অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিঅ'নাৰ্ড' দা ভিন্সি

লেয়নাৰ্দ’ দি ছেৰ পিয়েৰ’ দা ৱিঞ্চি (Leonardo di ser Piero da Vinci,; ১৫ এপ্ৰিল ১৪৫২ – ২ মে ১৫১৯) আছিল ইতালীয় নৱজাগৰণ যুগৰ এজন বহুমুখী প্ৰতিভাৰ ব্যক্তি: একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ্যবিদ, স্থপতিবিদ, সঙ্গীতজ্ঞ, বিজ্ঞানী, গণিতজ্ঞ, অভিযন্তা, উদ্ভাৱক, শৰীৰবিজ্ঞানী, ভূবিজ্ঞানী, উদ্ভিদ বিশেষজ্ঞ আৰু লেখক।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৯৪৮ শব্দ · ৫ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

লেয়নাৰ্দ’ দি ছেৰ পিয়েৰ’ দা ৱিঞ্চি (Leonardo di ser Piero da Vinci,; ১৫ এপ্ৰিল ১৪৫২ – ২ মে ১৫১৯) আছিল ইতালীয় নৱজাগৰণ যুগৰ এজন বহুমুখী প্ৰতিভাৰ ব্যক্তি: একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ্যবিদ, স্থপতিবিদ, সঙ্গীতজ্ঞ, বিজ্ঞানী, গণিতজ্ঞ, অভিযন্তা, উদ্ভাৱক, শৰীৰবিজ্ঞানী, ভূবিজ্ঞানী, উদ্ভিদ বিশেষজ্ঞ আৰু লেখক। "জিনিয়াছ" আখ্যা দিয়া এইজন ব্যক্তিয়ে সম্ভৱ সমসাময়িক আন সকলো ব্যক্তিতকৈ বেছি নৱজাগৰণৰ মানৱতাবাদী আদৰ্শক দাঙি ধৰিছিল। লিঅ'নাৰ্ড'ক প্ৰায়েই "অদম্য অনুসন্ধিৎসু মন" আৰু "অসম্ভৱ কল্পনাশক্তি" সমৃদ্ধ বহুমুখী দক্ষতাৰ প্ৰতিভূৰূপে অভিহিত কৰা হয়।১ তেওঁক সৰ্বকালৰ এজন মহান চিত্ৰশিল্পী হিছাপে আৰু সম্ভৱতঃ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা সকলোতকৈ প্ৰতিভাশালী ব্যক্তি হিছাপে গণ্য কৰা হয়।২ চিত্ৰ ইতিহাসবিদ হেলেন গাৰ্ডনাৰৰ মতে তেওঁৰ আগ্ৰহৰ পৰিসীমা আছিল নজিৰবিহীন আৰু "তেওঁৰ মন আৰু ব্যক্তিত্ব আমাৰ বাবে অতিমানৱীয় যেন লাগে। "১ মাৰ্ক' ৰচিয়ে অৱশ্যে আঙুলিয়াই দিছে যে লিঅ'নাৰ্ডক লৈ অতি চৰ্চা হ'লেও তেওঁৰ বিশ্বদৰ্শন ৰহস্যজনক হোৱাৰ বিপৰীতে যুক্তিসম্পন্ন আছিল, আৰু তেওঁ অৱলম্বন কৰা পৰীক্ষা-লব্ধ পদ্ধতিবোৰ সেই সময়ৰ হিছাপত অসাধাৰণ আছিল।৩

এজন আইনৰ বিষয়া পিয়েৰ' দা ভিন্সি আৰু কৃষক মহিলা কেটেৰিনাৰ বিবাহৰ পূৰ্বেই ইটালীৰ ফ্ল'ৰেঞ্চ প্ৰদেশৰ ভিন্সিত লিঅ'নাৰ্ড'ৰ জন্ম হৈছিল। ফ্ল'ৰেঞ্চৰ বিখ্যাত চিত্ৰকৰ ভেৰ'চ্চিঅ'ৰ ষ্টুডিঅ'ত লিঅ'নাৰ্ড'ই শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক কৰ্ম জীৱনৰ বেছিভাগ সময় মিলানৰ লুড'ভিক' ইল ম'ৰ'ৰ সেৱাত পাৰ হৈছিল। জীৱনৰ শেষ সময় তেওঁ ফ্ৰান্সত ফ্ৰান্সিছ প্ৰথমে দিয়া এটা ঘৰত পাৰ কৰিছিল।

