লোক নৃত্যশিল্পী
১৩ প্ৰবন্ধ
-
লা মেৰী
লা মেৰী (জন্ম: ৰাছেল মেৰিৱেদাৰ হিউজ জুনিয়ৰ; ১৩ মে’ ১৮৯৯ – ৭ জানুৱাৰী ১৯৮৮) এগৰাকী আমেৰিকান জনগোষ্ঠীয় নৃত্যশিল্পী, ক’ৰিওগ্ৰাফাৰ, শিক্ষয়িত্ৰী, কবি আৰু নৃবিজ্ঞানী আছিল। তেওঁ নিজৰ কামত বহু দেশৰ নৃত্য শৈলী, বিশেষকৈ স্পেইন আৰু ভাৰতৰ নৃত্যশৈলীৰ সংমিশ্ৰণ ঘটাইছিল।
-
অডেট কৰ্টেজ
ওডেট মেৰিনা কৰ্টেজ পালাচিঅ’চ (জন্ম ২৭ মে' ১৯৮৭) এগৰাকী পানামানিয়ান ক'ৰিওগ্ৰাফাৰ, নৃত্যশিল্পী আৰু লোক-সংস্কৃতিবিদ। তেওঁ 'ফোকলোৰ ডান্স ষ্টুডিঅ’'ৰ এগৰাকী অংশীদাৰ আৰু প্ৰতিষ্ঠাপক।
-
আমিনা দিলবাজী
আমিনা পাশা কিজি দিলবাজী (আজেৰবাইজানী: Əminə Dilbazi; ২৬ ডিচেম্বৰ ১৯১৯ – ৩০ এপ্ৰিল ২০১০) এগৰাকী আজেৰবাইজানী লোক-নৃত্যশিল্পী আছিল।
-
চাকিনুৰ-আইন ডেলাছাছ
হাজ্জা চাকিনুৰ-আইন মুগং ডেলাছাছ (জন্ম: ২ ছেপ্টেম্বৰ ১৯৫৪) এগৰাকী ফিলিপিনো লোক নৃত্যশিল্পী, যি ‘ইগাল’ নামৰ ছামা নৃত্যত বিশেষজ্ঞ।
-
ছিলভিনা ফাবাৰ্ছ
ছিলভিনা ফাবাৰ্ছ (২২ ফেব্ৰুৱাৰী ১৯৪৪ – ৩১ মাৰ্চ ২০২৫) এগৰাকী কিউবান লোক-নৃত্যশিল্পী আৰু বেলাৰিনা আছিল। তেওঁ কিউবাৰ ৰাষ্ট্ৰীয় লোক-নৃত্য দলৰ প্ৰধান নৃত্যশিল্পী আৰু লেটিন আমেৰিকা তথা ইউৰোপৰ এজন প্ৰখ্যাত লোক-নৃত্য প্ৰশিক্ষক আছিল।
-
জেন ফাৰৱেল
জেন ফাৰৱেল (১৮ জানুৱাৰী ১৯১৬ – ৬ এপ্ৰিল ১৯৯৩) এগৰাকী আমেৰিকান লোক-নৃত্য আৰু মনোৰঞ্জন প্ৰশিক্ষক আছিল। তেওঁ বিশেষকৈ স্ক্যাণ্ডিনেভিয়ান নৃত্যত বিশেষজ্ঞ আছিল।
-
ডি. ৰায় হোৱাইট
ডোনাল্ড ৰায় হোৱাইট (১৭ এপ্ৰিল ১৯২৭ – ২ জুলাই ১৯৮৫) এজন আমেৰিকান পাহাৰীয়া নৃত্যশিল্পী আৰু মনোৰঞ্জনকাৰী আছিল। তেওঁ হোৱাইট পৰিয়ালৰ মুৰব্বী আছিল। হোৱাইট পৰিয়ালৰ বিষয়ে সবিশেষ বৰ্ণনা কৰা কেইবাখনো আমেৰিকান তথ্যচিত্ৰত তেওঁক প্ৰদৰ্শন কৰা হৈছে।
-
ফাৰ্জানেহ কাবোলী
ফাৰ্জানেহ কাবোলী (জন্ম ২ মে' ১৯৪৯) এগৰাকী ইৰানী নৃত্যশিল্পী, ক'ৰিওগ্ৰাফাৰ আৰু অভিনেত্ৰী। তেওঁ ইৰানী লোক-নৃত্য আৰু ৰাষ্ট্ৰীয় নৃত্যকলাৰ এগৰাকী অগ্ৰণী ব্যক্তি। ইয়াৰ উপৰি তেওঁ ইৰানী থিয়েটাৰ জগতৰ এগৰাকী দক্ষ ক'ৰিওগ্ৰাফাৰ।
