জামাইকাৰ ব্যক্তি
৭ প্ৰবন্ধ
-
বব মাৰ্লি
ৰবাৰ্ট নেষ্টা মাৰ্লি এগৰাকী জামাইকান গায়ক আৰু গীতিকাৰ যি এক আন্তৰ্জাতিক সংগীত শিল্পী হিচাপে খ্যাত। তেওঁৰ গীতত ৰেগে, স্কা আৰু ৰকষ্টিডিৰ মিশ্ৰণ দেখা যায়।. তেওঁ ১৯৬৩ত পৰিবেশন আৰম্ভ কৰিলে দ্য ৱেইলাৰ্ছৰ সৈতে, আৰু নিজৰ অনন্য গীত-লিখন তথা কণ্ঠকলাৰে সমগ্ৰ বিশ্বতে খ্যাতনামা হৈ পৰিল।
-
এমি বেইলী
এমি বেকফৰ্ড বেইলী (২৭ নৱেম্বৰ ১৮৯৫ – ৩ অক্টোবৰ ১৯৯০) আছিল এগৰাকী জামাইকাৰ শিক্ষাবিদ, সমাজকৰ্মী আৰু মহিলা অধিকাৰৰ সমৰ্থক। জামাইকাৰ সাহায্য সংস্থা ছেভ দ্য চিলড্ৰেনৰ তেওঁ সহ-প্ৰতিষ্ঠাপক আছিল আৰু দ্বীপটোত জন্ম নিয়ন্ত্ৰণ প্ৰৱৰ্তনৰ অভিযানৰ চালিকা শক্তি আছিল।
-
মে ফাৰকুহাৰচন
মে ফাৰকুহাৰছন অ' জে (May Farquharson OJ; ২৬ মাৰ্চ ১৮৯৪ – ২৯ জুন ১৯৯২) আছিল এগৰাকী জামাইকাৰ সমাজকৰ্মী, জন্ম নিয়ন্ত্ৰণৰ সমৰ্থক, দানশীল আৰু সংস্কাৰক। জামাইকান ফেমিলি প্লেনিং লীগ আৰু মাদাৰছ ৱেলফেয়াৰ ক্লিনিকৰ প্ৰতিষ্ঠাপক হিচাপেও তেওঁ বৃদ্ধ বয়স পেঞ্চন কাৰ্যসূচীৰ চালিকা শক্তি আছিল।
-
মেৰী মৰিছ নিব
মেৰী মৰিছ নিব, এম বি ই (Mary Morris Knibb MBE; ২৮ ফেব্ৰুৱাৰী ১৮৮৬ – ২১ ছেপ্টেম্বৰ ১৯৬৪) এগৰাকী জামাইকাৰ শিক্ষক, সমাজ সংস্কাৰক আৰু দানকৰোঁতা। তেখেতে মৰিছ নিব প্ৰিপেৰেটৰী স্কুল প্ৰতিষ্ঠা কৰিছিল আৰু এটা অট্টালিকা দান কৰিছিল যিটো জামাইকাৰ মোৰাভিয়ান গীৰ্জাৰ মুখ্য কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা হয় আৰু…
-
লিজা হান্না
লিজা ৰেনে শান্তি হান্না (Lisa Rene Shanti Hanna; জন্ম: ২০ আগষ্ট ১৯৭৫) এগৰাকী জামাইকাৰ ৰাজনীতিবিদ আৰু সৌন্দৰ্য্য ৰাণী যি ১৯৯৩ চনৰ বিশ্বসুন্দৰীৰ মুকুট পিন্ধিছিল আৰু এই খিতাপ দখল কৰা তৃতীয়জন জামাইকান হিচাপে পৰিগণিত হৈছিল।
-
শ্বেকেলিয়া জেকচন
শ্বেকেলিয়া জেকচন (Shackelia Jackson; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮২) এগৰাকী জামাইকাৰ মানৱ অধিকাৰ কৰ্মী যি ২০১৪ চনত তেওঁৰ ভাতৃৰ মৃত্যুৰ পিছত ন্যায়ৰ বাবে প্ৰচাৰ চলাইছিল৷
-
হেজেল মণ্টেইথ
হেজেল কনুপে মণ্টেইথ (Hazel Conupe Monteith, ১৯ জুন ১৯১৭ – ২২ মে' ২০১২) আছিল এগৰাকী আফ্ৰিকান-জামাইকান গ্ৰাহক অধিকাৰৰ সমৰ্থক, ৰেডিঅ' ব্যক্তিত্ব আৰু সমাজকৰ্মী।