অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বেৰণ শ্ৱেলজবাৰ্গ

শ্বেৰণ শ্ৱেলজবাৰ্গ ( Sharon Salzberg) যাৰ জন্ম: ৫ আগষ্ট, ১৯৫২ চন, পাশ্চাত্যৰ বৌদ্ধ ধ্যান পদ্ধতিৰ এগৰাকী লেখিকা আৰু শিক্ষয়িত্ৰী। ১৯৭৪ চনত তেওঁ জেক কৰ্ণফিল্ড আৰু জোচেফ গোল্ডষ্টেইনৰ সৈতে মেছাচুচেটছৰ বাৰেত ইনচাইট মেডিটেচন ছ’চাইটিৰ সহ-প্ৰতিষ্ঠাপক হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

শ্বেৰণ শ্ৱেলজবাৰ্গ ( Sharon Salzberg) যাৰ জন্ম: ৫ আগষ্ট, ১৯৫২ চন, পাশ্চাত্যৰ বৌদ্ধ ধ্যান পদ্ধতিৰ এগৰাকী লেখিকা আৰু শিক্ষয়িত্ৰী।১২ ১৯৭৪ চনত তেওঁ জেক কৰ্ণফিল্ড আৰু জোচেফ গোল্ডষ্টেইনৰ সৈতে মেছাচুচেটছৰ বাৰেত ইনচাইট মেডিটেচন ছ’চাইটিৰ সহ-প্ৰতিষ্ঠাপক হয়। তেওঁৰ গুৰুত্ব বিপসনা (অন্তৰ্দৃষ্টি) আৰু মেটা (প্ৰেম-দয়া) পদ্ধতিৰ ওপৰত,৩ আৰু তিনি দশকৰো অধিক সময় ধৰি বিশ্বজুৰি ধ্যান প্ৰশিক্ষণৰ তেওঁ নেতৃত্ব দি আহিছে।৪৫ এই সকলোবোৰ পদ্ধতিৰ উৎপত্তি থেৰাভাদা বৌদ্ধ পৰম্পৰাৰ পৰাই হৈছে। তেওঁ এগৰাকী লেখিকাও৷ ধ্যান পদ্ধতি আৰু বুদ্ধ দৰ্শনৰ ওপৰত তেওঁ কেইবাখনো গ্ৰন্থ লিখিছে৷ তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে লাভিংকাইণ্ডনেছ: দ্য ৰিভল্যুচনেৰী আৰ্ট অৱ হেপিনেছ (১৯৯৫), এ হাৰ্ট এজ ৱাইড এজ দ্য ৱৰ্ল্ড (১৯৯৯), ৰিয়েল হেপিনেছ - দ্য পাৱাৰ অৱ মেডিটেচন: এ ২৮-ডে প্ৰগ্ৰেম (২০১০), যিখন গ্ৰন্থ দ্য নিউয়ৰ্ক টাইমছৰ ২০১১ চনত বিক্ৰীৰ তালিকাত শ্ৰেষ্ঠ আছিল;৬ আৰু ফ’ল’ আপ ৰিয়েল হেপিনেছ এট ৱৰ্ক (২০১৩)। তেওঁ মেটা আৱাৰ প'ডকাষ্ট নামে এটা সাক্ষাৎকাৰৰ অনুষ্ঠান চলায়,৭ আৰু মাহেকীয়া অন বিং কাকতৰ এটা স্তম্ভত কলমেৰে অৰিহণা যোগায়।৮

প্ৰাৰম্ভিক জীৱন

নিউয়ৰ্ক চহৰত ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰা শ্বেলজবাৰ্গৰ প্ৰাৰম্ভিক জীৱনটো বৰ অশান্তিপূৰ্ণ আছিল, কাৰণ তেওঁৰ চাৰি বছৰ বয়সত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল আৰু তেওঁৰ পিতৃয়ে পৰিয়ালটো পৰিত্যাগ কৰি আঁতৰি গৈছিল।৯ ন বছৰ বয়সত শ্বেৰণৰ মাকৰ মৃত্যু হয় আৰু তেওঁ পিতৃৰ ঘৰলৈ গৈ থাকিবলৈ লয়।৯ যদিও তেওঁৰ এঘাৰ বছৰ বয়সত দেউতাকক ঘূৰাই পাইছিল, অতি সোনকালেই তেওঁ অতিমাত্ৰা পানীয় খোৱাৰ ফলত স্বাস্থ্যৰ অৱনতি হৈছিল আৰু তাৰ পিছত চিকিৎসালয়ত ভৰ্তি হৈছিল। তেওঁক মানসিক চিকিৎসা ব্যৱস্থাত ৰখা হৈছিল, য’ত তেওঁ মৃত্যুৰ আগলৈকে আছিল। ১৬ বছৰ বয়সলৈকে শ্বেলজবাৰ্গে পাঁচটা ভিন ভিন পৰিয়ালত বাস কৰিব লগীয়া হৈছিল।

