অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

শিৱপুৰী নাগাৰ্জুন ৰাষ্ট্ৰীয় উদ্যান

শিৱপুৰী নাগাৰ্জুন ৰাষ্ট্ৰীয় উদ্যান (Shivapuri Nagarjun National Park) নেপালৰ নৱমখন ৰাষ্ট্ৰীয় উদ্যান। ২০০২ চনত এই ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিষ্ঠা কৰা হয়। কাঠমাণ্ডু উপত্যকাৰ উত্তৰ প্ৰান্তত দেশখনৰ সোঁমাজত থকা পাহাৰত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত।

হালনাগাদ: ৩০ নৱেম্বৰ ২০২৪ ৪২৩ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

শিৱপুৰী নাগাৰ্জুন ৰাষ্ট্ৰীয় উদ্যান (Shivapuri Nagarjun National Park) নেপালৰ নৱমখন ৰাষ্ট্ৰীয় উদ্যান। ২০০২ চনত এই ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিষ্ঠা কৰা হয়। কাঠমাণ্ডু উপত্যকাৰ উত্তৰ প্ৰান্তত দেশখনৰ সোঁমাজত থকা পাহাৰত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। ২,৭৩২ মিটাৰ (৮,৯৬৩ ফুট) উচ্চতাৰ শিৱপুৰী শৃংগৰ নামেৰে ইয়াক নামকৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনে‍ কাঠমাণ্ডু, নুৱাকোট আৰু সিন্ধুপালচৌক জিলাৰ ১৫৯ বৰ্গ কিলোমিটাৰ (৬১ বৰ্গমাইল) এলেকা সামৰি লৈছে‍ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত ২৩খন গাঁও উন্নয়ন সমিতি আছে‍।১ পশ্চিমে এই উদ্যান ধাডিং জিলালৈকে বিস্তৃত।২

ইতিহাস

এই অঞ্চলটো সদায়েই এক গুৰুত্বপূৰ্ণ অৱবাহিকা হিচাপে বিবেচিত হৈ আহিছে। এই অৱবাহিকাই কাঠমাণ্ডু উপত্যকাক দৈনিক কেইবা লাখ ঘন লিটাৰ পানী যোগান ধৰে। ১৯৭৬ চনত এই অঞ্চলটোক সংৰক্ষিত জলবিভাজিকা আৰু বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ২০০২ চনত ইয়াক শিৱপুৰী ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰি অধিসূচনা প্ৰকাশ কৰা হৈছিল, আৰম্ভণিত ই ১৪৪ বৰ্গক‍িলোমিটাৰ (৫৬ বৰ্গ মাইল) অঞ্চলহে‍ আৱৰি আছিল।১ ২০০৯ চনত নাগাৰ্জুন সংৰক্ষিত বনাঞ্চলকো ইয়াৰ ভিতৰত সামৰি লোৱাৰ ফলত ইয়াৰ মাটিকালি আৰু ১৫ বৰ্গ কিলোমিটাৰ (৫.৮ বৰ্গ মাইল)লৈ সম্প্ৰসাৰিত হৈছিল।২

উদ্যানখনৰ ভিতৰত কিছু ঐতিহাসিক আৰু ধৰ্মীয় স্থান আছে। স্থানীয় লোকৰ লগতে‍ পৰ্যটকৰ বাবে ইয়াত এক জনপ্ৰিয় হাইকিং পথ আছে।৩

জলবায়ু

উদ্যানখন উপক্ৰান্তীয় আৰু নাতিশীতোষ্ণ জলবায়ুৰ মাজৰ পৰিৱৰ্তন অঞ্চলত অৱস্থিত। ইয়াত বাৰ্ষিক বৃষ্টিপাত প্ৰায় ১,৪০০ মিঃমিঃ (৫৫ ইঞ্চি‍)। বেছিভাগ বৃষ্টিপাত মে'-ছেপ্টেম্বৰৰ ভিতৰত হয়; ইয়াৰ ৮০% বাৰিষাৰ সময়ত হয়। শীতকালত তাপমাত্ৰা ২-১৭ ডিগ্ৰী চেলছিয়াছ (৩৬-৬৩ ফাৰেনহাইট)। গ্ৰীষ্মকালত তাপমাত্ৰা ১৯-৩০ চেলছিয়াছ (৬৬-৮৬ ফাৰেনহাইট)লৈকে‍ বৃদ্ধি পায়।

উদ্ভিদ

পাৰ্চী ৰেচম গছ উদ্যানখনত পোৱা যায়।
পাৰ্চী ৰেচম গছ উদ্যানখনত পোৱা যায়।ছবি: Kurt Stüber [1] · CC BY-SA 3.0

