অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপা মা

দীপা মা নামেৰে পৰিচিত ননী বালা বৰুৱা, থেৰাভাদা বৌদ্ধ ধৰ্মৰ এগৰাকী ভাৰতীয় ধ্যান শিক্ষয়িত্ৰী আৰু বৰুৱা বংশৰ সন্তান আছিল। তেওঁৰ জন্ম ২৫ মাৰ্চ ১৯১১ চন আৰু মৃত্যু ১ ছেপ্টেম্বৰ ১৯৮৯ চন।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দীপা মা নামেৰে পৰিচিত ননী বালা বৰুৱা, থেৰাভাদা বৌদ্ধ ধৰ্মৰ এগৰাকী ভাৰতীয় ধ্যান শিক্ষয়িত্ৰী আৰু বৰুৱা বংশৰ সন্তান আছিল। তেওঁৰ জন্ম ২৫ মাৰ্চ ১৯১১ চন আৰু মৃত্যু ১ ছেপ্টেম্বৰ ১৯৮৯ চন।১ তেওঁ এছিয়াৰ এগৰাকী বিশিষ্ট বৌদ্ধ শিক্ষা গুৰু আছিল আৰু আমেৰিকাতো এই শিক্ষা দান কৰিছিল য'ত তেওঁ “বিপাসনা আন্দোলন’’ৰ আমেৰিকান শাখাক প্ৰভাৱিত কৰিছিল।২

আদি জীৱন

১৯১১ চনৰ ২৫ মাৰ্চত ব্ৰিটিছ ভাৰতৰ (বৰ্তমান বাংলাদেশৰ অংশ) পূৰ্ব বংগৰ চট্টগ্ৰামৰ এখন সৰু গাঁৱত ননী বালা বৰুৱাৰ জন্ম হৈছিল।৩

শৈশৱত তেওঁ বৌদ্ধ ধৰ্মৰ আচাৰ-অনুষ্ঠানৰ প্ৰতি ব্যতিক্ৰমী আগ্ৰহ প্ৰকাশ কৰিছিল আৰু খেলাতকৈ পঢ়া-শুনা কৰাটোহে বেছি পছন্দ কৰিছিল।১ স্কুলত পঢ়িবলৈ তেওঁৰ অতি ইচ্ছা আছিল যদিও ১৯২৩ চনত বাৰ বছৰ বয়সত তেওঁৰ বিবাহ হয় আৰু পিছলৈ তেওঁ অভিযন্তা স্বামীৰ সৈতে বাৰ্মাৰ ৰেংগুন (ইয়াংগন)ত থাকিবলৈ যায়।১ বিয়াৰ পিছত কিছুদিন থকাৰ পিছতেই তেওঁৰ স্বামীয়ে তেওঁক শহুৰেকৰ ঘৰত এৰি বাৰ্মাত কাম কৰিবলৈ গুচি যায়। পিছলৈ ননীয়েও স্বামীৰ লগত থাকিবলৈ বাৰ্মালৈ গুচি যায়।১ ১৯২৯ চনত যেতিয়া ননীৰ বয়স ১৮ বছৰ আছিল, তেতিয়া তেওঁৰ মাকৰ বিজয় নামৰ এটা ল’ৰা সন্তান এৰি থৈ অভাৱনীয়ভাবে মৃত্যু হয় আৰু পিছত সেই ল’ৰাটো ননী আৰু তেওঁৰ স্বামীয়ে বাৰ্মাত ডাঙৰ-দীঘল কৰিবলৈ লৈ যায়, কিয়নো তেওঁলোকৰ তেতিয়াও সন্তান হোৱা নাছিল।

৩৫ বছৰ বয়সত ননীয়ে গৰ্ভধাৰণ কৰি প্ৰথম সন্তান হোচাপে এটি কন্যা সন্তান জন্ম দিয়ে আৰু তিনিমাহ বয়সত সন্তানটি অসুস্থ হৈ মৃত্যুমুখত পৰে। চাৰি বছৰৰ পাছত ১৯৫০ চনত ননীয়ে দীপা নামৰ এটি কন্যা সন্তান জন্ম দিয়ে আৰু তাৰ পিছত মানুহে ননীক দীপাৰ মাক "দীপাৰ মা" বুলি ক'বলৈ আৰম্ভ কৰে; কাৰণ তেওঁৰ কন্যা জীয়াই থকাটো এক গুৰুত্বপূৰ্ণ পৰিঘটনা আছিল।১ ইয়াৰ পিছত তেওঁ জন্মৰ সময়তে মৃত্যু হোৱা এটা সন্তান (তেওঁৰ প্ৰথম পুত্ৰ) হেৰুৱায়, ১৯৫৭ চনত স্বামীৰ হঠাৎ মৃত্যু হয় আৰু তাৰ পিছত চৰম দুখ আৰু শাৰীৰিক বিষত ভোগে।

ধ্যান

স্বামীৰ মৃত্যুৰ পিছত দীপা মা অত্যন্ত অসুখী হৈ পৰিছিল। এদিন ডাক্তৰে তেওঁক ধ্যান কৰিবলৈ, শিকিবলৈ পৰামৰ্শ দিলে। ৰেংগুনৰ কামায়ুত ধ্যান কেন্দ্ৰত তেওঁৰ প্ৰথম ধ্যান প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।১ তাৰ পিছত তেওঁ দ্বিতীয়বাৰৰ বাবে থাথানা য়েইক্থা কেন্দ্ৰৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰে, য'ত পূজনীয় মহাছি ছায়াদেও আৱাসিক শিক্ষক আছিল।১ তাতেই তেওঁ জ্ঞানলাভৰ প্ৰথম পৰ্যায়ৰ অভিজ্ঞতা লাভ কৰে।১

