৰু তেওঁ এজন প্ৰধান তাৰকা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। ছবিখনে জনপ্ৰিয়তা লাভ কৰে, স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে আৰু দ্বিতীয় ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় ডিপ্লমা লাভ কৰে।৪

অভিনয় শিল্পী

  • সাবিত্ৰী – ৰামতিলকম
  • সত্যবান – নিদুমুক্কলা চুব্বা ৰাও
  • অশ্বপতি – গোবিন্দৰাজু ভেংকটা ৰামায়্য
  • দ্যুমৎসেনা – ধৰ্মপুৰী বুচিৰাজু
  • সাৰদ্বত – চিৰাৱুৰি দীক্ষিতুলু
  • নাৰদ – পৰুপল্লী সত্যনাৰায়ণ
  • যম – ভেমুৰি গগ্গ্যায়া
  • মালৱী – পাৰ্বতী বাই
  • ছাইবি – পদ্মৱতী বাই
  • বসন্তিকা – ললিতা

বক্স অফিচ

বক্স অফিচত ইণ্ডাষ্ট্ৰী হিট হোৱা ছবিখনে বক্স অফিচত ৩ লাখ টকাৰ উপাৰ্জন কৰি বিতৰক শ্বেয়াৰত ২ লাখতকৈ অধিক ধন সংগ্ৰহ কৰা প্ৰথমখন তেলুগু ছবি হিচাপে পৰিগণিত হয়৷

তথ্যসূত্ৰ

  1. ↑ Narasimham, M. L. (7 November 2010). Sati Savithri (1933). The Hindu
  2. ↑ (2022-01-12). 65 ఏళ్ళ ‘సతీ సావిత్రి’. NTV
  3. ↑ Sathi Savithri (C. Pullaiah) 1933. Indiancine.ma
  4. ↑ Bhagwan Das Garg. (1996). So many cinemas: the motion picture in India. Eminence Designs. পৃ. 86. ISBN 81-900602-1-X

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সতী সাবিত্ৰী (চি. পুল্ল্যায়াৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৪০২৫৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।