উদ্যানখনৰ সাধাৰণ উদ্ভিদকুল ১,০০০ মিটাৰৰ পৰা ১,৮০০ মিটাৰ (৩,৩০০ৰ পৰা ৫,৯০০ ফুট) উচ্চতাৰ মাজৰ পাহাৰীয়া অৰণ্যত পোৱা যায়। ই সামৰি লৈছে -

  • নিম্ন আৰু উচ্চ উপ-ক্ৰান্তীয় জৈৱ-জলবায়ু অঞ্চলত হিমালয়ৰ উপ-ক্ৰৰান্তীয় বহল পাতৰ অৰণ্যত স্কিমা-কেষ্টানোপচিছ -ৰ আধিপত্য আছে, দক্ষিণৰ শুকান পাহাৰত চিৰ পাইন আৰু নদীৰ কাষৰ এল্ডাৰ, বন্য হিমালয় চেৰী, এঞ্জেলহাৰ্ডিয়া আৰু ৰিং-কাপ্ড ওক আছে।
  • উত্তৰৰ ঢালবোৰত ৰ'ড'ডেণ্ড্ৰনৰ সৈতে মিশ্ৰিত ওক আৰু ল'ৰেল প্ৰধানকৈ বহল পাতৰ চিৰসেউজ প্ৰজাতিৰ সৈতে নিম্ন নাতিশীতোষ্ণ জৈৱ-জলবায়ু অঞ্চলত থকা পূব হিমালয়ৰ বহল পাতৰ অৰণ্য আছে।৪৫

অধিক উচ্চতাত বিভিন্ন ধৰণৰ ঔষধি উদ্ভিদ গজে‍। ৪ উদ্ভিদবিজ্ঞানীসকলে‍ ১২৯বিধ প্ৰজাতিৰ কাঠফুলা আৰু ২,১২২বিধ ফুলৰ প্ৰজাতি এই উদ্যানখনৰ পৰা লিপিৱদ্ধ কৰিছে। ইয়াৰ ভিতৰত আছে‍ ৪৪৯বিধ ভাস্কুলাৰ আৰু ১৬বিধ স্থানীয় উদ্ভিদ।১৬

জীৱ-জন্তু

শিৱপুৰী নাগাৰ্জুন ৰাষ্ট্ৰীয় উদ্যানৰ চৰাই
শিৱপুৰী নাগাৰ্জুন ৰাষ্ট্ৰীয় উদ্যানৰ চৰাইছবি: Sudan Shrestha · CC BY-SA 3.0
হিমালয়ান ক'লা ভালুকৰ পোৱালি
হিমালয়ান ক'লা ভালুকৰ পোৱালিছবি: Abu0804 · CC BY-SA 3.0

২০০২ চনৰ পৰা সংৰক্ষিত অঞ্চলটোৰ জীৱ-জন্তুৰ বৈচিত্ৰ্য নিৰ্ধাৰণৰ বাবে কেইবাটাও জৰীপ কৰা হৈছে। ২০০৩ চনৰ জুলাই মাহৰ পৰা ২০০৪ চনৰ জুলাই মাহত কৰা এক ক্ষেত্ৰ অধ্যয়নত ভাৰতীয় নাহৰফুটুকী বাঘ, জংঘলী মেকুৰী, বৃহৎ ভাৰতীয় চিভেট, সোণালী শিয়াল, হিমালয়ৰ ক'লা ভালুক, হালধীয়া ডিঙিৰ মাৰ্টেন, সৰু ভাৰতীয় নেউল, হিমালয়ৰ গোৰাল, ভাৰতীয় মুণ্টজাক, বনৰীয়া গাহৰি, মলুৱা বান্দৰ, হনুমান লেংগুৰ, চীনা পেঙ্গোলিন, ভাৰতৰ ক্ৰেষ্টেড শিয়াল, ৰয়েলচ পিকা, ভাৰতীয় হৰিণ, কমলা পেটৰ হিমালয়ৰ কাঠবিড়ালী, বনৰঙৰ মৌমাখি, হজছনৰ বাদামী-দাঁতযুক্ত শ্ৰিৰু আৰু ক'লা চিকা চিনাক্ত কৰা হৈছিল।৭ ২০১০ চনত কেমেৰা ট্ৰেপৰ দ্বাৰা গোধা-ফুটুকী বাঘ, লতামাকৰী বাঘ, মাস্কেড পাম চিভেট, ক্ৰেব-ইটিং মঙ্গুজ, ভাৰতীয় বন-ৰৌ, মলুৱা বান্দৰ আৰু হালধীয়া ডিঙিৰ মাৰ্টেনৰ ফটো পোৱা গৈছে‍।২

