অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

চিং ৰাজবংশ

চিং ৰাজবংশ (清朝, Qīng Cháo) আছিল চীনৰ ইতিহাসৰ অন্তিম ৰাজবংশ, যিয়ে ১৬৪৪ খ্ৰীষ্টাব্দৰ পৰা ১৯১২ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। ই ম্যানচু জাতিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াক চীনৰ এখন বিস্তৃত আৰু বৈচিত্ৰ্যপূৰ্ণ সাম্ৰাজ্য হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চিং ৰাজবংশ (清朝, Qīng Cháo) আছিল চীনৰ ইতিহাসৰ অন্তিম ৰাজবংশ, যিয়ে ১৬৪৪ খ্ৰীষ্টাব্দৰ পৰা ১৯১২ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। ই ম্যানচু জাতিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াক চীনৰ এখন বিস্তৃত আৰু বৈচিত্ৰ্যপূৰ্ণ সাম্ৰাজ্য হিচাপে গণ্য কৰা হয়।১

স্থাপনা

চিং ৰাজবংশৰ আৰম্ভণি মাঞ্চুৰিয়াৰ নুৰহাচি আৰু তেওঁৰ পুত্ৰ হুং টাইজিৰ হাতত হয়। ১৬৪৪ চনত লী জিচেংৰ বিদ্ৰোহৰ সুযোগ লৈ চিং সেনাই পেকিং দখল কৰে আৰু মিং ৰাজবংশৰ পতনৰ পাছত চীনৰ ওপৰত আধিপত্য স্থাপন কৰে।২

ৰাজনীতি আৰু সমাজ

চিং ৰাজত্বত ম্যানচুসকলে চীনৰ হান জাতিৰ ওপৰত শাসন কৰিছিল। তেওঁলোকে দুয়ো জাতিৰ লোকক চৰকাৰত অন্তৰ্ভুক্ত কৰিছিল। আঠটি পতাকা পদ্ধতি চিং সাম্ৰাজ্যৰ সামৰিক আৰু ৰাজনৈতিক সংগঠনৰ আধাৰ আছিল।৩

শাসকৰ কিছুজন প্ৰসিদ্ধ নাম

  • কাংজি সম্ৰাট (শাসন: ১৬৬১–১৭২২): দীঘলতম শাসনকাৰী; গৱেষণা, ভূগোল, বিজ্ঞানৰ পৃষ্ঠপোষকতা কৰিছিল।
  • ছিয়েনলং সম্ৰাট (১৭৩৫–১৭৯৬): চিং সাম্ৰাজ্যৰ বিস্তৃতি আৰু সংস্কৃতিৰ শ্ৰেষ্ঠ যুগ।
  • গুংজি সম্ৰাট আৰু সীশি ৰাজমাতৃ: ১৯শ শতিকাৰ শেষভাগত ৰাজনৈতিক সংস্কাৰৰ চেষ্টা।

বিদেশী শক্তিৰ প্ৰভাৱ আৰু যুদ্ধ

চিং ৰাজত্বৰ পিছৰ ভাগত ইংগ-চীন যুদ্ধ (Opium Wars), টাইপিং বিদ্ৰোহ, বক্সাৰ বিদ্ৰোহ আদি ঘটনাই সাম্ৰাজ্যটোক দুৰ্বল কৰি তোলে। পশ্চিমা উপনিবেশবাদ আৰু অভ্যন্তৰীণ সংকটৰ ফলত চিং ৰাজত্ব দিনক দিনে জৰ্জড়িত হয়।৪

পতন

১৯১১-১২ চনৰ চীন বিপ্লৱৰ পিছত সুন ইয়াত-সেনৰ নেতৃত্বত চিং ৰাজত্বৰ অন্ত ঘটে আৰু চীন গণপ্ৰজাতন্ত্ৰৰ প্ৰথম যুগ আৰম্ভ হয়। পু ইয়ি, চিং ৰাজবংশৰ শেষ সম্ৰাট আছিল।৫

ঐতিহ্য

চিং ৰাজত্ব চীনৰ ইতিহাসৰ অন্তিম সাম্ৰাজ্য যুগ আছিল। এই ৰাজত্বৰ সংস্কৃতি, শিল্প, আৰু ৰাজনৈতিক পৰিকল্পনাই আধুনিক চীনলৈ গভীৰ প্ৰভাৱ পেলাই গৈছে।

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Qing dynasty. Encyclopedia Britannica
  2. ↑ Elliott, Mark C. (2001). The Manchu Way: The Eight Banners and Ethnic Identity in Late Imperial China. Stanford University Press. ISBN 978-0-8047-4017-5
  3. ↑ Eight Banners System. Encyclopedia Britannica
  4. ↑ Spence, Jonathan D. (1990). The Search for Modern China. W.W. Norton & Company. ISBN 978-0-393-30780-1
  5. ↑ Fall of the Qing dynasty. Encyclopedia Britannica

সম্পৰ্কিত শ্ৰেণী

ইতিহাসচীনৰ ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিং ৰাজবংশ” প্ৰবন্ধৰ সংশোধন ৬৩০৮৫১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।