লিঅ'নাৰ্ড ঘাইকৈ চিত্ৰশিল্পীৰূপে প্ৰসিদ্ধ।২ তেওঁৰ চিত্ৰকৰ্মৰ ভিতৰত "ম'না লিছা" হৈছে সকলোতকৈ বিখ্যাত আৰু দা লাষ্ট চাপাৰ হৈছে সকলোতকৈ বেছি পুনঃঅঙ্কিত ধৰ্মীয় চিত্ৰ। কেৱল মাইকেলেঞ্জেল'ৰ দা ক্ৰিয়েচন অৱ আডামএহে সেই যশ স্পৰ্শ কৰিব পাৰিছে।১ লিঅ'নাৰ্ড'ৰ দা ভিট্ৰুভিয়ান মেনৰ অংকনকো এক সাংস্কৃতিক প্ৰতীক হিছাপে গণ্য কৰা হয়,৪ ইউৰো, পাঠ্যপুথি আৰু টি-ছাৰ্টৰ দৰে সামগ্ৰীত ই স্থান পাইছে। তেওঁৰ পোন্ধৰখন ছবি এতিয়া পোৱা যায়; সম্ভৱ তেওঁৰ নিৰন্তৰ নতুন কৌশলৰ পৰীক্ষা আৰু কাম পিছলৈ পেলাই থোৱা অভ্যাস এই কম সংখ্যাৰ বাবে দায়ী।৫ এইখিনি আৰু তেওঁৰ নক্সা, বৈজ্ঞানিক চিত্ৰ, ছবি সম্পৰ্কে তেওঁৰ ধাৰণা সম্বিলিত টোকাবহীবোৰে পিছৰ প্ৰজন্মৰ শিল্পীসকলক বাৰুকৈ প্ৰভাৱিত কৰিছে যাৰ প্ৰতিদ্বন্দ্ব্বিতা কেৱল তেওঁৰ সমসাময়িক মাইকেলেঞ্জেল'ইহে কৰিব পাৰিছে।

লিঅ'নাৰ্ড'ৰ প্ৰযুক্তিমূলক উদ্ভাৱনবোৰো আছিল অসাধাৰণ।২ তেওঁ হেলিকপ্টাৰ, টেঙ্ক, সৌৰ শক্তি. কেলকুলেটৰ, আৰু প্লেট টেক্‌টনিক্‌ছৰ ধাৰণা আগবঢ়াইছিল।৬ তেওঁৰ ৰূপাঙ্কনসমূহৰ অতি কম সংখ্যকহে সেই কালত সজা হৈছিল।৭ কিন্তু তেওঁৰ সৰু কিছুমান উদ্ভাৱন যেনে স্বয়ংক্ৰিয় ববিন ৱাইণ্ডাৰ আৰু তাঁৰৰ শক্তি পৰীক্ষা কৰা সঁজুলি সহজেই বাণিজ্যিক জগতত প্ৰবেশ কৰিছিল।৮ এনাটমী, অসামৰিক অভিযান্ত্ৰিক বিদ্যা, আলোকবিদ্যা আৰু হাইড্ৰ'ডাইনামিক্‌ছ বিষয়তো তেওঁ কিছুমান গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিছিল যদিও সেইবোৰ প্ৰকাশ কৰা নাছিল আৰু সেইবোৰে পিছৰ কালৰ বিজ্ঞানত কোনো প্ৰভাৱ পেলোৱা নাছিল।৯

গ্ৰন্থপঞ্জী

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Gardner, Helen. (1970). Art through the Ages. পৃ. 450–456
  2. ↑ Vasari, Boltraffio, Castiglione, "Anonimo" Gaddiano, Berensen, Taine, Fuseli, Rio, Bortolon
  3. ↑ Rosci, Marco. (1977). Leonardo. পৃ. 8
  4. ↑ Vitruvian Man is referred to as "iconic" at the following websites and many others:Vitruvian Man, Fine Art Classics, Key Images in the History of Science; Curiosity and difference; The Guardian: The Real da Vinci Code
  5. ↑ পোন্ধৰখন ছবি সম্পূৰ্ণ বা আংশিকভাৱে লিঅ'নাৰ্ড'ই অঁকা বুলি ইতিহাসবিদসকলে ঠাৱৰ কৰে। এই পোন্ধৰখন ছবিৰ ভিতৰত আছে পেনেলত অঁকা ছবি, এখন মুৰেল, কাগজত অঁকা এখন ডাঙৰ নক্সা আৰু প্ৰাৰম্ভিক পৰ্যায়ত থকা দুখন ছবি। ইয়াৰ বাহিৰেও আন কিছুমান কৰ্ম লিঅ'নাৰ্ড'ৰ বুলি ধাৰণা কৰা হয়।
  6. ↑ The Controversial Replica of Leonardo's Adding Machine
  7. ↑ আধুনিক ধাতুবিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যা নৱজাগৰণৰ সময়ত চালুকীয়া পৰ্যায়ত আছিল।
  8. ↑ ভিন্সিৰ সংগ্ৰহালয়ত লিঅ'নাৰ্ড'ৰ কেতবোৰ উদ্ভাৱন সক্ৰিয় মডেল হিচাপে প্ৰদৰ্শন কৰা হয়।
  9. ↑ Capra, pp.5–6

সম্পৰ্কিত শ্ৰেণী

ইটালীৰ ব্যক্তিচিত্ৰশিল্পীস্থপতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিঅ'নাৰ্ড' দা ভিন্সি” প্ৰবন্ধৰ সংশোধন ৬৩০৮৩৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।