১৯৬৯ চনত বাফেলোৰ নিউয়ৰ্কৰ ষ্টেট ইউনিভাৰ্চিটিত দ্বিতীয় বৰ্ষত শ্বেলজবাৰ্গে এছিয়ান দৰ্শনৰ পাঠ্যক্ৰমৰ সময়ত বৌদ্ধ ধৰ্মৰ সৈতে পৰিচিত হয়।৯ পিছৰ বছৰত তেওঁ ভাৰতলৈ স্বতন্ত্ৰ অধ্যয়নৰ বাবে গমন কৰে আৰু ১৯৭১ চনৰ জানুৱাৰী মাহত বুদ্ধ গয়াত প্ৰথম নিবিড় ধ্যান পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে।৯ তাৰ পিছৰ কেইটামান বছৰত তেওঁ এছ.এন.গোৱেংকাকে ধৰি বিভিন্ন বৌদ্ধ শিক্ষকৰ সৈতে নিবিড় অধ্যয়নত লিপ্ত হয়।৯ ১৯৭৪ চনত আমেৰিকালৈ উভতি অহাৰ পিছত তেওঁ বিপাসনা (অন্তৰ্দৃষ্টি) ধ্যান শিকোৱা আৰম্ভ কৰে।১০

কেৰিয়াৰ

শ্বেলজবাৰ্গ দীপা মা,১১ অনাগৰীকা মুনিন্দ্ৰ,১২ ছায়াদেও ইউ পণ্ডিত৯ আৰু অন্যান্য এছিয়ান মাষ্টাৰসকলৰ ছাত্ৰী আছিল। ১৯৭৪ চনত তেওঁ জেক কৰ্ণফিল্ড আৰু জোচেফ গোল্ডষ্টেইনৰ সৈতে মেছাচুচেটছৰ বাৰেত ইনচাইট মেডিটেচন ছ'চাইটি প্ৰতিষ্ঠা কৰে।১৩১৪ ১৯৮৯ চনত তেওঁ আৰু গোল্ডষ্টেইনে বাৰে চেণ্টাৰ ফৰ বৌদ্ধ ষ্টাডীজ আৰু ৯ বছৰৰ পিছত তেওঁ দীৰ্ঘম্যাদী ধ্যান প্ৰশিক্ষণ চেণ্টাৰ দ্য ফৰেষ্ট ৰিফিউজীচৰ সহ-প্ৰতিষ্ঠাপক হয়। আজিকালিৰ বিপসনা আন্দোলনৰ তেওঁ এগৰাকী উল্লেখযোগ্য শিক্ষয়িত্ৰী।

লেন’ৰ ফ্ৰাইডমেনৰ শ্বেলজবাৰ্গৰ সৈতে হোৱা এক গভীৰ সাক্ষাৎকাৰ তেওঁৰ মিটিংছ উইথ ৰিমাৰ্কেবল উইমেন: বৌদ্ধ টিচাৰ্ছ ইন আমেৰিকা নামৰ কিতাপখনত প্ৰকাশ পাইছে। (বষ্টন:শম্ভলা, সংশোধিত আৰু আপডেট কৰা সংস্কৰণ, ২০০০। ISBN 1-57062-474-7)

তথ্যসূত্ৰ

  1. ↑ Meditation made easy. Well & Good NYC
  2. ↑ Ricci, Claudia. (August 24, 2011). How One Book Changed My Life. Huffington Post
  3. ↑ Downing, Renée. (15 September 2005). Sharon Salzberg believes in the power of kindness. Tucson Weekly
  4. ↑ (November 29, 2009). Sharon Salzberg (interview). CBC Radio
  5. ↑ (April 6, 2011). Insight LA. University of the West
  6. ↑ (March 13, 2011). Best Sellers, March 13, 2011. New York Times
  7. ↑ Metta Hour Podcast - Sharon Salzberg. www.sharonsalzberg.com. Be Here Now Network and Sharon Salzberg, accessed 2021
  8. ↑ On Being Column - Sharon Salzberg. www.sharonsalzberg.com. On Being and Sharon Salzberg, accessed 2021
  9. ↑ (January 1, 2003). To Love Abundantly: Sharon Salzberg's Journey on the Path. Lion's Roar
  10. ↑ Morris, Nomi. (February 19, 2011). Through meditation, she makes happiness an "inside job". Los Angeles Times
  11. ↑ Amy Schmidt, Dipa Ma: The Life and Legacy of a Buddhist Master. (USA); (Europe), p. 9
  12. ↑ Knaster, Mirka. (2010). Living This Life Fully: Stories and Teachings of Munindra. Shambhala Publications. পৃ. xvi. ISBN 9780834822542
  13. ↑ Miller, Andrea. (March 2011). Shambhala Sun. পৃ. 52
  14. ↑ Leslie Kaufman. (May 25, 2008). A Superhighway to Bliss. New York Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেৰণ শ্ৱেলজবাৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৩০৯২৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।