-
ফ্ৰান্সিস্কা ৰেয়েছ-একুইনো
ফ্ৰান্সিস্কা ৰেয়েছ-একুইনো (ইংৰাজী: Francisca Reyes-Aquino; ৯ মাৰ্চ ১৮৯৯ – ২১ নবেম্বৰ ১৯৮৩) এগৰাকী ফিলিপিনো লোক-নৃত্যশিল্পী আৰু শিক্ষাবিদ আছিল। তেওঁ ফিলিপাইনৰ লোক-নৃত্যৰ ওপৰত কৰা গৱেষণাৰ বাবে বিশেষভাৱে পৰিচিত। তেওঁ ৰিপাব্লিক এৱাৰ্ড অৱ মেৰিট আৰু ৰমন মেগছেছে বঁটা লাভ কৰিছিল।
-
ব্যটৌটাছ বেলিয়াজুছ
ব্যটৌটাছ ফিনাদাৰ "ব্যটছ" বেলিয়াজুছ (২৬ ফেব্ৰুৱাৰী ১৯০৮ – ২০ ছেপ্টেম্বৰ ১৯৯৪) এজন নৃত্যশিল্পী, লোক-নৃত্য প্ৰশিক্ষক আৰু ক'ৰিওগ্ৰাফাৰ আছিল। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় লোক-নৃত্যৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হয়।
-
মোৰেনা চেলৰী
মোৰেনা চেলৰী (২০ এপ্ৰিল ১৯২২ – ২২ এপ্ৰিল ১৯৭২) এগৰাকী এল ছেলভাডৰৰ লোক-নৃত্যশিল্পী আছিল। তেওঁ চান ছেলভাডৰত জন্মগ্ৰহণ কৰিছিল আৰু অতি কম বয়সৰ পৰাই নৃত্য জীৱন আৰম্ভ কৰিছিল। চেলৰীয়ে সমগ্ৰ পশ্চিমীয়া বিশ্বত অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু নিজৰ দেশত এখন লোক-নৃত্যৰ বিদ্যালয় স্থাপন কৰিছিল।
-
হুল্ডা গাৰবৰ্গ
হুল্ডা গাৰবৰ্গ (২২ ফেব্ৰুৱাৰী ১৮৬২ – ৫ নবেম্বৰ ১৯৩৪) এগৰাকী নৰৱেজিয়ান লেখিকা, ঔপন্যাসিক, নাট্যকাৰ, কবি, লোক-নৃত্যশিল্পী আৰু নাট্য প্ৰশিক্ষক আছিল। তেওঁ আৰ্নে গাৰবৰ্গৰ পত্নী আছিল। বৰ্তমান তেওঁক নৰৱেৰ পৰম্পৰাগত সাজ-পাৰ বোনাডৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ বৃদ্ধি কৰা ব্যক্তিগৰাকী হিচাপে জনা যায়।
-
ৰ'জিতা বাল্টাজাৰ
ৰ'জিতা বাল্টাজাৰ (১৬ আগষ্ট ১৯৬০ – ৬ জুলাই ২০১৫) এগৰাকী বেলিজিয়ান ক'ৰিওগ্ৰাফাৰ, নৃত্যশিল্পী, নৃত্য নিৰ্দেশক আৰু বেলিজ নেচনেল ডান্স কোম্পানীৰ প্ৰতিষ্ঠাপক সহকাৰী সঞ্চালক আছিল। ২০০৪ চনত এজন নৃত্য দূত হিচাপে তেওঁক লৰ্ড ৰাবাৰ্ণ মিউজিক এৱাৰ্ড প্ৰদান কৰা হয়।