২০০৯ চনৰ গ্ৰীষ্মকালত উদ্যানখনৰ পশ্চিম অংশত সৰ্পবিশেষজ্ঞসকলে‍ চকৰিফেঁটী সাপ, হিমালয়ান কিলবেক, জলফাই অৰিয়েণ্টেল পাতল সাপ, হালধীয়া পেটৰ কৃমি-ভক্ষণ কৰা সাপ, বিভিন্ন ৰঙৰ পাহাৰীয়া টিকটিকি, অৰিয়েণ্টেল গাৰ্ডেন টিকটিকি, বহু কিলযুক্ত ঘাঁহৰ ছাল, ছিকিম স্কিন, ক'লা-মেৰুদণ্ডযুক্ত টোড, দীঘল ভৰিৰ ক্ৰিকেট ফ্ৰগ আৰু শিঙাল ফ্ৰগৰ সন্মুখীন হৈছিল।৮

পক্ষীবিজ্ঞানীসকলে ইউৰেছিয়ান ঈগল-আউল, শ্লেনডাৰ-বিল স্কিমিটাৰ-বাবলাৰ, হোৱাইট-গাৰ্গেটড ফ্লাইকেঁচাৰ, বাৰ্ড কোকো-ডোভ আৰু সোণালী ডিঙিৰ বাৰবেটকে ধৰি ৩১৮ বিধ প্ৰজাতিৰ চৰাইৰ নথি‍ভুক্ত কৰিছে।৯

অধিক পঢ়ক

  • পক্ষী সংৰক্ষণ নেপাল (2006) শিৱপুৰীৰ চৰাই। 318টা প্ৰজাতিৰ তথ্যৰ তালিকা। শিৱপুৰী ৰাষ্ট্ৰীয় উদ্যান, কাঠমাণ্ডুৰ সহযোগিতাত প্ৰকাশিত।

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ Bhuju, U. R.; Shakya, P. R.; Basnet, T. B.; Shrestha, S. (2007). Nepal Biodiversity Resource Book. Protected Areas, Ramsar Sites, and World Heritage Sites. Kathmandu: International Centre for Integrated Mountain Development, Ministry of Environment, Science and Technology, in cooperation with United Nations Environment Programme, Regional Office for Asia and the Pacific. ISBN 978-92-9115-033-5
  2. ↑ Pandey, B. P. (2010). A report on presence absence survey of clouded leopard (Neofelis nebulosa) in Shivapuri Nagarjun National Park, Nepal (Report). Submitted to Government of Nepal
  3. ↑ Kunwar, K. J. (2008). Payment for Environmental Services in Nepal (A Case Study of Shivapuri National Park, Kathmandu, Nepal). The Initiation. পৃ. 63–72
  4. ↑ Majupuria, T.C., Kumar, R. (1998). Wildlife, National Parks and Reserves of Nepal. S. Devi, Saharanpur and Tecpress Books, Bangkok. পৃ. 200–204. ISBN 974-89833-5-8
  5. ↑ Sigdel, S.R. (2009). Altitudinally coordinated pattern of plant community structure in the Shivapuri National Park, Nepal. Banko Janakari. পৃ. 11–17
  6. ↑ Maskey, N. (2008). Investing in Ecosystem Services: Opportunities and Challenges for Shivapuri National Park, Nepal. Lund University Centre for Sustainability Studies, Sweden
  7. ↑ Shrestha, B.; Basnet K. (2005). Indirect methods of identifying mammals: a case study from Shivapuri National Park, Nepal. Ecoprint. পৃ. 43–58
  8. ↑ Aryal, P. C., Pokhrel, G. K., Shah, K. B., Rijal, B., Kharel, S. C., Paudel, E., Suwal, M. K., Dhamala, M. K., Bhurtel, B. P. (2010). Inventory of Herpetofaunal Diversity In Nagarjun Forest of Shivapuri Nagarjun National Park. Companions for Amphibians and Reptiles of Nepal, Kathmandu, Nepal
  9. ↑ Bird Conservation Nepal. (2006). Birds of Shivapuri. Checklist of 318 reported species. Published in cooperation with Shivapuri National Park, Kathmandu

সম্পৰ্কিত শ্ৰেণী

আই ইউ চি এন শ্ৰেণী II

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱপুৰী নাগাৰ্জুন ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৪৯৯৮৩ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।