ইছলামী ধৰ্মীয় গুৰু
১১ প্ৰবন্ধ
-
আশ-শুৰা
আশ-শুৰা (الشورى, aš-šūrā, "পৰিষদ, পৰামৰ্শ") হৈছে কোৰআনৰ ৪২তম ছূৰা (অধ্যয়)। ইয়াৰ ৫৩টা আয়াত (পদ) আছে। ইয়াৰ শিৰোনামটো ৩৮ পদত উল্লেখ কৰা "শ্বুৰা" (পৰামৰ্শ) পৰা উদ্ভৱ হৈছে। এই শব্দটো কোৰআনৰ পাঠত (৪২:৩৮) আয়তত মাত্ৰ এবাৰহে দেখা গৈছে আৰু ইয়াৰ কোনো প্ৰাক-কোৰানৰ পূৰ্বসূৰী নাই।
-
চৈয়দ মাহবুব এ খোদা
চৈয়দ মাহবুব-এ-খোদা (১৪ ডিচেম্বৰ ১৯৪৯ – ২৮ ডিচেম্বৰ ২০২০), জনপ্ৰিয়ভাৱে দেৱানবাগী নামেৰে পৰিচিত, এজন বঙালী চুন্নী মুছলমান, চুফী সাধু, পণ্ডিত, লেখক, সংস্কাৰক, দাৰ্শনিক আৰু ইছলামৰ প্ৰচাৰক আছিল; তেওঁ নিজৰ ধৰ্ম দৰ্শনক মোহাম্মদী ইছলাম বুলি অভিহিত কৰিছিল। তেওঁ দেৱানবাগ শ্বৰীফৰ প্ৰতিষ্ঠাপক আছিল।
-
জাকিৰ নাইক
জাকিৰ আব্দুল কৰিম নাইক (Zakir Naik,; জন্ম: ১৮ অক্টোবৰ ১৯৬৫, মুম্বাই, ভাৰত) হ'ল এজন ভাৰতীয় ইছলামিক চিন্তাবিদ, ধৰ্ম প্ৰচাৰক, বক্তা আৰু লেখক; যিজনে ইছলাম আৰু তুলনামূলক ধৰ্মতত্ত্ব বিষয়ে কাম কৰে।
-
আব্দুল কাদিৰ জিলানী
শ্বেইখ আব্দুল কাদিৰ জিলানী ( ইংৰাজী: Sheikh Abdul Qadir Gilani উৰ্দু: عبدالقادر املي جيلاني ) আছিল এজন বিখ্যাত পাৰ্চী চুফী পণ্ডিত আৰু ইছলামৰ প্ৰচাৰক। (খ্ৰীষ্টপূৰ্ব ১০৭৭–১১৬৬) (হিজৰা বছৰ:৪৭০–৫৬১)। তেওঁৰ সম্পূৰ্ণ নাম আব্দুল কাদিল আল জিলানী ইবনে স্বালীহ ইবনে জাংগিদোষ্ট।
-
বু আলী শ্বাহ কালাণ্ডাৰ
শ্বেইখ চৈয়দ শ্বাৰফুদ্দিন বু আলী শ্বাহ কালাণ্ডাৰ পানীপতি, বু আলী কালাণ্ডাৰ নামেৰে বিখ্যাত (১২০৯–১৩২৪ খ্ৰীষ্টাব্দ), দিল্লী চুলতানীৰ ভাৰতৰ বৰ্তমানৰ হাৰিয়ানাৰ পানীপথত জন্মগ্ৰহণ কৰা আৰু ভাৰতত অধ্যাপনা কৰা ওৱেইছি অৰ্ডাৰৰ এজন কালাণ্ডাৰ আৰু চুফী সন্ত।
-
শ্বাহ কালিম আল্লাহ জাহানাবাদী
খোৱাজা শ্বাহ কালিম-উল্লাহ জাহানাবাদী (شاه كليم الله جهانابادي) বা নুৰ আল্লাহ বা আহমদ আল-মিমাৰ আল-ইদ্দিকী (১৬৫০-১৭২৯) মোগল যুগৰ শেষৰফালৰ এজন আগশাৰীৰ চিষ্টি সন্ত আছিল আৰু তেওঁক চিষ্টি ধাৰা আৰু মিৰ ছয়ীদ আলী হামাদানী ছুফী পন্থ পুনৰুজ্জীৱিত কৰাৰ সহায়ক বুলি গণ্য কৰা হয়।
-
আদম খাকী
আদম খাকী ( Adam Khaki), যাক খাকী পীৰ নামেৰেও জনা যায়, চতুৰ্দশ শতিকাৰ চিলেট অঞ্চলৰ এজন চুফী মুছলমান ব্যক্তি আছিল। চুফীসকলে তেওঁলোকৰ ধৰ্মপ্ৰচাৰ আৰু শিক্ষা বিস্তাৰৰ কাৰ্যক্ৰমৰ যোগেদি মুছলিম সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা যায়৷ ১৩০৩ চনত তেওঁ শ্বাহ জালালৰ নেতৃত্বত চিলেট বিজয়ৰ চূড়ান্ত যুদ্ধত…
-
আৰছাম কুদৰত এ খোদা
আৰছাম কুদৰত এ খোদা (জন্ম: ১৬ জুন ১৯৮৫) এজন ইছলামি পণ্ডিত, চুফী, লেখক আৰু ধৰ্মীয় নেতা। তেওঁ দেৱানবাগ শৰীফৰ পৰিচালক, যিটো এটা চুফী সংগঠন, য’ত তেওঁ মুহাম্মদী ইছলামৰ নীতিসমূহ শিক্ষা দিয়ে, মুৰাকাবা আৰু ইছলামী ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰাৰ জৰিয়তে আধ্যাত্মিক জাগৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
ইউছুফ এষ্টেছ
ইউছুফ এষ্টেছ (জন্ম: ১৯৪৪) এজন আমেৰিকান মুছলিম যাজক, যিজনে ১৯৯১ চনৰ পৰা খ্ৰীষ্টান ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। তেখেতে ১৯৯০ চনৰ পৰা "যুক্তৰাষ্ট্ৰ কাৰা ব্যুৰো" নামৰ প্ৰতিষ্ঠানৰ যাজক আছিল।
-
মুহিবুল্লাহ বাবুনগৰী
শ্বাহ মহম্মদ মুহিবুল্লাহ বাবুনাগৰী (শাহ মোহম্মদ মুহিব্বুল্লাহ বাবুনগব়ী, জন্ম ১৫ ফেব্ৰুৱাৰী ১৯৩৪) এজন দেওবন্দী ইছলামিক পণ্ডিত, ৰাজনীতিবিদ আৰু শিক্ষাবিদ। তেওঁ হেফাজাত-ই-ইছলাম বাংলাদেশৰ বৰ্তমান আৰু তৃতীয় আমিৰ, আল-জামিয়াতুল ইছলামিয়া আজিজুল উলুম বাবুনগৰৰ ৰেক্টৰ।
-
শ্বাহ চুলতান বালখী মহিছাৱাৰ
হজৰত ইব্ৰাহিম শ্বাহ চুলতান বাল্খী (শাহ সুলতান বলখী) বা মহিছাৱাৰ আছিল চৌধ্য শতিকাৰ এজন মুছলমান সন্ত। তেওঁ সন্দ্বীপ আৰু বগৰাত ইছলাম ধৰ্ম প্ৰচাৰৰ লগত জড়িত আছিল।