১৯৬৩ চনত মহাছি ছায়াদেৱৰ জ্যেষ্ঠ ছাত্ৰী ভাৰতীয় মাষ্টাৰ অনাগাৰিকা মুনিন্দ্ৰ৪ৰ ওচৰত সিদ্ধি(আধ্যাত্মিক শক্তি)ৰ অধ্যয়ন কৰিবলৈ নিৰ্বাচিত হয়। পণ্ডিতসকলৰ মতে, আধ্যাত্মিক গুৰুসকলে প্ৰকৃততে কেনেকৈ অতি-স্বাভাৱিক ক্ষমতা প্ৰকাশ কৰে বুলি ভবা হৈছিল, সেই বিষয়ে স্পষ্ট বিৱৰণ দিয়া বিভিন্ন ধৰণৰ জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মৰ বিশাল সাহিত্যৰ ভিতৰত অতি বিৰল গ্ৰন্থ বিশুদ্ধিমাগ্গ অন্যতম।৫ বতাহৰ মাজেৰে উৰি যোৱা, কঠিন বাধাৰ মাজেৰে খোজ কঢ়া, মাটিত পোত যোৱা, পানীৰ ওপৰত খোজ কঢ়া আদি ক্ষমতা, এটা মৌল যেনে পৃথিৱীক আন এটা মৌল যেনে বায়ুলৈ সলনি কৰি এই কাৰ্যসমূহ সম্পন্ন কৰা হয়।৬ এইটো সম্ভৱ হোৱাৰ আগতে ব্যক্তিজনে কাচিনা ধ্যান আয়ত্ত কৰিব লাগিব।৬ বিশুদ্ধিমাগ্গৰ জৰিয়তে প্ৰশিক্ষণ লোৱা দীপা মায়ে এই ক্ষমতাসমূহ আয়ত্ত কৰা বুলি দাবী কৰিছিল যদিও তেওঁৰ দাবী কেতিয়াও স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হোৱা নাছিল।৭

শিক্ষক জীৱন

১৯৬৭ চনত তেওঁ ভাৰতলৈ উভতি আহে আৰু কলিকতালৈ গুচি যায় আৰু তাতেই তেওঁ ধ্যান-ধাৰণাৰ শিক্ষা দিয়ে।১ তেওঁৰ প্ৰথম আনুষ্ঠানিক ছাত্ৰী আছিল তেওঁৰ চুবুৰীয়া মালতী বৰুৱা, অকলে ছটা সৰু ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিবলৈ চেষ্টা কৰা এগৰাকী বিধৱা। যিকোনো পৰিৱেশতে জ্ঞান-প্ৰাপ্তি সম্ভৱ বুলি বিশ্বাস কৰি দীপা মায়ে এনে কিছুমান অনুশীলন উদ্ভাৱন কৰিছিল, যিবোৰ তেওঁৰ নতুন ছাত্ৰীগৰাকীয়ে ঘৰতে কৰিব পাৰিব।

১৯৭০ চনত তেওঁ চিলভিয়া বুৰষ্টেইন, জোচেফ গোল্ডষ্টেইন, জেক কৰ্ণফিল্ড, মিচেল লেভি আৰু শ্বেৰন ছালজবাৰ্গৰ শিক্ষয়িত্ৰী আছিল, যিসকল পিছলৈ আমেৰিকাত বিশিষ্ট শিক্ষক হৈছিল। ১৯৮০ চনৰ আৰম্ভণিতে দীপা মায়ে মেছাচুচেটছৰ বাৰেৰ ইনচাইট মেডিটেচন ছ'চাইটিত অধ্যাপনা কৰিছিল।৮

মৃত্যু

৭৮ বছৰ বয়সত ১৯৮৯ চনত ভাৰতৰ কলিকতাত১ গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিৰ আগত প্ৰণাম কৰি থকাৰ সময়তে তেওঁৰ মৃত্যু হয়। ইহসংসাৰত ভাৰত চৰকাৰৰ কৰ্মচাৰী কন্যা দীপা আৰু নাতি ঋষিক ইহসংসাৰত এৰি থৈ যায়৷

তথ্যসূত্ৰ

  1. ↑ (1 March 2003). Mother of Light: The Inspiring Story of Dipa Ma. Lion's Roar
  2. ↑ Dipananda, BD. (14 May 2014). Dipa Ma - An extraordinary female Buddhist master in the twentieth century. Buddhistdoor Limited
  3. ↑ Schmidt, Amy. (2005). Dipa Ma: The Life and Legacy of a Buddhist Master. BlueBridge. ISBN 9780974240558
  4. ↑ Enlightenment In This Lifetime: Meetings With A Remarkable Woman - An Interview With Dipa Ma. Tricycle: The Buddhist Review
  5. ↑ (2011). Yoga Powers. Brill. পৃ. 93. ISBN 9789004212145
  6. ↑ (2011). Yoga Powers. Brill. পৃ. 83–86. ISBN 9789004212145
  7. ↑ Schmidt, Amy. (2005). Dipa Ma. Windhorse Publications Ltd. পৃ. Chapter 9 At Home in Strange Realms
  8. ↑ Dipa Ma's Dharma Talks at Insight Meditation Society - Retreat Center. DharmaSeed

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপা মা” প্ৰবন্ধৰ সংশোধন ৬৩১২৬৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।